পাহৰাটো সম্ভৱ নহয় ‘ভাৰ্ছেটাইল’ কাদেৰ খানক

q

ৰাজকমল চাংকাকতিৰ প্ৰতিবেদন
হিন্দী ছবিৰ অনুৰাগীয়ে পাহৰাতো সম্ভৱপৰ নহয় এই গৰাকী অভিনেতাক৷ কেৱল অভিনয়ৰ ক্ষেত্ৰতে নহয়, চিত্ৰনাট্য ৰচনা আৰু সংলাপ লিখনৰ ক্ষেত্ৰটো তেওঁৰ আছিল অসামান্য দক্ষতা৷ ক’বলৈ বিচৰা হৈছে সদ্যপ্ৰয়াত কাদেৰ খানৰ বিষয়ে৷ যাক এজন ‘ভাৰ্ছেটাইল’ শিল্পী বুলি ক’লেও ভুল কোৱা নহ’ব৷ 

w

কাবুলত জন্মগ্ৰহণ কৰিছিল কাদেৰ খানে৷ ১৯৩৭ চনৰ ২২ অক্টোবৰত জন্মগ্ৰহণ কৰা কাদেৰ খানে তেওঁৰ শিক্ষা জীৱন অতিবাহিত কৰিছিল ভাৰতত৷ আফগানী পৰিচয় সলাই ভাৰতীয় হৈ পৰা খানে বোম্বাই বিশ্ববিদ্যালয়ৰ অন্তৰ্গত ইছমাইল ইউচুফ কলেজত মহাবিদ্যালয়ৰ শিক্ষা গ্ৰহণ কৰিছিল৷ পৰৱৰ্তী পৰ্যায়ত তেওঁ চিভিল ইঞ্জিনিয়াৰিঙৰ ডিপ্ল’মাধাৰী হৈছিলগৈ৷ কাদেৰ খানৰ কৰ্মজীৱন প্ৰথম পৰিচয় আছিল এজন শিক্ষক হিচাপে৷ তেওঁ ছৈবু ছিদ্দিক কলেজত অধ্যাপনা আৰম্ভ কৰিছিল৷ সেই সময়ত তেওঁ গণিত বিষয়ত থকা দক্ষতাৰ বাবে জনাজাত আছিল৷ 

e

কাদেৰ খান অভিনয়ৰ ক্ষেত্ৰলৈ অহাৰ ক্ষেত্ৰত প্ৰসিদ্ধ অভিনেতা দিলীপ কুমাৰৰ গুৰুত্বপূৰ্ণ ভূমিকা আছিল৷ দিলীপ কুমাৰে কাদেৰ খানৰ অভিনয় দেখিছিল এটা বাৰ্ষিক অনুষ্ঠানত মঞ্চস্থ নাটকত৷ নাটখনত খানৰ অভিনয় মুগ্ধ হৈছিল কুমাৰ৷ খানৰ মাজত মানসম্পন্ন অভিনয়ৰ সম্ভাৱনা প্ৰত্যক্ষ কৰি দিলীপ কুমাৰে তেওঁক এখন ছবি অফাৰ কৰিছিল৷ কাদেৰ খানৰ প্ৰথমখন ছবি আছিল ১৯৭৩ চনত মুক্তি লাভ কৰা ‘দাগ’৷ ইয়াত তেওঁ ছুপাৰষ্টাৰ ৰাজেশ খান্নাৰ সৈতে অভিনয় কৰিছিল৷ দাগৰ পিছত অভিনেতাজনে পিছলৈ আৰু ঘূৰি চাবলগিয়া হোৱা নাছিল৷

