নগাঁও জিলাৰ ৰাইদঙ্গীয়াত কালি ভোটগ্ৰহণৰ দিনা সংঘটিত মাৰপিটৰ ঘটনা সন্দৰ্ভত স্থানীয় জাজৰি আৰক্ষীয়ে প্ৰাঞ্জল দাস নামৰ বিজেপি প্ৰাৰ্থীগৰাকীক আটক কৰে ।
উল্লেখ্য যে বটদ্ৰৱা সমষ্টিৰ অন্তৰ্গত ৰাইদঙীয়া গাঁও পঞ্চায়তৰ বিজেপি দলৰ আঞ্চলিক সদস্য পদৰ প্ৰাৰ্থী প্ৰাঞ্জল দাসৰ নেতৃত্বত একাংশ ভেৰোনীয়া গুণ্ডাই অগপৰ ৰাইদঙ্গীয়াৰ নিৰ্বাচনী প্ৰচাৰ সমিতিৰ সম্পাদক নিতুমনি বৰাক ৰড্ আৰু লাঠিৰে আক্ৰমণ কৰি আহত কৰা বুলি অভিযোগ উত্থাপিত হৈছিল ।
ঘটনা সন্দৰ্ভত কালি নিশাই অগপৰ একাংশ কৰ্মীয়ে স্থানীয় জাজৰি আৰক্ষী থানাত দিয়া এজাহাৰৰ ভিত্তিত পুৱা আৰক্ষীয়ে নিৰ্বাচনী হিংসাত লিপ্ত বিজেপিৰ প্ৰাৰ্থী প্ৰাঞ্জল দাসক আটক কৰি সোধা-পোচা কৰে যদিও বিয়লি তেওঁক মুকলি কৰি দিয়াত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । এই সন্দৰ্ভত ৰাইদঙ্গীয়া অগপৰ আঞ্চলিক সমিতিয়ে আৰক্ষীৰ ভূমিকাক ৰহস্যজনক আখ্যা দি ইয়াৰ আঁৰত শাসকীয় দলৰ বিধায়িকা আঙুৰলতা ডেকা থকাৰ কথা উল্লেখ কৰে ।
অগপৰ অভিযোগ নিৰ্বাচনী হিংসাত্মক ঘটনা সংঘটিত কৰা বিজেপিৰ আঞ্চলিক পঞ্চায়তৰ সদস্য পদৰ প্ৰাৰ্থী প্ৰাঞ্জল দাসক গ্ৰেপ্তাৰ কৰাৰ পিছতেই আৰক্ষীয়ে বটদ্ৰৱা সমষ্টিৰ বিধায়িকাগৰাকীৰ কথা মতে মুকলি কৰি দিয়ে।
- Log in to post comments
- 7 views