প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান খগেন শৰ্মাৰ বিৰুদ্ধে চিবিআইৰ তদন্তৰ নিৰ্দেশ

khagen sarma

নিউজ ডেস্ক :

ভূমি অধিগ্ৰহণৰ গোচৰত অভিযুক্ত ৰাজ্যৰ প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান খগেন শৰ্মাৰ বিৰুদ্ধে চিবিআইৰ তদন্তৰ নির্দেশ দিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে।সঞ্চালক প্ৰধানগৰাকীৰ লগতে তেওঁৰ পত্নীৰ বিৰুদ্ধেও আজি চিবিআইৰ তদন্তৰ নির্দেশ দিয়ে গুৱাহাটীৰ উচ্চ ন্যায়ালয়ে। 


উল্লেখ্য যে প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান খগেন শৰ্মা আৰু তেওঁৰ পত্নীৰ বিৰুদ্ধে ২০১০ চনতে ভূমি অধিগ্ৰহণ কৰাৰ সন্দৰ্ভত পল্টন বজাৰ থানাত গোচৰ তৰিছিল মাগনি দেৱী জৈন নামৰ এগৰাকী মহিলাই।সেই গোচৰৰে তদন্তৰ বাবে উচ্চ ন্যায়ালয়ে নির্দেশ প্ৰদান কৰিছে চিবিআইক।

Your Comments