নিটি আয়োগৰ মুখত ওলোটা সুৰ

নিটি আয়োগৰ মুখত ওলোটা সুৰ

কেন্দ্ৰৰ নৰেন্দ্ৰ মোডী চৰকাৰে গঠন কৰা নিটি আয়োগৰ মুৰব্বীৰ মুখত এতিয়া ওলোটা সুৰ৷ দেশৰ সাধাৰণ মানুহৰ দুবেলা দুসাঁজ ভাত নিশ্চিত নোহোৱা পৰ্যন্ত ভাৰতৰ পক্ষে ১০ শতাংশ অৰ্থনৈতিক বৃদ্ধিৰ লক্ষ্য অৰ্জন কৰাটো সম্ভৱ নহয় বুলি মন্তব্য কৰিলে নিটি আয়োগৰ মুখ্য কাৰ্যবাহী বিষয়া অমিতাভ কান্তই৷ অথচ এই কথাষাৰেই বাবে বাৰে কৈ আহিছে প্ৰখ্যাত নোবেল বঁটা বিজয়ী অৰ্থনীতিবিদ অমৰ্ত্য সেনে৷ কিন্তু প্ৰকৃত সত্য  আৰু এই স্পষ্ট কথা কোৱা বাবে বিজেপিৰ মোডী চৰকাৰে অমৰ্ত্য সেনক আক্ৰমণ কৰিছিল৷

নিটি আয়োগৰ মুখত ওলোটা সুৰ

আনকি নিটি আয়োগৰ উপাধ্যক্ষ ৰাজীৱ কুমাৰেও কেইদিনমান পূৰ্বে অমৰ্ত্য সেনক চোকা ভাষাত সমালোচনা কৰি কৈছিল, মোডী চৰকাৰে গ্ৰহণ কৰা সংস্কাৰমূলক পদক্ষেপৰ সুফল ভাৰতবাসীয়ে কেনেদৰে লাভ কৰি আছে তাৰ বুজ ল’বলৈ হ’লে সেনে ভাৰতত কিছুদিন বাস কৰি পৰিস্থিতি পৰ্যবেক্ষণ কৰিব লাগিব৷ কিন্তু সেই নিটি আয়োগৰেই আন এগৰাকী অৰ্থনীতিবিদৰ মুখত ওলোটা সুৰ৷ কেন্দ্ৰৰ নৰেন্দ্ৰ মোডীৰ চৰকাৰৰ কাৰ্যকালৰ চাৰিটা বছৰ পাৰ হোৱাৰ পিছত শনিবাৰে নিটি আয়োগৰ মুখ্য কাৰ্যবাহী বিষয়া অমিতাভ কান্তই কয়, ‘মানৱ উন্নয়ন সূচকৰ উন্নতি নোহোৱালৈকে দেশৰ অৰ্থনৈতিক বৃদ্ধিৰ ১০ শতাংশ লক্ষ্যমাত্ৰা অৰ্জন কৰাটো সম্ভৱ নহয়৷ উল্লেখ্য যে ২০১৬ চনৰ মানৱ উন্নয়ন সূচকৰ হিচাপমতে ভাৰতৰ স্থান বিশ্বৰ ১৮৮খন দেশৰ ভিতৰত ১৩১ নম্বৰত৷ আনহাতে, ক্ষুধা সূচকত ভাৰতৰ স্থান ১০০ নম্বৰত৷ নিটি আয়োগৰ অৰ্থনীতিবিদ অমিতাভ কান্তই শনিবাৰে এই বাস্তৱ স্বীকাৰ কৰাৰ লগতে ভাৰতত অস্বাভাৱিক হাৰত নৱজাতক শিশু আৰু প্ৰসূতিৰ মৃত্যুৰ তথ্যও স্বীকাৰ কৰে৷

নিটি আয়োগৰ মুখত ওলোটা সুৰ

অপুষ্টিৰ কাৰণে ভাৰতত বিপুলসংখ্যক শিশুৰ শাৰীৰিক বিকাশ যে বাধাগ্ৰস্ত হৈ আছে সেই কথাও অমিতাভ কান্তে স্বীকাৰ কৰে৷ তেওঁ কয় যে এইবোৰৰ উন্নতি মানুহৰ দুবেলা দুসাঁজ আহাৰ নিশ্চিত নোহোৱা পৰ্যন্ত দেশৰ অৰ্থনীতিৰ ১০ শতাংশ হাৰত বৃদ্ধি মুঠেও সম্ভৱ নহ’ব৷ লক্ষণীয় যে নোবেল বিজয়ী অৰ্থনীতিবিদ অমৰ্ত্য সেনে বাৰে বাৰে কৈ আহিছে যে ‘যিখন দেশত শিশুৰ বৃহৎ অংশই অপুষ্টিত ভুগি আছে, য’ত শিশুবিলাকে বিদ্যালয়লৈ যাবলৈ সুযোগ নাপায়, তাত অৰ্থনীতিৰ উন্নতি কেনেকৈ সম্ভৱ হ’ব পাৰে? কেনেকৈ উৎপাদনশীলতা বাঢ়িব? এই কাৰণেই সাধাৰণ মানুহৰ জীৱন-যাত্ৰাৰ মান উন্নয়নত গুৰুত্ব দিব লাগিব৷’ অমৰ্ত্য সেনে অভিযোগ কৰিছে- মোডী চৰকাৰে বনুৱা আৰু দৰিদ্ৰ কৃষকৰ কথা সম্পূৰ্ণভাৱে পাহৰি গৈছে৷

Your Comments