মূকাভিনয় শিল্পী জ্ঞানশিখালৈ চিচিআৰটিৰ সন্মানীয় স্কলাৰশ্বিপ

মূকাভিনয়১শিল্পী১জ্ঞানশিখালৈ১চিচিআৰটিৰ১সন্মানীয়১স্কলাৰশ্বিপ

নগাঁৱৰ পৰা ঋতুপৰ্ণ শৰ্মা

নিজৰ সুপ্ত শিল্পী প্ৰতিভাৰ নিদৰ্শন দাঙি ধৰি সুন্দৰ-সাৱলীল মূকাভিনয়েৰে খুব কম সময়ত সংস্কৃতিৰ বৰপথাৰত জিলিকি উঠা জ্ঞানশিখা হাজৰিকাই কেন্দ্ৰীয় চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰ্যালয়ৰ অধীনস্থ চেণ্টাৰ ফৰ কালচাৰেল ৰিছাৰ্চ এণ্ড ট্ৰেইনিং (চি চি আৰ টি)ৰ সন্মানীয় স্কলাৰশ্বিপ লাভ কৰিবলৈ সক্ষম হৈছে ৷

মূকাভিনয়১শিল্পী১জ্ঞানশিখালৈ১চিচিআৰটিৰ১সন্মানীয়১স্কলাৰশ্বিপ

ভাৰতৰ বিভিন্ন ক্ষেত্ৰৰ লোকক নিজৰ প্ৰতিভাৰ বিকাশৰ বাবে সাংস্কৃতিক মন্ত্ৰ্যালয়ে প্ৰতিবছৰে এই স্কলাৰশ্বিপ প্ৰদান কৰি আহিছে ৷ গুৱাহাটীৰ বৰসজাইস্থিত মহৰ্ষি বিদ্যা মন্দিৰৰ নৱম শ্ৰেণীৰ ছাত্ৰী জ্ঞানশিখাই মূকাভিনয় শিতানত চি চি আৰ টিৰ এই বিশেষ স্কলাৰশ্বিপ লাভ কৰা বুলি জানিব পৰা গৈছে ৷

মূকাভিনয়১শিল্পী১জ্ঞানশিখালৈ১চিচিআৰটিৰ১সন্মানীয়১স্কলাৰশ্বিপ

উল্লেখ্য যে ছাত্ৰীগৰাকীয়ে সংগীত নাটক একাডেমী বটা বিজয়ী বিশিষ্ট শিল্পী, মূকাভিনেতা মইনুল হকৰ অধীনত মূকাভিনয়ৰ প্ৰশিক্ষণ গ্ৰহণ কৰি    আছে ৷

মূকাভিনয়১শিল্পী১জ্ঞানশিখালৈ১চিচিআৰটিৰ১সন্মানীয়১স্কলাৰশ্বিপ

কিশোৰী জ্ঞানশিখা গুৱাহাটী নিবাসী জানমণি হাজৰিকা আৰু পূৱালী হাজৰিকাৰ একমাত্ৰ জীয়াৰী ৷ মেধাৱী ছাত্ৰীগৰাকীৰ এই সাফল্যই মূকাভিনয় জগতখনলৈ গৌৰৱ কঢ়িয়াই আনিছে ৷

Your Comments