ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ পৰা অহা সাংস্কৃতিক দলসমূহে প্ৰদৰ্শন কৰা লোকনৃত্যই জেংৰাইমুখৰ সহস্ৰাধিক দৰ্শকক আজি মুগ্ধ কৰি তোলে। উল্লেখ্য যে ভাৰত চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰণালয়ৰ উদ্যোগত উত্তৰ-পূব সাংস্কৃতিক কেন্দ্ৰৰ সৌজন্যত বৃহস্পতিবাৰৰ পৰা আৰম্ভ হৈছে লোকনৃত্যৰ পাৰস্পৰিক বিনিময় অনুষ্ঠান।
ৰাজ্যখনত প্ৰথমবাৰৰ বাবে ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয়ে আৰম্ভ কৰা সাংস্কৃতিক মহোৎসৱৰ দ্বিতীয় দিনৰ কাৰ্যসূচী মাজুলীৰ জেংৰাইমুখ ৰাজীৱ গান্ধী ক্ৰীড়া প্ৰকল্প খেলপথাৰত বন্তি প্ৰজ্বালনেৰে শুভাৰম্ভ কৰে বিশিষ্ট সাংস্কৃতিক কৰ্মী তথা জেংৰাইমুখ উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ সহকাৰী শিক্ষক ৰাইচিং দলেয়ে।
ইয়াৰ পিছতে সাংস্কৃতিক মহোৎসৱ "ডিছক'ভাৰ নৰ্থ-ইষ্ট আছাম কালচাৰেল য়াত্ৰা"ৰ জৰিয়তে বিহাৰৰ ভোজপুৰী, ঝুমুৰ নৃত্য; ত্ৰিপুৰাৰ মমিতা নৃত্য, মাজুলী জেংৰাইমুখ নি:তম তুলিৰ মিচিং লোকনৃত্য, গোমৰাগ নৃত্য; মধ্য প্ৰদেশৰ বাৰিধী নৃত্য, চিকিমৰ মাৰুনী নৃত্য, মণিপুৰৰ সমৰ কলা আৰু লাই আৰবা নৃত্য, দেউৰী জনগোষ্ঠীয় বিহু নৃত্য, মাজুলীৰ মিচিং শিল্পীসকলৰ চেল্লয়া নৃত্য আদি বিভিন্ন লোকনৃত্য শিল্পীসকলে প্ৰদৰ্শন কৰি দৰ্শকক আপ্লুত কৰাৰ উপৰি সমন্বয়ৰ বাৰ্তা প্ৰেৰণ কৰে ।
উল্লেখ্য যে বিশ্বায়নৰ লগে লগে বিভিন্ন ধৰ্মীয়, ভাষা-ভাষী লোকৰ মাজৰ পৰা হেৰাই যাব খোজা এই লোকনৃত্যবোৰক পুনৰ উজ্জীৱিত কৰি ক্ৰমান্বয়ে বিভাজন হ'বলৈ ধৰা জটিল সমাজক সাংস্কৃতিকভাৱে ঐক্যবদ্ধ কৰোৱাটোৱেই সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰণালয়ৰ এক অন্যতম প্ৰয়াস বুলি অনুষ্ঠানত মন্তব্য প্ৰকাশ কৰে বিভাগৰ সমন্বয়ক নৱ কুমাৰ ভৰালীয়ে।
লীনা বৰগোঁহায়ে আঁতধৰা অনুষ্ঠান উদ্বোধন কৰে এন ই জেট চি চিৰ কাৰ্যবাহী বিষয়া ৰঞ্জন বিশ্বাসে। অনুষ্ঠানত অষ্ট্ৰিয়াৰ দুগৰাকী পৰ্যটক লেচান আৰ্নষ্ট আৰু ফিল্ড গেচীয়ে বিভিন্ন ধৰ্মাৱলম্বী লোকৰ নৃত্য উপভোগ কৰি অভিভূত হোৱাৰ কথা প্ৰকাশ কৰে । এই সাংস্কৃতিক মহোৎসৱত বিভিন্ন সাংস্কৃতিক দলৰ প্ৰতিনিধি, সাংবাদিক, অতিথি, দল-সংগঠনৰ প্ৰতিনিধি তথা বিদেশী পৰ্যটকক ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয়।
অনুষ্ঠানত জেংৰাইমুখ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক পদ্মধৰ পেগু, জেংৰাইমুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ প্ৰভাত বৰা আদিকে ধৰি বিভিন্ন বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
- Log in to post comments
- 28 views