কলিয়াবৰৰ পৰা প্ৰদীপ লস্কৰ
কলিয়াবৰৰ অন্যতম পুৰণি সাংস্কৃতিক অনুষ্ঠান হাটবৰ কেন্দ্ৰীয় নাট্য সমাজ । ১৯৫২ চনতে প্ৰতিষ্ঠা হোৱা অনুষ্ঠানটোৱে ইংৰাজী নতূন বৰ্ষৰ প্ৰাৰম্ভতে সদৌ অসম ভিত্তিত বৰগীত প্ৰতিযোগিতাৰ আয়োজন কৰিছে ।
অহা বৰ্ষৰ ৫ জানুৱাৰী শনিবাৰে কলিয়াবৰৰ হাটবৰ কেন্দ্ৰীয় নাট্য সমাজ ভৱন প্ৰেক্ষাগৃহত অনুষ্ঠিত হ'ব এই প্ৰতিযোগিতা । ১৪ বছৰৰ ঊৰ্ধ্বৰ সকলো প্ৰতিযোগীৰ বাবে মুকলি এই প্ৰতিযোগিতাৰ প্ৰথম পুৰস্কাৰ : লোকবন্ধু পোনা বৰুৱা সোঁৱৰণি বঁটা, মানপত্ৰ, অংগ বস্ত্ৰ আৰু নগদ ১৫,০০০.০০ টকা;
দ্বিতীয় পুৰস্কাৰ : পূৰ্ণকান্ত মহন্ত সোঁৱৰণি বঁটা, মানপত্ৰ, অংগ বস্ত্ৰ আৰু নগদ ১০,০০০.০০ টকা; তৃতীয় পুৰস্কাৰ : নাৰায়ণ মুক্তিয়াৰ সোঁৱৰণি বঁটা, মানপত্ৰ, অংগ বস্ত্ৰ আৰু নগদ ৭,০০০.০০ টকা; চতুৰ্থ পুৰস্কাৰ : দেবেন বৰা সোঁৱৰণি বঁটা, মানপত্ৰ, অংগ বস্ত্ৰ আৰু নগদ ৫,০০০.০০ টকা ।
হাটবৰ কেন্দ্ৰী নাট্য সমাজৰ সম্পাদক মুৰুলী বৰাই ইচ্ছুক প্ৰতিযোগীসকলক ৭০০২৪ ২৬৯১০, ৯৮৬৪২ ৪৩৯৯৫, ৯১০১১ ৭৭৮৪৯ নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে ।
- Log in to post comments
- 39 views