নিউজ ডেস্ক :
পূৰ্বৰ বছৰৰ দৰে এইবাৰো অহা ২২ জুনৰ পৰা ২৬ জুনলৈকে নীলাচল পাহাৰৰ বুকুত অৱস্থিত শক্তিপীঠ মা-কামাখ্যাত অনুষ্ঠিত হ'ব অম্বুবাচী মেলা।ইতিমধ্যে অম্বুবাচী মেলাক লৈ তৎপৰতা বৃদ্ধি পাইছে মহানগৰ প্ৰশাসনৰ। অম্বুবাচীৰ সময়ত যাতে কোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয়,তাৰ বাবে সাজু হৈ উঠিছে মহানগৰ প্ৰশাসনো। উল্লেখ যে ইতিমধ্যে দেশৰ চোৰাংচোৱা সংস্থাই অম্বুবাচীৰ সময়ত নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰি তোলাৰ লগতে অধিক সতৰ্ক হৈ থাকিবলৈ নির্দেশ প্ৰদান কৰিছে। ইফালে মহানগৰ প্ৰশাসনেও নিৰাপত্তাৰ স্বাৰ্থতে এইবাৰ অম্বুবাচী মেলাক লৈ গ্ৰহণ কৰিছে গুৰুত্বপূৰ্ণ প্ৰদক্ষেপ। সেই অনুসৰি এইবাৰ অম্বুবাচীত পূৰ্বতকৈ হ্ৰাস কৰা হৈছে ভক্তৰ বাবে শিবিৰ।এইবাৰ একমাত্ৰ নিৰাপত্তাৰ স্বাৰ্থতে কামাখ্যা ৰে'ল ষ্টেচনত নাথাকিব ভক্তৰৰ শিবিৰ।তাৰ পৰিৱৰ্তে ফাঁচী বজাৰৰ জেইল ৰোডত ভক্তৰ বাবে নিৰ্মাণ কৰা হ'ব বৃহৎ শিবিৰ। এইবাৰ জিলা প্ৰশাসনে ভক্তসকলৰ বাবে নিৰ্মাণ কৰিব মুঠ ৪টা শিবিৰ।
আনহাতে,অম্বুবাচী মেলাক লৈ সাজু হৈ উঠিছে গুৱাহাটী পৌৰ নিগম।সেই অনুসৰি কামাখ্যা মন্দিৰলৈ যোৱা মূল পথত পূৰ্বতকৈ এইবাৰ বৃদ্ধি কৰিব ষ্ট্ৰীট লাইটৰ ব্যৱস্থা। অম্বুবাচীৰ সময়ছোৱাত ভক্তসকলৰ সুবিধাৰ বাবে গুৱাহাটীৰ পৌৰ নিগমে পাইপেৰে যোগান ধৰিব পানী।ইয়াৰ উপৰিও অম্বুবাচীৰ সময়ছোৱাত যাতে কামাখ্যা মন্দিৰৰ লগতে তাৰ আশে-পাশে পৰিৱেশ যাতে সম্পূৰ্ণ চাফ-চিকুণ হৈ থাকে, তাৰ বাবে গুৱাহাটী পৌৰ নিগমৰ ফালৰ পৰা ২৪ঘণ্টাই নিয়োজিত থাকিব চাফাই কর্মী। তাৰ বাবে চাফাই কর্মীসকলক তিনিটা ছিফটত ভাগ কৰা হ'ব বুলি জানিবলৈ দিছে গুৱাহাটী পৌৰ নিগমে। লগতে জানিবলৈ দিছে যে প্ৰতি দহগৰাকী চাফাই কৰ্মীক নেতৃত্ব দিবলৈ এজন পৌৰ নিগমৰ ফালৰ পৰাই চুপাৰভাইজাৰ নিয়োগ কৰা হ'ব।প্ৰতিটো চিফটৰ কৰ্ম সময় হ'ব ৮ ঘণ্টা।
অম্বুবাচীৰ মেলাৰ উদ্বোধনী অনুষ্ঠান ২২ জুনত মহানগৰীৰ সোণাৰাম হাইস্কুল খেলপথাৰত অনুষ্ঠিত হ'ব। উক্ত অনুষ্ঠানত উপস্থিত থাকিব বলীউডৰ জনপ্ৰিয় কণ্ঠশিল্পী কৈলাশ খেৰ।
- Log in to post comments
- 30 views