সদ্য সমাপ্ত পঞ্চায়ত নিৰ্বাচনৰ কাইলৈ অনুষ্ঠিত হ'ব লগা ভোট গণনাৰ বাবে নগাঁও জিলা প্ৰশাসনে প্ৰস্তুতি ইতিমধ্যে সম্পূৰ্ণ কৰি তুলিছে। ইয়াৰ সমান্তৰালভাবে পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হোৱা সকলো ৰাজনৈতিক দল তথা নিৰ্দলীয় প্ৰাৰ্থীয়েও ভোট গণনাৰ বাবে তেওঁলোকৰ কাউন্টিং এজেণ্ট নিয়োগকে ধৰি অন্যান্য প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে ।
জিলাখনৰ নগাঁও মহকুমাৰ ২৩ জিলা পৰিষদ সমষ্টিৰ অন্তৰ্গত ভোট গ্ৰহণ কেন্দ্ৰসমুহৰ বেলট বাকচসমূহ নগাঁও চহৰৰ তিনিটা ষ্ট্ৰং ৰূমত ৰখা হৈছে । ইয়াৰে নগাঁও চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ত স্থাপন কৰা ষ্ট্ৰং ৰূমত ৬ নং জাৰামাৰি-আলিটাঙনী জিলা পৰিষদ সমষ্টি, ৭নং বেছামাৰী জিলা পৰিষদ, ৮নং টুকটুকী জিলা পৰিষদ, ৯ নং বটদ্ৰৱা জিলা পৰিষদ, ১০ নং হাতীচোং জিলা পৰিষদ, ১২নং গড়াজান জিলা পৰিষদ আৰু ১৬নং ভকতগাঁও জিলা পৰিষদ সমষ্টিৰ ভোট গণনা কৰা হ'ব ।
আনহাতে, নগাঁও চৰকাৰী বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ষ্ট্ৰং ৰূমত ৪নং চাপাৰমুখ জিলা পৰিষদ সমষ্টি, ১১ নং ৰূপহী জিলা পৰিষদ, ১ নং বাৰবুজীয়া জিলা পৰিষদ, ৫ নং জাগিয়াল জিলা পৰিষদ, ১৩ নং জুৰীয়া জিলা পৰিষদ, ১৪ শিঙীয়া জিলা পৰিষদ, ১৫নং কাছমাৰী জিলা পৰিষদ আৰু ১৭নং পাখিমৰীয়া জিলা পৰিষদ সমষ্টিৰ অন্তৰ্গত ভোট গ্ৰহণ কেন্দ্ৰৰ বেলট বাকচসমূহ ৰখা হৈছে।
ইপিনে, ডচন উচ্চতৰ মাধ্যমিক আৰু বহুমূখী বিদ্যালয়ৰ ষ্ট্ৰং ৰূমত ৩নং শিঙিমাৰী মাধৱপাৰা জিলা পৰিষদ, ২নং কচুৱা জিলা পৰিষদ, ১২নং বাজিয়াগাঁও জিলা পৰিষদ, ১৮নং কঠিয়াতলী কামপুৰ জিলা পৰিষদ, ১৯নং বামুণি জিলা পৰিষদ, ২০নং ভোটাইপাথৰি জিলা পৰিষদ, ২৩নং চামগুৰি জিলা পৰিষদ আৰু ২১নং পুৰণিগুদাম জিলা পৰিষদ সমষ্টিৰ অন্তৰ্গত পঞ্চায়তসমুহৰ বেলট বাকচসমূহ ৰখা হৈছে ।
এই তিনিওটা ষ্ট্ৰং ৰূমত কাইলৈ পুৱা ৮ বজাৰ পৰা ভোট গণনা আৰম্ভ হ'ব । জিলাখনৰ চামগুৰি আৰু কলিয়াবৰ সমষ্টিৰ অন্তৰ্গত বাকী ৬খন জিলা পৰিষদ সমষ্টিৰ ভোট গণনা কলিয়াবৰ মহকুমাধিপতিৰ কাৰ্যালয়ত অনুষ্ঠিত হ'ব । জিলাখনৰ মুঠ ২৯টা জিলা পৰিষদ আসনৰ বাবে নিৰ্বাচনত অৱতীৰ্ণ হৈছে মুঠ ৮৬গৰাকী প্ৰাৰ্থী । পঞ্চায়ত নিৰ্বাচনত গাঁও
পঞ্চায়ত সভাপতি, আঞ্চলিক সদস্য আৰু পঞ্চায়ত সদস্য পদত অৱতীৰ্ণ হোৱা নগাঁও জিলাৰ মুঠ ৫১০৩ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হ'ব কাইলৈ । কাইলৈ ভাগ্য নিৰ্ণয় হ'বলগীয়া প্ৰাৰ্থীসকলৰ ভিতৰত আছে, ২৯টা জিলা পৰিষদ আসনৰ ৮৬ গৰাকী প্ৰাৰ্থী, ১৭২খন গাঁও পঞ্চায়তৰ সভাপতি পদৰ বাবে নিৰ্বাচনী যুঁজত নমা ৫২৩ গৰাকী প্ৰাৰ্থী, ১৭২ খন গাঁও পঞ্চায়তৰ আঞ্চলিক পঞ্চায়তৰ সদস্য পদত অৱতীৰ্ণ ৪৭১ গৰাকী প্ৰাৰ্থী আৰু পঞ্চায়তৰ ১৭২০টা ৱাৰ্ড মেম্বাৰ পদত অৱতীৰ্ণ মুঠ ৪০২৩ গৰাকী প্ৰাৰ্থী ৷
২৯জন সদস্যৰে সমৃদ্ধ নগাঁও জিলা পৰিষদখন এইবাৰ কংগ্ৰেছ, অগপ আৰু বিজেপি দলে দখল কৰিব বুলি ইতিপূৰ্বেই দাবী কৰিছে ৷ কিন্তু অগপ-বিজেপি দলে পৃথকে পৃথকে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হোৱাৰ ফলত হোৱা ভোট বিভাজন আৰু এ আই ইউ ডি এফ দলে মাত্ৰ ১১টা জিলা পৰিষদ সমষ্টিতহে দলীয় প্ৰাৰ্থী ঠিয় কৰোৱাৰ লগতে একাধিক সমষ্টিতেই অতি ৰহস্যজনকভাৱে দুৰ্বল প্ৰাৰ্থী ঠিয় কৰোৱা আদি ঘটনাই কংগ্ৰেছকহে বেছিকৈ লাভান্বিত কৰাৰ সম্ভাৱনা আছে ৷
নগাঁও জিলা পৰিষদৰ ২৯খন আসনৰ ভিতৰত বিজেপি দলে ৭খন আসন, অগপ দলে ১০ খন আসন, এ আই ইউ ডি এফ দলে ২ খন আসন আৰু কংগ্ৰেছ দলে ১০খন আৰু নিৰ্দলীয় প্ৰাৰ্থীয়ে এখন আসনত জয়ী হোৱাৰ সম্ভাৱনা থকা বুলিও ৰাইজৰ মাজত চৰ্চা অব্যাহত আছে ।
- Log in to post comments
- 17 views