প্ৰথম পৰ্যায়ত অনুষ্ঠিত হ'বলগা পঞ্চায়ত নিৰ্বাচনীৰ বাবে মাজত মাথোঁ দুটা দিন বাকী থকাৰ প্ৰাক্ মুহূৰ্তত নগাঁও জিলাৰ ভকতগাঁও জিলা পৰিষদ সমষ্টিত বিজেপি-কংগ্ৰেছ-অগপ-এআইইউডিএফৰ দলৰ প্ৰাৰ্থীসকলৰ মাজত নিৰ্বাচনী তৎপৰতা ক্ৰমাৎ উত্তাল হৈ পৰিছে । ৰাইজক আকৰ্ষিত কৰি তোলাৰ লগতে নিজৰ শক্তি প্ৰদৰ্শন কৰাৰ বাবে আজিৰ দিনটোত আটাইকেইটা দলৰ প্ৰাৰ্থীসকলে দলীয় শোভাযাত্ৰা, বাইক-কাৰ ৰেলী আদিৰে নিৰ্বাচনী প্ৰচাৰ চলাই সমগ্ৰ জিলা পৰিষদ এলেকাটো গৰম কৰি তোলা পৰিলক্ষিত হৈছে ।
এআইইউডিএফৰ দখলত থকা সংখ্যালঘু অধ্যুষিত জিলা পৰিষদ সমষ্টিখনত এইবাৰ কংগ্ৰেছ আৰু এআইইউডিএফৰ দলৰ মাজত নিৰ্বাচনী যুজঁ হোৱাৰ সম্ভাৱনাই প্ৰৱল । মনকৰিবলগীয়া যে চাৰিখন গাঁও পঞ্চায়তৰে গঠিত জিলা পৰিষদ সমষ্টিখনত এআইইউডিএফ দলৰ পৰা দলটোৰ এগৰাকী কেন্দ্ৰীয় নেতা তথা স্থানীয় ছোট ৰূপহী গাঁৱৰ বাসিন্দা নুৰুল আমিন চৌধুৰীয়ে তেওঁৰ পুত্ৰ শ্বাহ আলম চৌধুৰীক আসনটোত প্ৰতিদ্বন্দীতা কৰোৱাৰ উপৰিও তেওঁৰ পত্নী তথা কেন্দুগুৰি গাঁও পঞ্চায়তখনৰ প্ৰাক্তন সভানেত্ৰী ছেলিমা চৌধুৰীসহ কেবাগৰাকী আত্মীয়ক পঞ্চায়তৰ কেইবাটাও পদত দলটোৰ পৰা প্ৰাৰ্থিত্ব আগবঢ়াইছে।
উল্লেখ্য যে নেতাগৰাকীয়ে নিজৰ ধনবল আৰু বাহুবল প্ৰয়োগ কৰি পুৰ্বেও জিলা পৰিষদ আসনটো দখল কৰাৰ উপৰিও কেন্দুগুৰি গাঁও পঞ্চায়তৰ সভাপতিৰ আসনটো দখল কৰিবলৈ সক্ষম হৈছিল। নিজৰ প্ৰতিপত্তি খটোৱাই বিগত পঞ্চায়তৰ কাৰ্যকালত চৰকাৰী আঁচনি ৰূপায়ণত ব্যাপক দুৰ্নীতি-অনিয়ম সংঘটিত কৰি লুণ্ঠনৰ বজাৰ খোলাৰ গুৰুতৰ অভিযোগ থকা প্ৰাক্তন সভানেত্ৰীসহ তেওঁৰ স্বামী চৌধুৰীৰ বিৰুদ্ধে কেবা লক্ষ টকাৰ আঁচনি ৰূপায়ণত ব্যাপক দুৰ্নীতিত লিপ্ত থকাৰ অভিযোগতত নগাঁও সদৰ আৰক্ষী থানাত কেবাটাও গোচৰ ৰুজু হৈ আছে।
আঁচনি ৰূপায়ণত দুৰ্নীতি অনিয়ম সংঘটিত কৰা সন্দৰ্ভত অভিযোগকাৰীক ভয়-ভাবুকি প্ৰদৰ্শন কৰাৰ অভিযোগো তেওঁলোকৰ বিৰুদ্ধে আছে। সম্প্ৰতি এআইইউডিএফ দলৰ তেনে কোনো প্ৰভাৱ নথকা জিলা পৰিষদ সমষ্টিখনৰ লগতে নিজৰ গৃহ এলেকাত থকা হেৰাপাতি আৰু কেন্দুগুৰি পঞ্চায়ত দুখনো দখল কৰাৰ বাবে যিকোনো কাম কৰিবলৈ সাজু হৈ উঠা বুলি বিৰোধীয়ে অভিযোগ উত্থাপন কৰিছে ।
উক্ত এলেকাত ভোট গ্ৰহণৰ দিনা ব্যাপক হাৰত ৰেগিং কৰাৰ সম্ভাৱনা ব্যক্ত কৰি একাংশ কংগ্ৰেছ কৰ্মীয়ে ইতিমধ্যে জিলা আৰক্ষী অধীক্ষকক লিখিত অভিযোগ দাখিল কৰিছে । এই অভিযোগ পত্ৰখনত বিশেষকৈ কেন্দুগুৰি পঞ্চায়তৰ অন্তৰ্গত ছোট ৰূপহী গাঁৱৰ ২৭, ২৮, ২৯, ৩০ আৰু ৩১ নং ভোট গ্ৰহণ কেন্দ্ৰসমুহত ৰেগিং হোৱাৰ সম্ভাৱনা ব্যক্ত কৰি পৰ্যাপ্ত নিৰাপত্তা বাহিনীৰ লোক নিয়োগ কৰিবলৈ দাবী জনাইছে ।
- Log in to post comments
- 16 views