কংগ্ৰেছৰ তত্ত্বাৱধায়ক তথা উত্তৰাখণ্ডৰ প্ৰাক্তন মুখ্য মন্ত্ৰী হৰিশ ৰাৱাট, প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈ, অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ৰিপুণ বৰা, প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন, বিধায়ক নুৰুল হুদাই আজি হাতে হাতে ধনু-কাঁড়, হেংদাং, গদা লৈ নগাঁৱত আনুষ্ঠানিকভাৱে আগন্তুক লোকসভা নিৰ্বাচনৰ ৰণডংকা বজায়। আনকি ৰকিবুল হুছেইনে হাতত গদা তুলি ভীমৰ সংলাপ আওৰোৱাৰ পিছতেই প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই উদাত্ত কণ্ঠে ঘোষণা কৰে, "বিজেপি-আৰ এছ এছ নকৰিবি কংগ্ৰেছৰ আগত, হাড়-মূৰ ভাঙি দিম গদাৰ কোবত"।
উল্লেখ্য যে আজি নগাঁও জিলা কংগ্ৰেছ কাৰ্যালয়ত পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছৰ নিৰ্বাচিত প্ৰতিনিধিসকলক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে আয়োজিত এক বিশাল দলীয় সভাত কংগ্ৰেছৰ জেষ্ঠ নেতা হৰিশ ৰাৱাটে বিজেপিক মিছা কথা কোৱাৰ দল বুলি আখ্যা দি প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীক সৰ্বকালৰ মিছলীয়া প্ৰধান মন্ত্ৰী বুলি কটাক্ষ কৰে। ৰাৱাটে কয় যে ভাৰতবৰ্ষত আজিলৈকে যিসকল প্ৰধান মন্ত্ৰী হ'ল সেইসকলৰ মাজত যদি কোন মিছলীয়া তাৰ এখন তালিকা বনোৱা হয়, তেন্তে ১ৰ পৰা ৪ নম্বৰলৈকে নৰেন্দ্ৰ মোডীৰ নামেই থাকিব। অসমে মোডীৰ পৰা কি পালে বুলি প্ৰশ্ন তুলি কয় যে শুকুৰবাৰে শিলচৰলৈ আহি মোডীয়ে অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত সংঘাতৰ বীঁজ সিঁচি গ'ল।
বিজেপি পুঁজিপতিৰ লগত থকা দল বুলি অভিহিত কৰি কয় যে এই দলটোৱে দুখীয়া, মহিলা, কৃষক, নিবনুৱা আদিৰ সমস্যা দেখা নাপায়। ছ'চিয়েল মিডিয়াত সৰ্বসাধাৰণ ৰাইজে বিজেপিক সমালোচনা কৰাৰ কথা উল্লেখ কৰি প্ৰদেশ কংগ্ৰেছৰ তত্ত্বাৱধায়কগৰাকীয়ে কয়, ছ'চিয়েল মিডিয়াত বহুতে কৈছে, "আচ্ছা দিন বিচাৰি এতিয়া হাবাথুৰি খাবলগা হৈছে। গতিকে আগৰ বেয়া দিনকে ঘুৰাই দিয়ক"। সভাত ভাষণ দি প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে কয়- এতিয়া কংগ্ৰেছৰ পক্ষে বতাহ বলিছে। যোৱা চাৰি-পাঁচটা বছৰে বিজেপিৰ মিছা কথা শুনি ৰাইজে এতিয়া বুজি পাইছে। অৱশ্যে পাঁচ বছৰ আগতে মোডীক বুজা নাছিল। তেওঁক কোনোৱেই কৰ্মযোগী বুলিও কয়, কিন্তু তেওঁ কৰ্মযোগী নহয়৷
