তপন বৰগোহাঁই
ব্ৰহ্মপুত্ৰৰে উটি আহিল প্ৰায় ৪০ টাকৈ অধিক ম'হ।খাদ্যসংকটত পৰি ম'হকেইটা উটি আহিল বুলি ধাৰণা কৰা হৈছে। বৃহস্পতিবাৰে দিনৰ প্ৰায় ১২ বজাত উটি অহা পশুধনকেইটা প্ৰথমে প্ৰত্যক্ষ কৰে এনডিআৰএফে।তাৰ পিছত এনডিআৰএফৰ তৎপৰতাত মহানগৰীৰ শুক্ৰেশ্বৰ মন্দিৰৰ সমীপত উটি অহা ম'হকেইটা উদ্ধাৰ কৰিবলৈ সক্ষম হয়।উল্লেখ্য যে ম'হৰ জাকটোৰ ভিতৰত বহুকেইটা পোৱালিও আছে।
এনডিআৰএফ কৰ্তৃপক্ষই জানিবলৈ দিয়া অনুসৰি উজানবজাৰৰ ঘাটৰ সমীপত ম'হকেইটা দেখা মাত্ৰকে তেওঁলোকে উদ্ধাৰৰ বাবে চেষ্টা কৰিছিল।প্ৰায় ১ ঘণ্টাৰ চেষ্টাৰ পিছত পাৰত তুলিবলৈ সক্ষম হয় ম'হৰ জাকটো।
ইফালে,ম'হৰ জাকটো উদ্ধাৰ কৰাৰ পিছতে এনডিআৰএফে খবৰ দিয়ে নদী আৰক্ষীক।
বৰ্তমান শুক্ৰেশ্বৰ মন্দিৰৰ সমীপতে ব্ৰহ্মপুত্ৰৰ পাৰত নদী আৰক্ষীৰ তত্বাৱধানত আছে উদ্ধাৰ হোৱা ম'হৰ জাকটো।আনহাতে,এনডিআৰএফে কামৰূপ(ম) জিলা প্ৰশাসনকো অৱগত কৰা বুলি জানিবলৈ দিছে।ইফালে,নদী আৰক্ষী উপস্থিত হোৱাৰ পিছতে ব্ৰহ্মপুত্ৰত পাৰত থকা ম'হৰ খুটিসমূহলৈ খবৰ দিয়া বুলি জানিবলৈ দিছে। বৰ্তমানলৈকে গৰাকী ওলোৱা নাই উদ্ধাৰ কৰা ম'হৰ জাকটোৰ।
- Log in to post comments
- 39 views