q

হিন্দী ছবিৰ বিভিন্ন ক্ষেত্ৰত প্ৰৱেশ কৰি তেওঁ নিজৰ দক্ষতাৰ পৰিচয় দিবলৈ আৰম্ভ কৰিছিল৷ ‘জৱানী দিৱানী’ নামৰ ছবিখনৰ চিত্ৰনাট্য ৰচনা কৰিছিল খানে৷ ইয়াৰ পিছত তেওঁ ‘হিম্মতৱালা’, ‘জানী দোস্ত’, ‘ছৰফৰোছ’, ‘জাষ্টিছ চৌধুৰী’, ‘ফৰ্জ অৰ কানুন’ আদি ছবিৰ কাহিনী ৰচনা কৰিছিল৷ উল্লিখিত ছবিসমূহৰ সংলাপ ৰচনাটো তেওঁ ভূমিকা পালন কৰিছিল৷ হিন্দী ছবিত অভিনেতা হিচাপে তেওঁ ‘ছেইলা বাবু’, ‘৫০-৫০’, ‘মক্ছদ’, ‘নয়া কদম’ত ৰাজেশ খান্নাৰ সৈতে কাম কৰিছিল৷ ‘মিষ্টাৰ নটৱাৰলালা’, ‘চোৰ চিপাহী’, ‘দিল দিৱানা’, ‘গুঞ্জ’, ‘মুকদ্দৰ ক্যা ছিকন্দৰ’ত চৰিত্ৰ অভিনেতা হিচাপে তেওঁ দৰ্শকৰ প্ৰিয় হৈ পৰিছিল৷ ‘আখেঁ’, ‘তকদিৰৱালা’, ‘দুলহে ৰাজা’, ‘সূৰ্যবংশম’, ‘বড়ে মিঞা ছোটে মিঞা’, ‘ৰাজা বাবু’, ‘আণ্টি নাম্বাৰ ওৱান’ আদি ছবিত তেওঁৰ কৌতুক অভিনয় দৰ্শকৰ বাবে সদায় স্মৰণীয়৷ ‘পাৰবাৰিছ’, ‘ধন দৌলত’, ‘কুৰ্বানী’, ‘লুটমাৰ’, ‘‘মেৰি আৱাজ ছুন’’ আদি ছবিত খলনায়ক হিচাপে তেওঁৰ ভূমিকা দৰ্শকৰ পচন্দৰ হৈ পৰিছিল৷ শক্তি কাপুৰৰ সৈতে কাদেৰ খানৰ ‘কমিক’ যুটি অতিকৈ জনপ্ৰিয় হৈছিল৷ গোৱিন্দ, শক্তি কাপুৰ আৰু কাদেৰ খানৰ ত্ৰিশংকু উপস্থিতি থকা বহুকেইখন ছবি হিট হিচাপে স্বীকৃত হৈছিল৷  

q
৩০০ৰো অধিক ছবিত অভিনয়ৰ লগতে প্ৰায় ২৫০ খন ছবিৰ বাবে সংলাপ ৰচনা কৰা কাদেৰ খান হিন্দী বোলছবিত ১৯৭১ চনৰ পৰা ২০১৭ বৰ্ষলৈ সক্ৰিয় আছিল৷ একেবাৰে শেহতীয়াভাৱে তেওঁ ২০১৫ বৰ্ষত ‘তেৱৰ’ ছবিত অভিনয় কৰিছিল৷ ২০০১ চনত ষ্টাৰপ্লাছ চেনেল যোগে প্ৰচাৰিত হাস্য মধুৰ ধাৰাবাহিক ‘হছনা মত’ত কাদেৰ খানৰ অভিনয় দৰ্শকে দেখিবলৈ পাইছিল৷ কাদেৰ খানাক হিন্দী ছবিৰ অনুৰাগীয়ে কেতিয়াও পাহৰিব নোৱাৰাৰ এটা কাৰণ হৈছে অভিনয়, সংলাপ নিক্ষেপত অভিনেতাজনে প্ৰদৰ্শন কৰা বুদ্ধিদ্বীপ্ততাৰ বাবে৷ ৮১ বছৰ বয়সত টৰণ্টোত চিকিৎসাধীন অৱস্থাত মৃত্যু ঘটা এই আফগানী পস্তুন অভিনেতাজনে অভিনয়ৰ এনে এটা ‘ষ্টেণ্ডাৰ্ড’ স্থাপন কৰি গ’ল, য’ত উপনীত হোৱাটো বলিউডৰ বৰ্তমান অভিনয় শিল্পীসকলৰ বাবে সহজসাধ্য নহ’ব৷

Your Comments