নিউজ ডেস্ক:
অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী জগন মোহন ৰেড্ডীয়ে তেওঁৰ মন্ত্ৰীসভাত ৫ টা সম্প্ৰদায়ৰ ৫ জন উপমুখ্যমন্ত্ৰীৰ অন্তৰ্ভুক্তিৰ এটা ব্যতিক্ৰমী সিদ্ধান্ত গ্ৰহণ কৰিছে।
শনিবাৰে গঠন হ'বলগীয়া ২৫ জনীয়া মন্ত্ৰীসভাত অনুসূচিত জাতি,অনুসূচিত জনজাতি,পিছপৰা শ্ৰেণী,সংখ্যালঘু সম্প্ৰদায় আৰু কাপু সম্প্ৰদায়ৰ ৫ জন উপমুখ্যমন্ত্ৰী থাকিব।উল্লিখিত সম্প্ৰদায়সমূহৰ মাজত ৱাইএছআৰ কংগ্ৰেছৰ ভেঁটি অধিক মজবুত কৰাৰ লক্ষ্যৰে জগন মোহন ৰেড্ডীয়ে এই বিশেষ সিদ্ধান্ত গ্রহণ কৰিছে বুলি ভবাৰ থল আছে।
- Log in to post comments
- 38 views