শিলচৰস্থিত অসম বিশ্ববিদ্যালয়ৰ বিদ্যাৰ্থী সমাজৰ অনশন ধৰ্মঘট অব্যাহত

assam university,silchar

শিলচৰৰ পৰা বিক্ৰম দাস

শিলচৰস্থিত অসম বিশ্ববিদ্যালয়ৰ বিদ্যাৰ্থী সমাজে  তিনিদিন ধৰি অনশন ধৰ্মঘট অব্যাহত ৰাখিছে।বিশ্ববিদ্যালয়খনৰ ছাত্র-ছাত্ৰীসকলে বিগত সময়চোৱাত বহু সমস্যাৰ সন্মুখীন হৈ আহিছে। এই সন্দৰ্ভত বহুবাৰ বিশ্ববিদ্যালয়খনৰ কৰ্তৃপক্ষক  অৱগত কৰিছে যদিও আজিপৰ্যন্ত সমাধান কৰা নাই।যাৰ বাবে ছাত্ৰ-ছাত্ৰী সমাজ কৰ্তৃপক্ষৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে।ইয়াৰ বাবেই ছাত্র-ছাত্ৰী সমাজে অনিৰ্দিষ্টকালীন অনশন কাৰ্যসূচী গ্ৰহণ কৰে।

যেতিয়ালৈকে কৰ্তৃপক্ষই ছাত্র-সমাজৰ দাবীসমূহ পূৰণ নকৰিব, তেতিয়ালৈকে অনশন কৰি যাব  বুলি মন্তব্য কৰে বিদ্যাৰ্থী সমাজে।উল্লেখযোগ্য যে  বিশ্ববিদ্যালয় অনুদান আয়োগৰ অধীনত যোৱা ২০১৫ বর্ষতে বিশ্ববিদ্যালয়ৰ চৌহদত স্নাতক বৃত্তিমুখী বিভাগ এটা আৰম্ভ কৰে।কিন্তু এই বিভাগটোলৈ আজিপৰ্যন্ত বিশ্ববিদ্যালয় অনুদান আয়োগে ১.৭৫ কোটি টকা মুকলি কৰি নিদিয়া বুলি বিশ্ববিদ্যালয়খনৰ ন'ডাল বিষয়া দেবাশিষ কৰে মন্তব্য কৰে।

যাৰ ফলত বিভাগটোৰ ছাত্র-ছাত্ৰীসকল বিভিন্ন সমস্যাৰ সন্মুখীন হোৱাত বিদ্যাৰ্থী সমাজে বিশ্ববিদ্যালয় অনুদান আয়োগ আৰু বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে অনশন কাৰ্যসূচী গ্ৰহণ কৰে।বিশ্ববিদ্যালয় অনুদান আয়োগ আৰু বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ ছাত্ৰ-ছাত্ৰীৰ জীৱনক লৈ হেতালি খেলাৰ  অধিকাৰ নাই বুলি বিদ্যাৰ্থী সমাজে মন্তব্য কৰে।আনহাতে স্নাতক বৃত্তিমুখী বিভাগত অধ্যনৰত শশাংক দাস নামৰ ছাত্র এজনে অনশনস্থলীতে আত্মহত্যা কৰিবলৈ প্ৰয়াস কৰে।বিষয়টো সন্দৰ্ভত  কাছাৰ জিলা প্ৰশাসনলৈ  স্মাৰকপত্ৰ প্ৰেৰণ কৰিছে বিশ্ববিদ্যালয়খনতে অধ্যয়ন কৰা মিলন দাস নামৰ ছাত্রজনে।

Your Comments