পঞ্চায়ত নিৰ্বাচনক কেন্দ্ৰ কৰি ৰাজ্যখনৰ আন ঠাইৰ লগতে নগাঁও জিলাৰ বিভিন্ন স্থানত হিংসাত্মক ঘটনা অব্যাহত আছে । বিভিন্ন ৰাজনৈতিক দলৰ নিৰ্বাচনী কাৰ্যালয় লণ্ড-ভণ্ড কৰাৰ লগতে বহু কেইটা বিক্ষীপ্ত ঘটনা সংঘটিত হৈছে । পুৱতি নিশা নগাঁও চহৰৰ সমীপৰ ডিফলুত বিজেপি দলৰ এটা কাৰ্যালয় ভাঙি লণ্ড-ভণ্ড কৰা ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চ্যলৰ সৃষ্টি কৰিছে। ডিফলু গাঁও পঞ্চায়তৰ বিজেপি দলৰ সভাপতি পদৰ প্ৰাৰ্থী দিপালী কলিতাৰ নিৰ্বাচনী কাৰ্যালয় দুস্কৃতিকাৰীয়ে ভাঙি লণ্ড-ভণ্ড কৰাৰ লগতে পোষ্টাৰ বেনাৰ আদি ফালি পেলাই।
তদুপৰি, দুস্কৃতিকাৰীৰ দলটোৱে কাৰ্যালয়ত থকা ২০ খনৰো অধিক চকী চুৰি কৰি লৈ যায়। এই ঘটনাক কেন্দ্ৰ কৰি নগাঁৱত তীব্ৰ চাঞ্চ্যলৰ সৃষ্টি হয়। আজি বিজেপি দলৰ স্থানীয় কৰ্মীসকলে এখন সভা অনুষ্ঠিত কৰি দোষীক কঠোৰ শাস্তি দিবলৈ দাবী জনায়। ঘটনা সন্দৰ্ভত বিজেপি কৰ্মীসকলে নগাঁও ইটাচালি আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে। ইপিনে, কালি নিৰ্বাচনী প্ৰচাৰ অভিযান সমাপ্ত হোবাৰ পিচতেই জিলাখনৰ বিভিন্ন স্থানত বহু প্ৰাৰ্থীয়ে সমৰ্থক আৰু ভোটাৰক ভোজ-ভাত খোৱাই প্ৰলোভিত কৰাৰ অভিযোগ উঠিছে ।
বহু প্ৰাৰ্থীয়ে ধন-কম্বল আদি বিতৰন কৰাৰ লগতে ভোটাৰক বিভিন্ন ধৰণে প্ৰলোভিত কৰাৰ খবৰ পোৱা গৈছে। জিলাখনৰ বেঙেনাআটি, শিয়ালেখোৱা, দাস গাঁও আদিত কংগ্ৰেছ লগতে অন্যান্য ৰাজনৈতিক দলেও ধন বিলোবাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিৰ সৃষ্টি কৰে । কেইবা ঠাইতো ধন বিলাবলৈ যোৱা লোকক আৰক্ষী আৰু ৰাইজে খেদি পঠিওবাৰ ঘটনা সংঘটিত হৈছে। বঢ়মপুৰ সমষ্টিৰ অন্তৰ্গত ডিমৰুগুৰি-ভোটাইআটি পাৰ্চী গাঁৱত কালি নিশা ধন বিলাবলৈ যোৱা কংগ্ৰেছী দল এটাক বিজেপি দলৰ কৰ্মী সকলে পহুখেদা দিয়ে ।
কেন্দ্ৰ কৰি সমগ্ৰ ডিমৰুগুৰি অঞ্চলত চাঞ্চল্যৰ সৃষ্টি হৈছে। পিছত আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত চলাই যদিও কোনো লোককে আটক কৰিব পৰা নাই । এনেদৰেই পঞ্চায়ত নিৰ্বাচনৰ প্ৰাক মুহুৰ্তত জিলাখনৰ বিভিন্ন স্থানত বিক্ষীপ্ত ঘটনাই পঞ্চায়ত নিৰ্বাচনৰ নিৰ্বাচন কেন্দ্ৰিক ৰাজনীতি উত্তাল কৰি ৰাখিছে ।
- Log in to post comments
- 6 views