'মাই নেম ইজ লখন', 'মুঝকো পিনা হ্যে পিনে দো', 'বালি ওমৰ মে মেৰা হাল', 'ফুল গুলাব কা' আদি বলীউডৰ সহস্ৰাধিক জনপ্ৰিয় সুৰীয়া গীত পৰিবেশন কৰি জনপ্ৰিয়তাৰ শীৰ্ষত আৰোহণ কৰা জনপ্ৰিয় সংগীত শিল্পী মহম্মদ আজিজৰ আকস্মিক মৃত্যুৱে বলীউডৰ সংগীত জগতৰ লগতে কোটি কোটি সংগীতপ্ৰেমীৰ মাজত এক শোকাকুল পৰিবেশৰ সৃষ্টি কৰিছে ৷
উল্লেখ্য যে মহম্মদ ৰফীৰ উত্তৰসুৰী হিচাপে বিবেচিত মহম্মদ আজিজে সোমবাৰে কলকাতাত এখন সংগীতানুষ্ঠানত অংশগ্ৰহণ কৰি বিমানেৰে মুম্বাইলৈ ওভতাৰ পথত হৃদৰোগত আক্ৰান্ত হয় ৷
পিছত কণ্ঠশিল্পীগৰাকীক মুম্বাইৰ নানাৱতী হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও তাতেই শেষ নিশ্বাস ত্যাগ কৰে ৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৬৪ বছৰ ৷
কলকাতাত জন্মলাভ কৰা মহম্মদ আজিজে দীৰ্ঘদিন ধৰি বলীউডৰ সংগীত জগতত নায়কৰ দৰে আছিল আৰু তেওঁ প্ৰায়সংখ্যক সংগীত পৰিচালকৰ লগতে কাম কৰিছিল ৷
তেওঁৰ মৃত্যুৰ খবৰ পাই বলীউডৰ অগণন গুণমুগ্ধই তেওঁলৈ অন্তিম শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে আত্মাৰ সদ্গতিৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনায় ৷
- Log in to post comments
- 17 views