বিগত সময়ছোৱাত বিটিএডিত পতঞ্জলি নামৰ সংস্থাটোক বিটিচি প্ৰসাশনে হাজাৰ হাজাৰ বিঘা ভূমি প্ৰদান কৰাত ক্ষোভিত হৈ পৰিছে এবছুৰ সভাপতি প্ৰমোদ বড়ো । আজি বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত কুমাৰীকাটাস্থিত এবছুৰ কাৰ্যালয়ত এই বিষয়ে বক্তব্য আগবঢ়ায় এবছুৰ সভাপতিগৰাকীয়ে ৷
উল্লেখ্য যে অহা বৰ্ষৰ জানুৱাৰী মাহৰ ৭, ৮ আৰু ৯ তাৰিখে অনুষ্ঠিত হ'বলগীয়া ৫১সংখ্যক কেন্দ্ৰীয় দ্বিবাৰ্ষিক অধিবেশনৰ অভ্যৰ্থনা সমিতিৰ মুখ্য কাৰ্যালয় মুকলি অনুষ্ঠানত উপস্থিত থাকি তেওঁ কয় য়ে বড়োলেণ্ড হ'ল বড়োসকলৰ ভাষা, সংস্কৃতি, পৰিচয় আৰু অস্তিত্ব ৰক্ষাৰ আন্দোলনৰ ফচল ।
পৃথিৱীত যিমানবোৰ আন্দোলন হৈছে সকলোবোৰে ভূমিক ভূমি সম্পৰ্কীয় কাৰণতে হৈছে বুলিও তেওঁ কয় । আনহাতে, প্ৰমোদ বড়োৱে সাংবাদিকৰ আগত ক্ষোভ ব্যক্ত কৰি কয় যে বিটিচি প্ৰশাসনে পতঞ্জলি নামৰ অনুষ্ঠানটোক বাক্সাৰ কুমাৰীকাটাত এজেহাৰ বিঘা ভূমিৰ উপৰি কুমাৰীকাটাস্থিত বনাঞ্চল এলেকাত যি ভূমি প্ৰদানৰ ঘোষণা কৰিছে, সেই কাৰ্যটোক বিটিচি প্ৰশাসনে পুনৰ বিবেচনা কৰক ।
তেওঁ কয় যে আমাৰ সমাজত বহু ভূমিহীন ব্যক্তি আছে ৷ গতিকে পতঞ্জলিক মাটি দিয়াতকৈ তেওঁলোকক প্ৰদান কৰিলে জনসাধাৰণ বেছি উপকৃত হ'ব আৰু ৰাইজৰ চৰকাৰৰ প্ৰতি আস্থাও বাঢ়িব বুলি তেওঁ সদৰী কৰে ।
- Log in to post comments
- 11 views