অসমৰ নাগৰিকপঞ্জীৰ বিৰুদ্ধে প্ৰতিবাদ মাতুৱা মহাসংঘৰ

অসমৰ নাগৰিকপঞ্জীৰ বিৰুদ্ধে প্ৰতিবাদ মাতুৱা মহাসংঘৰ

অসমৰ নাগৰিকপঞ্জী প্ৰসঙ্গত বুধবাৰে পুৱাৰে পৰা প্ৰতিবাদত নামিল মাতুৱা মহাসংঘ ৷ প্ৰতিবাদৰ অংশ হিচাপে শিয়ালদহ-হাচনাবাদ শাখা, শিয়ালদহ বনগাঁ শাখা, শিয়ালদহ মেন শাখাত ৰেল অৱৰোধ কৰে ৷ ইয়াৰ ফলত বহু যাত্ৰী ৰেলতে আবদ্ধ হ’বলগীয়াত পৰে ৷ পুৱাৰে পৰা বন্দী হৈ থাকে শিয়ালদহ-হাচনাবাদ শাখাৰ চণ্ডালিয়া ষ্টেচন, ভাবলা আৰু শিয়ালদহ-বনগাঁ শাখাৰ মাজগাঁও আৰু নিউ বাৰাকপুৰ ষ্টেচনত মাতুৱা মহাসংঘৰ সমৰ্থকসকলে ৰেল অৱৰোধ কৰে ৷

দিলীপ ঘোষে অসমৰ এন আৰ চিৰ প্ৰসঙ্গক লৈ কৰা মন্তব্যৰ বিৰোধিতা কৰিয়েই এই অৱৰোধ কাৰ্যসূচী লোৱা হয় ৷ অসমৰ নাগৰিকপঞ্জীৰ প্ৰসঙ্গত বিজেপিৰ পশ্চিমবঙ্গৰ ৰাজ্যিক সভাপতি দিলীপ ঘোষে কৈছিল, ‘যদি কেতিয়াবা বিজেপিয়ে পশ্চিমবঙ্গত চৰকাৰ গঠন কৰে তেতিয়া হ’লে পশ্চিমবঙ্গতো নাগৰিকপঞ্জী উন্নীতকৰণ কৰা হ’ব ৷ বহু লোকক ডিঙিত ধৰি বাংলাদেশলৈ পঠিওৱা হ’ব ৷ যিসকলে চিঞৰ-বাখৰ কৰিছে তেওঁলোকে অপেক্ষা কৰক ৷ যিসকলে সিহঁতক সমৰ্থন কৰিব তেওঁলোককো ডিঙিত ধৰি বাহিৰ কৰি দিয়া হব৷ দিলীপ ঘোষৰ এই মন্তব্যক লৈয়ে মাতুৱা মহাসংঘৰ কৰ্মীসকলে ৰেল অৱৰোধ কৰি প্ৰতিবাদ কৰে ৷

Your Comments