তেওঁ আচলতে ফুলজাৰি মৰা যোগীহে। তেওঁ ভাল চিনেমা কৰিব জানে, নাটক কৰিবও জানে। চিনেমা কৰিলে তেওঁ অস্কাৰো পাব। নাটক-চিনেমা চাই ৰাইজে ভালেই পায়। কিন্তু বাস্তৱত আমাক লাগে কি? বিগত লোকসভা নিৰ্বাচনত মোডীয়ে ২০১৪ৰ ১৬ মে'ৰ পিছত বাংলাদেশী খেদিম বুলি কৈছিল। এতিয়া বাংলাদেশী আনিবহে বিচাৰিছে। বাংলাদেশী খেদিবলৈ অসমত আন্দোলন হৈছিল। গগৈয়ে লগতে কয় যে তেওঁলোকে এফালে অসম চুক্তি ৰূপায়ণ কৰিব বিচাৰে আৰু আনফালে নাগৰিকত্ব সংশোধনী বিধেয়কৰ কথা কয়। যিটো পানী-তেলৰ দৰে। এফালে অসমীয়া ভাষা-সংস্কৃতি ৰক্ষা আৰু আনফালে বাংলাদেশীক আনি সংস্থাপিত কৰাৰ কথা। তেওঁলোকে অসমত বিভেদ সৃষ্টি কৰি অশান্তি কৰিব বিচাৰিছে।
আমি অসমলৈ শান্তি ঘূৰাই আনিবলৈ সক্ষম হৈছিলোঁ। তেওঁলোকে আকৌ অশান্ত কৰিব বিচাৰিছে। গগৈয়ে গুপ্তহত্যাৰ প্ৰসংগ উল্লেখ কৰি কয়- প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই স্বীকাৰ কৰিছে যে কেন্দ্ৰৰ নিৰ্দেশতহে গুপ্তহত্যা হৈছিল। তেতিয়া কেন্দ্ৰত কাৰ চৰকাৰ আছে বুলি প্ৰশ্ন কৰি কয় যে তেওঁৰ কামিহাড় নাছিল। কিন্তু মোৰ কামিহাড় আছিল বাবেই ২০০১ চনৰ পৰা গুপ্তহত্যা বন্ধ হৈছিল। হিন্দুত্বৰ নামত মানুহৰ মন জয় কৰাটো ক্ষন্তেকীয়া বুলি অভিহিত কৰি গগৈয়ে কয়- যোৱাবাৰ তেওঁলোকে অৰ্থনৈতিক বিকাশৰ কথা কৈছিল আৰু এতিয়া ৰাম মন্দিৰৰ কথা কয়। ৰাজস্থান, মধ্য প্ৰদেশ আদিত বিজেপি কিয় হাৰিল বুলি প্ৰশ্ন কৰি কয় যে ২০১৪ত যাক পাপ্পু বুলি কৈছিল সি এতিয়া সিংহ। ৰাহুল গান্ধীয়ে এতিয়া মোডীৰ টোপনি হেৰুৱাইছে।
হিন্দুত্ববাদ কৰি বিজেপিয়ে হিন্দুত্বকতো ঠগিছেই বঙালী-অসমীয়াকো ঠগিছে। মুছলমান, দলিতকতো দেখিবই নোৱাৰে। মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক সমালোচনাৰ লক্ষ্য কৰি গগৈয়ে কয়- মুখ্য মন্ত্ৰীৰ গাত অসমীয়াৰ তেজ নাই। হিম'গ্লবিনো কমি গৈছে। তেওঁক এতিয়া মেডিচিন দিব লাগিব। সোণোৱালক কুচিয়া খাবলৈ পৰামৰ্শ আগবঢ়াই কয় যে তেওঁ এনেকুৱা এজন মুখ্য মন্ত্ৰী যে এফালে তেওঁ জাতি-মাটি-ভেটিৰ কথা কয়, আনফালে এইবোৰ সকলো বিক্ৰী কৰিব বিচাৰে। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰি কয়- এজনে গাদী ৰক্ষা কৰিবলৈ আৰু আনজনে গাদী পাবলৈ মোডীক সন্তুষ্ট কৰাৰ প্ৰতিযোগিতাত নামিছে।
তেওঁলোকে এইবোৰ কৰিয়েই ৰাইজৰ সমস্যাৰ প্ৰতি পিঠি দি আহিছে। গগৈয়ে পুনৰ হিমন্তক সমালোচনাৰ লক্ষ্য কৰি কয়- মানুহৰ তেলমৰাৰাৰো এটা সীমা আছে। মোক তেল মৰাত ময়ো ভোল গৈছিলোঁ। মোক ইমানেই তেল মাৰিছিল যে মই ওপৰলৈ গৈ তেওঁ যি বিচাৰিছিল তাকে দিছিলোঁ। এইটো মোৰ জীৱনৰ এটা ডাঙৰ অভিজ্ঞতা। গতিকে বেছি তেল মৰা মানুহক বিশ্বাস কৰিব নালাগে। এতিয়া সৰ্বায়ো সন্দেহৰ চকুৰে চায়। কাৰণ তেওঁকো হিমন্তই শান্তিত থাকিবলৈ দিয়া নাই। অৱশ্যে দুয়োজনেই ঠকবাজী। এজনে অগপক ঠগি আৰু আনজনে কংগ্ৰেছক ঠগি দুয়োজন লগ খাইছে। বিজেপি চৰকাৰখনে অসমক সৰু দুটা প্ৰকল্প দি ঠগিলে বুলি উল্লেখ কৰি গগৈয়ে কয়- যিখন এইমছ দিছে, সেইখনো বেবী এইমছহে। