লোকবাদ্যসমূহ অসমীয়াৰ প্ৰাণ । এই লোকবাদ্যসমূহেই হৈছে অসমীয়া জাতিৰ মূল সম্বল । লোকবাদ্যসমূহত বিচাৰি পায় জীয়াই থকাৰ ছন্দ । লোকবাদ্যসমূহৰ সুৰে মুগ্ধ কৰে প্ৰতিজন ব্যক্তিক । গহপুৰ চহৰৰ ধেনুধৰা গাঁৱৰ এগৰাকী ব্যক্তিৰ জীৱনত বাৰুকৈয়ে প্ৰভাৱ বিস্তাৰ কৰিছে অসমীয়া লোকবাদ্য দোতৰাই ।
১৯৬৫ চনত গহপুৰৰ ধেনুধৰা গাঁৱত জন্মগ্ৰহণ কৰি শৈশৱকালৰ পৰাই অসমীয়া লোকবাদ্য বিশেষকৈ দোতৰাৰ প্ৰতি আৰ্কষিত হয় উমা হাজৰিকা । লোকবাদ্যৰ কোনো আনুষ্ঠানিক শিক্ষা নোহোৱাকৈয়ে তেখেতে কেৱল আনে বজোৱা অনুসৰণ কৰিয়েই আয়ত্ত কৰিবলৈ সক্ষম হয় দোতৰাৰ ষ্ট্ৰিঙত সুৰৰ মূৰ্চ্ছনা ।
বিভিন্ন ভাষা-ভাষী গীতৰ সুৰে প্ৰাণ পায় তেখেতৰ হাতৰ পৰশত নিৰ্মিত দোতৰাখনত । কঠোৰ সংগ্ৰামেৰে শৈশৱ পাৰ কৰি তেখেতে ১৯৮৭ চনত ইংৰাজী বিষয়ৰ শিক্ষক হিচাপে চাকৰিত যোগদান কৰে ।
কিন্তু শিক্ষকতা, কৃষিকৰ্ম, দোতৰা বাদন সকলোখিনি চলাই নিছে সুন্দৰ ৰূপে । বৰ্তমান সময়ত উমা হাজৰিকাই বিভিন্ন অনুষ্ঠানত দোতৰা বাদ্য বাদনেৰে শ্ৰোতা-ৰাইজৰ মন জয় কৰিবলৈ সক্ষম হৈ আহিছে । উল্লেখ্য যে উমা হাজৰিকাই ৰাষ্ট্ৰীয় পৰ্যায়তো দোতৰা বাদনৰ জৰিয়তে উপস্থিত জনতাৰ মন জয় কৰিবলৈ সক্ষম হৈছিল ।
তেখেতে মত পোষণ কৰে যে দোতৰা বাদন তেখেতৰ প্ৰাণত একাত্ম হৈ থকা হৃদয়ৰ এক অনুভূতি । সেয়ে তেখেতে সংবাদ মাধ্যমক জনায় যে কোনো ব্যক্তিয়ে যদি দোতৰা শিকিব বিচাৰে তেন্তে তেনে ব্যক্তিক বিনা পাৰিশ্ৰমিকেৰে দোতৰাৰ জ্ঞান দিবলৈ তেখেত অন্ত:কৰণেৰে আগ্ৰহী ।
লগতে তেখেতে সকলো লোককে এই অসমীয়া লোকবাদ্যবিধক শিকিবলৈ আৰু বিশ্বৰ মানসপটত জীয়াই ৰাখিবলৈ আহ্বান জনায় ৷ কিয়নো প্ৰতিটো বাদ্যযন্ত্ৰৰে এক স্বকীয়তা থাকে আৰু সেই স্বকীয়তাখিনি জীয়াই ৰখাৰ দায়িত্ব প্ৰতিজন ব্যক্তিৰে বুলি মত পোষণ কৰে ।
- Log in to post comments
- 51 views