বিশ্বনাথত সত্ৰীয়া আৰু পাশ্চাত্য নৃত্যৰ কৰ্মশালা

বিশ্বনাথত সত্ৰীয়া আৰু পাশ্চাত্য নৃত্যৰ কৰ্মশালা

বিশ্বনাথৰ পৰা ভাস্কৰ দাস

বিশ্বনাথৰ নৃত্যাঞ্জলি কলা নিকেতনত শাস্ত্ৰীয় আৰু পাশ্চাত্য ৰাষ্ট্ৰীয় নৃত্য মহোৎসৱৰ ১৫ দিনীয়া কৰ্মশালা আয়োজন কৰা হৈছে। অহা জানুৱাৰী মাহৰ ৬ তাৰিখে বিশ্বনাথত অনুষ্ঠিত হ'বলগীয়া ৰাষ্ট্ৰীয় নৃত্য মহোৎসৱৰ বাবে এতিয়া বিশ্বনাথৰ নৃত্যাঞ্জলি কলা নিকেতন কণ কণ শিশুৰ কলৰৱৰে মুখৰিত হৈ পৰিছে।

বিশ্বনাথত সত্ৰীয়া আৰু পাশ্চাত্য নৃত্যৰ কৰ্মশালা

নৃত্যাঞ্জলি কলা নিকেতনত পুৱা, আবেলি আৰু সন্ধিয়া এইদৰে কণ কণ শিশুসকল ব্যস্ত হৈ পৰিছে নৃত্যৰ আখৰাত। কোনোৱে যদি প্ৰশিক্ষণ লৈছে সত্ৰীয়া নৃত্যৰ আকৌ কোনোৱে লৈছে পাশ্চাত্য নৃত্যৰ। মুঠতে এতিয়া এই কণ কণ শিশুসকলৰ ব্যস্ততাৰ পৰা যেন আহৰি নাই।

অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ দ্বাৰা জ্যোতি ভাৰতী তেজপু্ৰৰ অধীনস্থ নৃত্যাঞ্জলি কলা নিকেতনে প্ৰদান কৰা এই কৰ্মশালাত বিশ্বনাথৰ বিভিন্ন স্থানৰ ১৫০ৰো অধিক কণ কণ শিশুৱে অংশগ্ৰহণ কৰি হেঁপাহ পলুৱাই নৃত্য পৰিবেশন কৰাত ব্যস্ত হৈ পৰিছে।

প্ৰশিক্ষক হিচাপে নৃত্যাঞ্জলি কলা নিকেতনৰ স্বত্বাধিকাৰী অংকুমণি কপিল আৰু সত্ৰীয়া নৃত্যত সংগীত নাটক একাডেমী বঁটাপ্ৰাপক দিপু নেওগে প্ৰশিক্ষণ প্ৰদাণ কৰিছে।

Your Comments