নগাঁৱত বিজেপি প্ৰাৰ্থীৰ কাণ্ড : ধন বিলাই-মিঠাই বিতৰণ কৰি ভোট কিনাৰ চেষ্টা 

w

প্ৰথম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ সামৰণি পৰাৰ পিছতো নিৰ্বাচনী বিধি উলংঘা কৰি নগাঁৱত একাংশ বিজেপিৰ লগতে আন দলৰ প্ৰাৰ্থীয়ে চলাই আছে নিৰ্বাচনী প্ৰচাৰ। উত্থাপিত অভিযোগ অনুসৰি, নগাঁৱৰ ছোট হয়বৰ গাঁও পঞ্চায়তৰ সভাপতি পদৰ বিজেপি প্ৰাৰ্থী জহুৰা বেগমৰ হৈ একাংশ লোকে নগদ ধন আৰু মিঠাই বিতৰণ কৰাক লৈ উত্তেজনাৰ সৃষ্টি হয়।

ছোট হয়বৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত চকীটুপৰ ৬ নং ৱাৰ্ডত সংঘটিত হৈছে এই কাণ্ড । চকীটুপৰ বিমল মালাকাৰ নামৰ এজন লোকৰ ঘৰত ৰতন বণিক নামৰ এজন লোকে পঞ্চায়তৰ সভাপতি পদৰ প্ৰাৰ্থী জহুৰা বেগমৰ হৈ ধন আৰু মিঠাই বিলোৱাৰ অভিযোগ উত্থাপিত হৈছে । অৱশ্যে সংবাদ মাধ্যমৰ লোক যোৱাৰ উমান পাই পলায়ন কৰে নিৰ্বাচনী বিধি উলংঘা কৰা বিজেপিৰ কৰ্মীসকল ।

ইপিনে, বিজেপি একাংশ ধন বিতৰণ কাৰ্যৰ অস্বীকাৰ কলিছে। পিছত আৰক্ষীয়ে ঘটনা সন্দৰ্ভত দুজন লোক আটক কৰে যদিও মোকলাই দিয়ে।

Your Comments