মাহেকীয়া আলোচনী বাৰ্তাপখিলীৰ বসন্ত সাহিত্য সম্ভাৰৰ বাবে লেখা আহ্বান

মাহেকীয়া আলোচনী বাৰ্তাপখিলীৰ বসন্ত সাহিত্য সম্ভাৰৰ বাবে লেখা আহ্বান

নগাঁৱৰ পৰা ঋতুপৰ্ণ শৰ্মা

ভাষা-সাহিত্য-সংস্কৃতিৰ পূৰ্ণাংগ আলোচনী মাহেকীয়া বাৰ্তাপখিলীৰ বসন্ত সাহিত্য সম্ভাৰ, ২০১৯ বৰ্ষৰ সংখ্যাটিৰ সম্পাদনাৰ কাম পূৰ্ণগতিত চলি আছে। উল্লেখ্য যে সগৌৰৱে ২৪টা বৰ্ষ গৰকা আলোচনীখনিয়ে সুদীৰ্ঘ কাল অসমীয়া ভাষা-সাহিত্য-সংস্কৃতিৰ প্ৰচাৰ, প্ৰসাৰ আৰু বিকাশৰ লগতে ন্যূনতম লেখক সৃষ্টি কৰাৰ বাবে বিভিন্ন পদক্ষেপ হাতত লৈ আহিছে। অন্য বৰ্ষৰ দৰে এইবেলিও বসন্ত সাহিত্য সম্ভাৰ এই বিশেষ সংখ্যাটিও আপোনালোকৰ মূল্যৱান লেখনি থূপাই অসমীয়া ভাষা-সাহিত্য-সংস্কৃতিক প্ৰতিনিধিত্ব কৰিব পৰাকৈ প্ৰকাশৰ ব্যৱস্থা কৰা হৈছে।

৫৫০ৰো অধিক পৃষ্ঠাৰে সমৃদ্ধ হ'বলগা আলোচনীখনিত বিভিন্ন বিষয়ৰ প্ৰবন্ধ, নিবন্ধ, উপন্যাস, উপন্যাসিকা, নাটক, গল্প, অনুবাদ গল্প, অনু গল্প, ভ্ৰমণ কাহিনী, কবিতা, হাস্য-ব্যংগ লেখাকে ধৰি লোকসাহিত্য সম্পৰ্কীয় ভিন্ন স্বাদৰ লেখা আহ্বান কৰা হৈছে। অহা ২৩ মাৰ্চৰ ভিতৰত লেখক-লেখিকাসকলক তেওঁলোকৰ মূল্যৱান লেখাসমূহ তলৰ ঠিকনাত প্ৰেৰণ কৰিব লাগিব। লেখাসমূহ অসমীয়া ছ'ফটৱেৰ গীতাঞ্জলি ফ্ৰণ্টত পেজ মেকাৰত ডিটিপি কৰিও পঠিয়াব পাৰিব। বিশেষ যে লেখাসমূহ ফটো তুলি মোবাইল বা ই-মেইলত নপঠাব। তেনেদৰে পঠোৱা লেখা সম্পাদনা কক্ষত যান্ত্ৰিক অসুবিধাৰ বাবে গ্ৰহণ কৰিব পৰা নাযাব। 

সেয়েহে লেখাসমূহ স্পষ্ট হাতৰ আখৰেৰে বা ওপৰত উল্লেখ কৰাৰ দৰে ডিটিপি কৰি তলৰ ঠিকনাত বা ই-মেইল ঠিকনাত প্ৰেৰণ কৰিবলৈ লেখক-লেখিকাসকলক আহ্বান জনাইছে। 

ঠিকনাঃ 

বাৰ্তাপখিলী, বিশাল প্ৰকাশন, ৰাজগড় লিংক ৰোড, উপাসনা ভৱন (তলৰ মহলা, কৰ্মাচ কলেজৰ বিপৰীত দিশত), 
গুৱাহাটী-৩৷ ভ্ৰাম্যভাষঃ ৯৮৬৪০-৩৮৮১, ৪৭০০২২-৫২৩৯১৷ 

ই-মেইলঃ bishalprakashan@gmail.com
 

Your Comments