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই দিয়া ভাষণত কয়- ২০১৯ চনৰ মহাৰণৰ কাৰণে আগবাঢ়িছে কংগ্ৰেছ। এই মহাৰণক মহাভাৰতৰ যুদ্ধ বুলি অভিহিত কৰি কয়- এই যুদ্ধ আজিৰে পৰা ধনু-কাঁড়, গদা, হেংদাঙেৰে আৰম্ভ হৈছে। মহাভাৰতৰ যুদ্ধ আছিল ন্যায় আৰু অন্যায়ৰ বিৰূদ্ধে।
এই যুদ্ধত আমি আৰ এছ এছ আৰু বিজেপিক উৎখাত কৰিব লাগিব। সদ্যসমাপ্ত পঞ্চায়ত নিৰ্বাচনত বিজেপিয়ে গাৰ জোৰেৰে অথবা ভয়-ভাবুকি দি স্বৈৰাচাৰী নীতিৰে বহু প্ৰাৰ্থীক জিকাইছে। কংগ্ৰেছে দেশ-জাতিৰ লগতে সমাজ ৰক্ষাৰ বাবে অনাগত সময়ত মৰণপণ যুজঁ দি হ'লেও জয়লাভ কৰিব লাগিব। তেওঁলোকে শৰাইঘাটৰ শেষ ৰণ বুলি কৈছিল। আমি ক'ম ২০১৯ হ'ব শেষ ৰণ। তেওঁলোকৰ ৰণ আছিল জাতপাতৰ আৰু জাতি-ধৰ্মক থানবান কৰাৰ ৰণ। আমাৰ ৰণ হ'ব নিৰপেক্ষতাৰ ৰণ। সেয়ে কংগ্ৰেছে বিজেপি, আৰ এছ এছৰ অপশাসন দূৰ কৰি ৰাজ্যৰ লগতে দেশত শান্তি প্ৰতিষ্ঠা কৰিব লাগিব।
ৰকিবুল হুছেইনে ভাষণত কয়- সদ্যসমাপ্ত পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছ দলক যেনেকৈ ৰাইজে ভোট দিছে ইয়ে প্ৰমাণ কৰিছে যে অহা ২০১৯ৰ নিৰ্বাচনত কংগ্ৰেছে অসমৰ ১৪খন আসনেই লাভ কৰিব। ৰাজ্যৰ বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ আঢ়ৈটা বছৰ পাৰ নৌহওঁতেই ইমানেই ভয় খাইছে যে পঞ্চায়ত নিৰ্বাচনৰ বাবে উৰাজাহাজ ব্যৱহাৰ কৰি নিৰ্বাচনী প্ৰচাৰ চলাবলগীয়া হৈছে। বিজেপি চৰকাৰখনৰ কাম-কাজৰ প্ৰতি এতিয়া সৰ্বসাধাৰণ ৰাইজ ত্ৰস্তমান বুলি কটাক্ষ কৰি ৰকিবুল হুছেইনে কয়- বিজেপিৰ নেতা-কৰ্মীসকলৰ মহিলাসকলেও এইবাৰ কংগ্ৰেছৰ পক্ষে ভোট দিবলৈ সাজু হৈ উঠিছে। তেওঁ হিমন্ত বিশ্ব শৰ্মাৰ নাম উল্লেখ নকৰাকৈয়ে হিমন্তক ৰাজনৈতিক বতৰ বিজ্ঞানী বুলিও অভিহিত কৰে।
সভাত সাংসদ গৌৰৱ গগৈ, বিধায়ক নুৰুল হুদা, প্ৰাক্তন মন্ত্ৰী গৌতম বৰা, জ্যেষ্ঠ কংগ্ৰেছ নেতা বিষ্ণু প্ৰসাদ, প্ৰাক্তন বিধায়ক ইদ্ৰিছ আলি, গুণেশ্বৰ দাস, অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতি কমৰুল হুছেইন, কংগ্ৰেছ নেতা বিভূতি ভূষণ বৰঠাকুৰ, সুৰেশ বৰা, কল্যাণ গগৈ, শিৱামণি বৰা আদিয়ে অংশগ্ৰহণ কৰে। তাৎপৰ্যপূৰ্ণভাৱে আজিৰ এই সভাখনত নগাঁও সদৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক দুৰ্লভ চমুৱা উপস্থিত নথকা বিষয়টো কংগ্ৰেছ মহলত ব্যাপক চৰ্চা হৈছে।
- Log in to post comments
- 31 views