কংগ্ৰেছৰ দুর্গ হিচাপেখ্যাত নগাঁও জিলাৰ চামগুৰি বিধানসভা সমষ্টিত বিজেপি দলৰ লক্ষ্যনীয় উত্থান হৈছে । কংগ্ৰেছ দলৰ শক্তিশালী নেতা তথা এসময়ৰ মহাপ্ৰতাপী মন্ত্ৰী ৰকিবুল হুছেইন ২০০১ চনৰ পৰা বতমানলৈ সমষ্টিটোৰ বিধায়ক হৈ আছে। বিগত কংগ্ৰেছ চৰকাৰৰ ১৫ বছৰীয়া শাসন কালত চামগুৰি সমষ্টিত কংগ্ৰেছ দলৰ বাহিৰে আন ৰাজনৈতিক দলে সভা-সমিতি আদি অনুষ্ঠিত কৰাৰ সাহস গোটাব পৰা নাছিল । বিগত বিধানসভা নিৰ্বাচনতো কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইনৰ হাতত বিজেপি প্ৰাৰ্থীগৰাকী শোচনীয়ভাবে পৰাজয়বৰণ কৰিছিল।
২০১৬ চনত ৰাজ্যত বিজেপি নেৰ্তৃত্বাধীন চৰকাৰ গঠন হোৱাৰ পিছৰে পৰা চামগুৰি সমষ্টিত বিজেপিয়ে ক্ৰমশ: খোপনি পুতিবলৈ আৰম্ভ কৰে। ইয়াৰ প্ৰতিফলন ঘটিছে পঞ্চায়ত নিৰ্বাচনত । কালি পুৱাৰে পৰা পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনাত এই কথা স্পষ্ট হৈ পৰিছে । বাতৰি লিখা পৰলৈকে চামগুৰি সমষ্টিৰ অন্তৰ্গত বহুকেইটা গাঁও পঞ্চায়তত বিজেপি দলে অগ্ৰগতি লাভ কৰাৰ লগতে কেইবাটাও পঞ্চায়তত বিজেপি প্ৰাৰ্থী নিৰ্বাচিত হৈছে ।
ইয়াৰ ভিতৰত অন্যতম হ'ল- চামগুৰি, আমলখী, আমবাগান আদি গাঁও পঞ্চায়ত। এই তিনিওটা পঞ্চায়ততে বিজেপিৰ সভাপতি আৰু আঞ্চলিক সদস্য পদৰ প্ৰাৰ্থী নিৰ্বাচিত হৈছে । ইয়াৰে চামগুৰি গাঁও পঞ্চায়তত সভাপতি আৰু আঞ্চলিক সদস্যৰ পদত ক্ৰমে বিজেপিৰ মনিকা দাস হাজৰিকা আৰু বাবুল দাস নিৰ্বাচিত হৈছে ।
আনহাতে, চামগুৰি গাঁও পঞ্চায়তৰ ১০ টা পঞ্চায়ত সদস্যৰ ভিতৰত ৭টাতেই বিজেপি প্ৰাৰ্থী নিৰ্বাচিত হৈছে । আমলখী গাঁও পঞ্চায়তত সভাপতি আৰু আঞ্চলিক সদস্যৰ পদত ক্ৰমে সোণালী বেহেৰা আৰু ৰাজু কুমাৰ চব্বৰ বিজয়ী হৈছে। এই পঞ্চায়তৰ ১০টা পঞ্চায়ত সদস্য পদৰ ৯টাতেই বিজেপি প্ৰাৰ্থী বিজয়ী হৈছে । আনকি, ৰকিবুল হুছেইনে সপত্নীয়ে ভোট দিয়া এই পঞ্চায়তখনৰ ৪নং ৱাৰ্ড সদস্য পদত বিজেপি প্ৰাৰ্থীগৰাকী জয়ী হৈছে । আমবাগান গাঁও পঞ্চায়তৰ সভাপতি আৰু আঞ্চলিক সদস্য পদত ক্ৰমে- বিজেপিৰ চনকা মণ্ডল আৰু কল্পনা সিং বনিক নিৰ্বাচিত হৈছে |
এই পঞ্চায়ত সদস্য পদৰ ৬টাতেই বিজেপি প্ৰাৰ্থী বিজয়ী হৈছে। উল্লেখ্য যে, আমলখী গাঁও পঞ্চায়ত ৰকিবুল হুছেইনৰ নিজা গাওঁ পঞ্চায়ত | এই পঞ্চায়তত বিজেপিয়ে আশাতীত সফলতা লাভ কৰা কাৰ্যই কংগ্ৰেছ মহলত এক প্ৰকাৰ জোঁকাৰণিৰ সৃষ্টি হৈছে । কংগ্ৰেছৰ শক্তিশালী দুৰ্গ হিচাপে চিহ্নিত চামগুৰিত বিজেপিৰ লক্ষনীয় উত্থানে বিশেষ তাৎপৰ্য বহন কৰিছে। সমষ্টিটোত কংগ্ৰেছ তথা ৰকিবুল হুছেইনৰ বিৰুদ্ধে ভোটাৰ ৰাইজে মুক্ত মনেৰে ভোটদান কৰিবলৈ সক্ষম হোৱা কাৰ্য মনকৰিবলগীয়া। বাতৰি লিখা পৰলৈকে সমষ্টিটোৰ অন্তৰ্গত জিলা পৰিষদকে বহুকেইটা বিজেপিয়ে অগ্ৰগতি লাভ কৰিছে ।
- Log in to post comments
- 14 views