ৰোহিত ছেট্টীৰ অনবদ্য অভিলেখ : একে লেঠাৰিয়ে আঠখন ছবি 'এশ কোটিৰ ক্লাব'ত

w

বক্স অফিছত ৰোহিত ছেট্টী পৰিচালিত আৰু ৰণবীৰ সিং অভিনীত 'ছিম্বা'ই প্ৰচুৰ উপাৰ্জন কৰিছে৷ ছবিখনে মুক্তিৰ পাঁচ দিনতে ১২৪ কোটি টকা উপাৰ্জন কৰি 'এশ কোটিৰ ক্লাব'ত ভিৰ দিয়ে৷

w

ছবিখনে এশ কোটিতকৈ অধিক উপাৰ্জন কৰাৰ লগে লগেই পৰিচালক ৰোহিত ছেট্টীয়ে এটা অনবদ্য অভিলেখ গড়ে৷ একেলেঠাৰিয়ে আঠখন এশ কোটি আয় কৰা ছবি উপহাৰ দিয়া বলীউডৰ প্ৰথমগৰাকী পৰিচালক হিচাপে পৰিগণিত হয় ছেট্টী৷

q

এশ কোটিৰ ক্লাবত 'বেক টু বেক' পদাৰ্পণ কৰা ৰোহিত পৰিচালিত আঠখন ছবি হৈছ- (১) গোলাম-৩ (২০১০), (২) সিংহম (২০১১), (৩) ব'ল বচ্চন (২০১২), (৪) চেন্নাই এক্সপ্ৰেছ (২০১৩), (৫) সিংহম ৰিটাৰ্ণ (২০১৪), (৬) দিলৱালে (২০১৫), (৭) গোলমাল এগেইন (২০১৭), (৮) ছিম্বা (২০১৮)৷ 

w
ছেট্টীৰ এই সফলতাত উৎফুল্লিত ছিম্বাৰ নায়ক ৰণবীৰ সিঙে ইনষ্টাৰগ্ৰামত পোষ্ট কৰে-"All hail the blockbuster King! Ro-bro be slamming century after century."৷

w

আনহাতে 'ছিম্বা'ৰ প্ৰয়োজক কৰণ জোহৰে টুইট কৰি ৰোহিতক আখ্যা দিয়ে 'মছলা মেভেৰিক' বুলি৷ 'সিংহম'ৰ দৰেই কঠোৰ আৰক্ষী বিষয়াৰ কাহিনী সম্বলিত 'ছিম্বা'ৰ উৰ্ধগামী উপাৰ্জন প্ৰত্যক্ষ কৰাৰ পিছত ৰোহিত ছেট্টীক নিশ্চিতভাৱে আশা দিব পৰা হৈছে 'মছলা ছবি'ৰ সম্ৰাট হিচাপে৷ 

Your Comments