আঞ্চলিক ৰাজনীতিলৈ অশনি সংকেত, ২০১৮ ত নগাঁৱত অধিক দুৰ্বল হ'ল অসম গণ পৰিষদ

agp

নগাঁৱৰ পৰা ৱাহিদুদ জামান, 

ৰাজ্যৰ ৰাজনীতি গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি অহা নগাঁও জিলাত ২০১৮ বৰ্ষটো অসমৰ প্ৰধান আঞ্চলিক দল অসম গণ পৰিষদৰ বাবে সুখকৰ নহ'ল। নগাঁও জিলাত অগপৰ এক শক্তিশালী ভিত্তি থকাৰ পিছতো এই বৰ্ষত দলটো অধিক গতিশীল হ'ব নোৱাৰিলে, এয়া নিসন্দেহে অসমৰ আঞ্চলিক ৰাজনীতিৰ বাবে এক হতাশাৰ বিষয় হিচাপে চিহ্নিত হৈছে। মূলতঃ অসমীয়া ৰাইজৰ আবেগ-অনুভূতিক লৈ গঠিত এই দলটোক এটা সময়ত নগাঁও জিলাত ৰাইজে আকোঁৱালি লৈছিল। ১৯৮৫ চনৰ পৰা ১৯৯৬ চনৰ নিৰ্বাচনত জিলাখনত অগপৰ শক্তিশালী উত্থান হৈছিল। 

mahanta

১৯৯৬ চনৰ নিৰ্বাচনত অবিভক্ত নগাঁও জিলাৰ ১১ টা বিধান সভা সমষ্টিৰ ভিতৰত ৮টা বিধানসভা সমষ্টি দখল কৰিবলৈ সক্ষম হৈছিল। জিলাখনত শক্তিশালী স্থিতি থকাৰ পিছতো ২০০১ চনৰ নিৰ্বাচনৰ পিছৰে পৰা জিলাখনত অগপৰ স্থিতি দুৰ্বল হৈ পৰিছিল। তেতিয়াৰে পৰা জিলাখনত ক্ৰমশঃ দুৰ্বল হ'বলৈ ধৰে। জিলা খনত প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত, বৰ্তমানৰ মন্ত্ৰী কেশৱ মহন্ত, প্ৰাক্তন মন্ত্ৰী ক্ৰমে গিৰীন্দ্ৰ কুমাৰ বৰুৱা, গুনীন হাজৰিকা, উমেশ দাসৰ দৰে শক্তিশালী নেতা থকাৰ পিছতো দলটোত শক্তিশালী ৰূপত আগোৱাই নিব নোৱাৰাটো দুৰ্ভাগ্যজনক বিষয় হিচাপে চিহ্নিত হৈছে। 

kesahb

২০১৬ চনৰ বিধান সভাৰ নিৰ্বাচনৰ পিছত অগপ দল পুনৰ ঠন ধৰি উঠিছিল যদিও শেহতীয়া ভাবে দলটো শীৰ্ষ নেতৃত্বতৰ কেতবোৰ কাম কাজে দলটোক অধিক দুৰ্বল কৰি তোলা পৰিলক্ষিত হৈছে। বিশেষকৈ মিত্ৰজোটৰ চৰকাৰ থকাৰ পিছতো মিত্ৰতা ত্যাগ নকৰাকৈয়ে চৰকাৰখনক সমালোচনা কৰা কাৰ্য্যক ৰাইজে সহজ ভাবে লব পৰা নাছিল। 

তদুপৰি নাগৰিকত্ব সংশোধনী বিধেয়ক আৰু অসম চুক্তিৰ ক্ষেত্ৰত দলটোৱে স্পষ্ট নীতি গ্ৰহন নকৰাত দলটোৰ নেতৃত্বৰ প্ৰতি ৰাইজৰ মাজত ক্ষোভৰ সৃষ্টি হৈছে। মিত্ৰতা ত্যাগ কৰিবলৈ এক ছেকেণ্ড নালাগে বুলি হুংকাৰ দিয়া অতুল বৰাকে ধৰি একাংশ শীৰ্ষ নেতৃত্বই হুংকাৰ দিয়াৰ পিছতো একমাত্ৰ ক্ষমতাৰ স্বাৰ্থত চৰকাৰ খনৰ অংশীদাৰ হৈ থাকি দুই নাওঁ দুই ভৰি দিয়া স্থিতি গ্ৰহন কৰাৰ বাবে সদ্য সমাপ্ত নিৰ্বাচনত ৰাজ্য খনৰ আন আন জিলাৰ লগতে নগাঁও জিলাতো অগপ দল প্ৰায় বিধ্বস্ত হ'ল। 

girindra_kumar_baruah

অগপৰ কাৰ্যকৰী সভাপতি তথা জলসম্পদ মন্ত্ৰী কেশৱ মহন্তৰ গৃহ সমষ্টি কলিয়াবৰতো পঞ্চায়ত নিৰ্বাচনত অগপই এখনো জিলা পৰিষদৰ আসন দখল কৰিবলৈ সক্ষম নোহোৱাত অগপৰ তৃণমূল কৰ্মীৰ লগতে আঞ্চলিকতাবাদৰ সমৰ্থক সকল চিন্তিত হৈ পৰিছে। পঞ্চায়তত নিৰ্বাচনত শোচনীয় পৰাজয় হোৱাৰ পিছতো জিলা খনৰ অগপৰ নেতা সকলৰ গালৈ হুচ অহা নাই। 

gunin_hazarika

দলটোক কেনেকৈ আগোৱাই লৈ যাব পাৰি তাক লৈ নেতা সকলৰ যেন অলপো ভ্ৰুক্ষেপ অথবা কোনো নতুন চিন্তা চৰ্চা নাই। আনকি, জিলাখনত থকা অগপৰ নগাঁও জিলা সমিতি আৰু কলিয়াবৰ জিলা সমিতিৰ কাৰ্যালয় দুটাত সম্প্ৰতি বিৰাজ কৰিছে এক নিমাওমাও পৰিৱেশ। তৃণমূল কৰ্মী আৰু ৰাইজৰ আবেগ-অনুভূতিক অলপো গুৰুত্ব নিদি একমাত্ৰ ক্ষমতাক খামুচ মাৰি ধৰি ৰখাৰ বাবেই এতিয়া জিলাখনত আঞ্চলিক ৰাজনীতিৰ ক্ষেত্ৰখনত তীব্ৰ প্ৰত্যাহ্বানৰ সৃষ্টি হৈছে। এতিয়া জিলা খনত দলটোক শক্তিশালী কৰাৰ ক্ষেত্ৰত অগপৰ নেতৃত্বই কি পদক্ষেপ গ্ৰহণ কৰে সেয়া অৱশ্যে পৰৱৰ্তী সময়ত লক্ষনীয় হ'ব।

Your Comments