গহপুৰত ১৯৫১ৰ লিগেচী থকা পৰিয়ালৰ নাম নাই এন আৰ চিত

গহপুৰত ১৯৫১ৰ লিগেচী থকা পৰিয়ালৰ নাম নাই এন আৰ চিত

গহপুৰৰ এটা প্ৰতিষ্ঠিত তথা ঐতিহ্যমণ্ডিত পৰিয়ালৰ এন আৰ চিৰ চূড়ান্ত তালিকাত নাম সন্নিৱিষ্ট নোহোৱাত সকলোৱে আশ্চৰ্য প্ৰকাশ কৰিছে ৷ উল্লেখ্য যে ১৯৪০ চনতে সম্পূৰ্ণ নিজৰ খৰচেৰে বিদ্যালয় স্থাপন কৰি অসমীয়া জাতীয় জীৱনলৈ বৰঙণি আগবঢ়োৱা এই পৰিয়ালটোৰ নাম এন আৰ চিৰ চূড়ান্ত তালিকাৰ পৰা বাদ পৰিছে ৷

অসম শিক্ষা প্ৰচাৰ সমিতিৰ সম্পাদক অম্বিকাগিৰী ৰায়চৌধুৰীৰ আহ্বানক্ৰমে ছবিলাল উপাধ্যায়ৰ অনুপ্ৰেৰণাত বিদ্যালয় স্থাপন কৰা এই মহান ব্যক্তিগৰাকী হ'ল প্ৰয়াত মতিখৰ পোখ্ৰেল ৷ তেওঁ ১৯৪০ চনত সম্পূৰ্ন নিজা খৰচেৰে নিজা ভূমিত এখন সংস্কৃত বিদ্যালয় স্থাপন কৰিছিল ৷

পৰৱৰ্তী সময়ত ১৯৪৩ চনত গহপুৰত হাতিবন্ধীয়া এল পি স্কুল, শংকৰদেৱ মজলীয়া বিদ্যালয়, জ্যোতি আগৰৱালা উ:মা: বিদ্যালয়, ডাঠকলা মধ্য ইংৰাজী বিদ্যালয়ৰ স্থাপনত তেওঁ কায়িক আৰু আৰ্থিকভাৱে সহায় কৰিছিল ৷

ইয়াৰ উপৰি নিজা ভূমিত ১৯৬৫ত জৱাহৰলাল নেহেৰু প্ৰাথমিক বিদ্যালয় স্থাপন কৰে । তেখেতৰ জ্যেষ্ঠ পুত্ৰ হৰিপ্ৰসাদ উপাধ্যায়ে জ্যোতি আগৰৱালা উ: মা: বিদ্যালয়ৰ প্ৰতিষ্ঠাকাল ১৯৬০ চনৰ ২ জানুৱাৰীৰ পৰা ১৯৯৫ চনৰ ছেপ্টেম্বৰলৈকে শিক্ষক হিচাপে কাম কৰি কৰি অৱসৰ গ্ৰহণ কৰে ।

তেনে ব্যক্তিৰ ১৯৫১ চনৰ নিজা নামৰ লিগেচী ডাটা ব্যৱহাৰ কৰাৰ পাছতো নিজৰ লগতে দুজন ভাতৃ অৱসৰপ্ৰাপ্ত শিক্ষক প্ৰয়াত মোহন উপাধ্যায় আৰু অৱসৰপ্ৰাপ্ত শিক্ষক হোমপ্ৰসাদ উপাধ্যায়ৰ পৰিয়ালৰ নাম এন আৰ চিত অন্তৰ্ভুক্ত নোহোৱাত পৰিয়ালটোৱে দুখ প্ৰকাশ কৰে ৷

Your Comments