এন আৰ চিৰ দ্বিতীয়খন সম্পূৰ্ণ খচৰাত অন্তৰ্ভুক্ত নহ'ল আজাদ হিন্দ ফৌজৰ সেনানী পূৰ্ণ বাহাদুৰ চেত্ৰীৰ পৰিয়ালৰ নাম ৷ ইয়াৰ ফলত বাক্সা জিলাৰ ভাৰত-ভূটান সীমান্তৰ পাহাৰপুৰত বসবাস কৰা আজাদ হিন্দ ফৌজৰ সেনানী পৰিয়ালটোত সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ ৷
স্বাধীনতা সেনানী সুভাষ চন্দ্ৰ বসু নেতৃত্বাধীন আজাদ হিন্দ ফৌজৰ সেনানী পূৰ্ণ বাহাদুৰ চেত্ৰীয়ে ১৯৪২ চনত বাৰ্মাৰ ৰেংগুণত আজাদ হিন্দ ফৌজত যোগদান কৰি ভাৰতৰ স্বাধীনতা আন্দোলনত জঁপিয়াই পৰিছিল ৷ ভাৰত স্বাধীন হোৱাৰ পিছত পূৰ্ণ বাহাদুৰ চেত্ৰী বাৰ্মাতে আছিল যদিও ১৯৬৭ চনত বাৰ্মাৰ পৰা বিতাড়িত হৈ ভাৰতত প্ৰৱেশ কৰিছিল।
তেতিয়া ভাৰত চৰকাৰে পূৰ্ণ বাহাদুৰ চেত্ৰীৰ পৰিয়ালক বৰ্তমানৰ বাক্সা জিলাৰ পাহাৰপুৰত সংস্থাপিত কৰিছিল ৷ তেতিয়াৰে পৰা আজাদ হিন্দ ফৌজৰ সেনা পূৰ্ণ বাহাদুৰ চেত্ৰীয়ে মৃত্যু পৰ্যন্ত পাহাৰপুৰতে বসবাস কৰি আহিছিল ৷ কিন্তু ৩০ জুলাইত প্ৰকাশ কৰা এন আৰ চিৰ দ্বিতীয়খন খচৰা তালিকাত নাম নাই স্বাধীনতা সংগ্ৰামী পূৰ্ণ বাহাদুৰ চেত্ৰীৰ পৰিয়ালৰ ৷
সম্পূৰ্ণ নথি-পত্ৰ জমা দিয়াৰ পিছতো পৰিয়ালৰ এজনো সদস্যৰ নাম অন্তৰ্ভুক্ত নোহোৱাত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ স্বাধীনতা সেনানী পূৰ্ণ বাহাদুৰ চেত্ৰীৰ পত্নী পূৰ্ণমায়া চেত্ৰীয়ে ক্ষোভ প্ৰকাশ কৰি কয় যে একে নথি-পত্ৰ জমা দি আন এজন লোকৰ নাম এন আৰ চিত অন্তৰ্ভুক্ত হ'ল যদিও আমাৰ নাম অন্তৰ্ভুক্ত নহ'ল ৷
- Log in to post comments
- 37 views