শিল্পী-সাহিত্যিক খেতেকেশ্বৰ গগৈৰ জন্মদিন উদ্‌যাপন

শিল্পী-সাহিত্যিক১খেতেকেশ্বৰ১গগৈৰ১জন্মদিন১উদ্‌যাপন

গোলাঘাটৰ পৰা মীনাক্ষী ফুকন

থলুৱা শিল্পী তথা সাহিত্যিক খেতেকেশ্বৰ গগৈ (মইনা গগৈ)ৰ আজি ৮০সংখ্যক ওপজা দিন৷ এই উপলক্ষে গোলাঘাট কছাৰীহাট শাখা সাহিত্য সভাৰ উদ্যোগত আৰু পৰিয়ালৰ সহযোগত কছাৰীহাটৰ নিজা বাসগৃহত এক গাম্ভীৰ্যপূৰ্ণ পৰিবেশত উদ্‌যাপন কৰা হয় তেওঁৰ জম্নদিন।

শিল্পী-সাহিত্যিক১খেতেকেশ্বৰ১গগৈৰ১জন্মদিন১উদ্‌যাপন

সেই উপলক্ষে বিশিষ্ট শিল্পীগৰাকীক শাখা সাহিত্য সভাৰ তৰফৰ পৰা এখনি গামোচা আৰু সম্বৰ্ধনা-পত্ৰৰে উষ্ম আদৰণি জনায়। ইয়াৰ লগতে বিভিন্নজন গুণমুগ্ধ আৰু সংগঠনে শিল্পীগৰাকীক সম্বৰ্ধনা জ্ঞাপন কৰি দীৰ্ঘায়ু কামনা কৰে। আজি জন্মদিন উপলক্ষে শিল্পীগৰাকীয়ে লিখি উলিওৱা, শিল্পীগৰাকীৰ জীৱন ভিত্তিক "মোৰ জীৱন পৰিক্ৰমা" শীৰ্ষক এখনি অভিনন্দন গ্ৰন্থও উন্মোচন কৰা হয়।

জন্মদিন উদ্‌যাপন অনুষ্ঠানত উপস্থিত থাকে গোলাঘাটৰ বিশিষ্ট নিবন্ধকাৰ, প্ৰাক্তন পৌৰপতি ডাঃ অজিত বৰুৱা, বিশিষ্ট শিল্পী ৰবিজ্যোতি গগৈ, সমাজকৰ্মী ৰমাকান্ত বৰদলৈ, জিলা পৰিষদৰ প্ৰাক্তন সদস্য ৰূপা হাজৰিকা, প্ৰাক্তন শিক্ষক নগেন গোঁহাই, ঘনশ্যাম হাজৰিকা, বিশিষ্ট শিক্ষাবিদ সৰ্বানন্দ মজুমদাৰ, অৱসৰপ্ৰাপ্ত শিক্ষক ৰেৱ শইকীয়া আদি।

শিল্পী-সাহিত্যিক১খেতেকেশ্বৰ১গগৈৰ১জন্মদিন১উদ্‌যাপন

উল্লেখ্য যে ২২টাকৈ বাদ্য সংগত কৰাত অতিকৈ পাৰ্গত শিল্পী খেতেকেশ্বৰ গগৈয়ে এসময়ৰ অতিকৈ জনপ্ৰিয় বেণ্ডপাৰ্টীৰ "মাষ্টাৰ" সন্মান লাভ কৰা উপৰি কেইবাখনো গ্ৰন্থও লিখি অসমৰ সাহিত্য ক্ষেত্ৰত উল্লেখনীয় বৰঙণি আগবঢ়াইছে। আজি এই স্মৰণীয় দিনটোত সমূহ গোলাঘাটবাসীয়ে এই বিশিষ্ট শিল্পী-সাহিত্যিকগৰাকীৰ সুস্বাস্থ্য কামনা কৰাৰ লগতে বৰ্তমানলৈকে শিল্পী পেঞ্চনৰ পৰা বঞ্চিত হৈ থকা শিল্পীজনক অসম চৰকাৰৰ পৰা স্বীকৃতি লাভৰ কামনা কৰে।

Your Comments