সাৱধান মহানগৰবাসী ! ডেংগিক প্ৰতিহত কৰাৰ বাবে গুৱাহাটী পৌৰ নিগম আৰু ৰাজ্যৰ বিয়াগোম স্বাস্থ্য বিভাগৰ হাতত নাই পৰ্যাপ্ত ফ'গিং মেচিন

foging

নিউজ ডেস্ক :
গ্ৰীষ্মৰ লগে লগে গুৱাহাটীৰ মহানগৰীত প্ৰতি বছৰে দেখিবলৈ পোৱা যায় ডেংগি মহৰ উপদ্ৰৱ। প্ৰতিবছৰে ডেংগিত আক্রান্তহৈ চিকিৎসাধীন হব লগা হয় মহানগৰৰ বহু সংখ্যক ব্যক্তি। তাৰে কিছুসংখ্যক ব্যক্তি ডেংগিত আক্রান্ত হৈ মৃত্যু পৰ্যন্ত হয়। কিন্তু ইমানৰ পাছতো গুৱাহাটী পৌৰ নিগম আৰু ৰাজ্যৰ বিয়াগোম স্বাস্থ্য বিভাগৰ বিশেষ তৎপৰতা নাই ডেংগিক প্ৰতিহত কৰাৰ বাবে।

এইবাৰো মহানগৰীত ইতিমধ্যে আৰম্ভ হৈছে ডেংগিৰ প্ৰাদুৰ্ভাৱ।সমগ্ৰ মহানগৰীৰ মুঠ ৩১টা ৱাৰ্ডত পৌৰ নিগমৰ তত্বৱধানত ৰাজ্যৰ স্বাস্থ্য বিভাগে ইতিমধ্যে ডেংগিক প্ৰতিহত কৰাৰ বাবে ফ'গিংৰ প্ৰথম ৰাউণ্ডৰ কাম শেষ কৰিছে যদিও ইয়াৰ ব্যৱহাৰৰ নিয়ম অনুসৰি সম্পাদন কৰিব পৰা নাই ।কাৰণ স্বাস্থ্যৰ বিভাগৰ নিয়ম অনুসৰি প্ৰতি ১৩দিনৰ মূৰে মূৰে ফ'গিং কৰিব লাগে।কিন্তু পৰিততাপৰ কথা বৰ্তমান সময়ত স্বাস্থ্যৰ বিভাগৰ নিয়ম অনুসৰি ফ'গিং কৰিবলৈ পয্যাপ্ত মেচিন নাই গুৱাহাটীৰ পৌৰ নিগম আৰু ৰাজ্যৰ বিয়াগোম স্বাস্থ্যৰ বিভাগৰ হাতত। স্বাস্থ্য বিভাগৰ খবৰ অনুসৰি গুৱাহাটীৰ পৌৰ নিগমৰ ২০টা আৰু স্বাস্থ্য বিভাগৰ ১৬টা মেচিন সহ বৰ্তমান সময়ত মাত্ৰ ৩৬টাহে ফ'গিং মেচিন মজুত আছে। কিন্তু পৰিত্ৰাপৰ কথা এই যে মজুত থকা এই ৩৬ টা মেচিনৰো বৰ্তমান সময়ত সক্ষম অৱস্থাত আছে মাত্ৰ ২৬টা মেচিনহে। এই ২৬টা  মেচিনেই বৰ্তমান সমগ্ৰ গুৱাহাটী মহানগৰীতে ব্যৱহৃত হয় আহিছে । অৰ্থাৎ গুৱাহাটীৰ পৌৰ নিগমৰ  ১০ টা ফ'গিং মেচিন বৰ্তমান সময়ত বিকল হৈ আছে।

যাৰ বাবে ফ্রগিং মেচিন বৰ্তমান সময়ত নিয়ম অনুসৰি ব্যৱহাৰ কৰিব পৰা হোৱা নাই সমগ্ৰ মহানগৰীত। ইফালে স্বাস্থ্য বিভাগৰ এক সূত্ৰই জানিবলৈ দিয়া অনুসৰি দ্বিতীয় ৰাউণ্ডৰ ফ'গিংৰ কাম  ১১আৰু ১২ নম্বৰ ৱাৰ্ডত অহা ১০ জুনৰ ভিতৰত সম্পূৰ্ন হ'ব যদিও বাকী সমূহ ৱাৰ্ডত সম্পূৰ্ন হবলৈ এতিয়াও বহুত সময়ৰ প্ৰয়োজন হ'ব বুলি জানিব পৰা গৈছে।

এতিয়া প্ৰশ্ন হয় এই সীমিত সংখ্যক ফ'গিং মেচিনেৰে গুৱাহাটীবাসীক আগন্তক দিনত ডেংগিৰ পৰা কেনেকৈ ৰক্ষা কৰিব  হিমন্ত বিশ্ব শৰ্মাৰ স্বাস্থ্য বিভাগ আৰু গুৱাহাটীৰ পৌৰ নিগমে । বৰ্তমান সময়ত সচেতন মহলৰ ই এক  চিন্তাৰ বিষয় হৈ পৰিছে।

Your Comments