বিশ্বনাথ চাৰিআলিৰ পৰা ভাস্কৰ দাস
সংগীত জগতৰ অন্যতম উজ্জ্বল নক্ষত্ৰ, বিশিষ্ট শিল্পী, সদ্য প্ৰয়াত দীপালী বৰঠাকুৰলৈ আজি বিশ্বনাথ চাৰিআলিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। অগ্ৰগামী শিল্পী সমাজৰ উদ্যোগত বিশ্বনাথ চাৰিআলিস্থিত বীণাপাণি নাট্য মন্দিৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত দিলীপ ভট্টাচাৰ্যই প্ৰয়াত শিল্পীগৰাকীৰ প্ৰতিকৃতিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰাৰ পিছত দুৰ্গেশ্বৰ শইকীয়াই পুষ্পাঞ্জলি অৰ্পণ কৰে।
যুটীয়া সম্পাদক মুন চেত্ৰীয়ে আঁতধৰা অনুষ্ঠানত বৃহত্তৰ বিশ্বনাথৰ বহুকেইগৰাকী শিল্পী, সাহিত্যিকৰ লগতে কেন্দ্ৰীয় মহিলা সমিতি, লেখিকা সমিতি, জ্যেষ্ঠ নাগৰিক সন্থা, কল্পতৰু সংঘ, বিশ্বনাথ জিলা আৰু শাখা সাহিত্য সভা, নতুন সাহিত্য পৰিষদ, জোনাকী চ'ৰা, বিশ্বনাথ সাংবাদিক সন্থা, উত্তৰণ সমাজ, বিশ্বনাথ আঞ্চলিক ছাত্ৰ সন্থা, বিশ্বনাথ চাৰিআলি জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ,
কবি চক্ৰ, বীণাপাণি নাট্য সমাজ, লাচিত যুৱক সংঘ, সূৰ্য বৰা সোঁৱৰণী, কেন্দ্ৰীয় বিহু সমিতি, সৰসী কবি সন্মিলন, ই-ৰিক্সা সন্থাৰ উপৰি বিশিষ্ট সমাজ সেৱক, সুচিকিৎসক ডাঃ অমল শইকীয়া, সমাজসেৱক, অগ্ৰগামী শিল্পী সমাজৰ সভাপতি অঞ্জন বৰা (জিতু) আদিকে কৰি সহস্ৰাধিক বিশিষ্ট ব্যক্তিয়ে দীপালী বাইদেউলৈ শ্ৰদ্ধা জনাই পুষ্পাৰ্পণ কৰে।
অনুষ্ঠানত দিলীপ ভট্টাচাৰ্য, দুৰ্গেশ্বৰ শইকীয়া, ডাঃ অমল শইকীয়া, মিনাক্ষী দেৱী, কল্পনা ভূঞা, দিলীপ ভূঞা আদিকে কৰি বহু বিশিষ্ট ব্যক্তিয়ে প্ৰয়াত শিল্পীগৰাকীৰ চমু জীৱনী আৰু কৰ্মৰাজিৰ বিষয়ে নিজ নিজ ভাষণ প্ৰসংগত উল্লেখ কৰে। শিশু শিল্পী অলকানন্দা ভূঞা আৰু মায়া বৰঠাকুৰ, অৰ্চনা বৰা, মিনতি বৰঠাকুৰ, গাৰ্গী হাজৰিকা আদি কণ্ঠশিল্পীৰ গীত পৰিবেশনে অনুষ্ঠানৰ সৌষ্ঠৱ বৃদ্ধি কৰে।
বাইদেউক শ্ৰদ্ধা জনাই কবি গীতা দাস শইকীয়া, ৰশ্মিৰেখা গোস্বামী, আদ্ৰিতা পৰাশৰ মহন্ত, বেদদীপ উপাধ্যায় গৌতমে স্বৰচিত কবিতা পাঠ কৰে। নৱগঠিত অগ্ৰগামী শিল্পী সমাজে সকলো ধৰণৰ শিল্প-সংগীত সাধনাৰ জৰিয়তে বিশ্বনাথক আগুৱাই নিয়াৰ প্ৰতিশ্ৰুতিৰ কথা উদ্যোক্তাসকলে জানিবলৈ দিয়ে।
- Log in to post comments
- 8 views