নগাঁৱত তেজস্বীৰ উদ্যোগত অভিনয় আৰু নৃত্য প্ৰশিক্ষণৰ শুভাৰম্ভ

নগাঁৱত১তেজস্বীৰ১উদ্যোগত১অভিনয়১আৰু১নৃত্য১প্ৰশিক্ষণৰ১শুভাৰম্ভ

বেহৰবাৰী আউত পোষ্ট নামৰ জনপ্ৰিয় টিভি ছিৰিয়েলৰ বলিষ্ঠ অভিনেত্ৰী মণি বৌ খ্যাত পাপৰি বৰাৰ নেতৃত্বত পৰিচালিত তেজস্বী সংগঠনৰ উদ্যোগত আজিৰে পৰা নগাঁও প্ৰেছ ক্লাবত অভিনয় আৰু নৃত্যৰ এক প্ৰশিক্ষণ কাৰ্যসূচী আৰম্ভ হৈছে। সপ্তাহটোৰ প্ৰতি দেওবাৰে অনুষ্ঠিত হ'বলগা এই প্ৰশিক্ষণ কাৰ্যসূচী আনুষ্ঠানিকভাৱে উদ্বোধন কৰে বিশিষ্ট নাট্যকাৰ, পৰিচালক অজিত বৰঠাকুৰে।

নগাঁও প্ৰেছ ক্লাবৰ সভাপতি কনক হাজৰিকাৰ সভাপতিত্বত আনুষ্ঠিত অনুষ্ঠানত অংশগ্ৰহণ কৰি বিশিষ্ট শিক্ষাবিদ ডঃ আবু হানিফা, অভিযন্তা মনোজ কুমাৰ শৰ্মাই ভাষণ প্ৰসংগত নতুন প্ৰজন্মক অধ্যয়নৰ সমান্তৰালভাৱে অভিনয়, নৃত্য আদি বিভিন্ন ক্ষেত্ৰখনৰ লগত জড়িত হৈ নিজৰ নিজৰ প্ৰতিভা বিকাশৰ সুযোগ ল'বলৈ আহ্বান জনায়।

নগাঁৱত১তেজস্বীৰ১উদ্যোগত১অভিনয়১আৰু১নৃত্য১প্ৰশিক্ষণৰ১শুভাৰম্ভ

অনুষ্ঠানত অভিনেত্ৰী পাপৰি বৰাই কবিতা আবৃত্তিৰে সকলোকে মুগ্ধ কৰে। তেজস্বীৰ মুখ্য উপদেষ্টা বিশ্বজিৎ বৰুৱাই তেজস্বীয়ে বিগত সময়ত কৰি অহা বিভিন্ন কাম-কাজৰ কথা উল্লেখ কৰি কয়, "আমি অসমখনক সেউজ কৰি ৰখাৰ প্ৰয়াস কৰি আহিছোঁ।" তেজস্বীৰ সাধাৰণ সম্পাদক কুঞ্জ বৰাই আঁতধৰা অনুষ্ঠানত সাংবাদিক দিব্যজ্যোতি বৰুৱা, প্ৰশিক্ষক টিংকু বৰা আদিয়ে অংশগ্ৰহণ কৰে। অনুষ্ঠানৰ আৰম্ভণিতে বন্তি প্ৰজ্বলন কৰা হয়।

Your Comments