অগপই বাৰে বাৰে একেটা ভুলকে কৰে, এইবাৰ তললৈ যাব : হিমন্ত বিশ্ব শৰ্মা

অগপই বাৰে বাৰে একেটা ভুলকে কৰে, এইবাৰ তললৈ যাব : হিমন্ত বিশ্ব শৰ্মা

অগপই ৰেডিঅ'ৰ ছুইচটোৰ দৰে এটা কথাকে বাৰে বাৰে কৰি থাকে- নাগৰিকত্ব আইন, নাগৰিকত্ব আইন । কিন্তু কাজিৰঙাৰ গঁড় হত্যা, শংকৰদেৱৰ জন্মভূমি বৰদোৱা সত্ৰৰ ৩০০ বিঘা ভূমি বেদখল, অৰ্ণমাই বৰা হত্যাকাণ্ড, অসমীয়া মানুহৰ সুৰক্ষা এইবোৰত মাত নামাতে । অগপৰ বন্ধুসকলে বাৰে বাৰে ভুল কৰি থাকে ।

এইবাৰ যদি কংগ্ৰেছৰ লগ লাগে একেবাৰে তললৈ যাব । এইদৰে কয় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । অহা ৫ ডিচেম্বৰত অনুষ্ঠিত হ'বলগীয়া দৰং জিলাৰ পঞ্চায়ত নিবাৰ্চনৰ প্ৰচাৰৰ অংশ হিচাপে আজি আউলাচৌকাত বিশাল নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি অগপৰ বিধায়ক নৰেন সোণোৱাল, অগপ নেতা কমলা কলিতাই কোৱাৰ দৰে কংগ্ৰেছ-অগপ ভাই ভাই বুলি কোৱাৰ দৰে অগপ দলৰ নীতি হয় ৷

এইবাৰ অগপ দলক ৰাইজে ক্ষমা নকৰে বুলি উল্লেখ কৰি সাম্প্ৰতিক সময়ত অসমৰ শক্ৰ-মিত্ৰ চিনাক্ত কৰাৰ সময় সমাগত বুলি উল্লেখ কৰে । বিজেপি নেতা নিলোপম দাসে আঁতধৰা সভাখনত মঙলদৈ সমষ্টিৰ বিধায়ক গুৰুজ্যোতি দাস, দলৰ ৰাজ্যিক সাধাৰণ সম্পাদক দিলীপ শইকীয়া, দৰং বিজেপিৰ সভানেত্ৰী নীলিমা দেৱী, সাধাৰণ সম্পাদিকা শেৱালি গোস্বামী কলিতাই অংশগ্ৰহণ কৰে ।

Your Comments