আজি কুমাৰ ভাস্কৰ নাট্য মন্দিৰত "এজাক জোনাকীৰ জিলমিল"

আজি কুমাৰ ভাস্কৰ নাট্য মন্দিৰত "এজাক জোনাকীৰ জিলমিল"

নগাঁৱৰ পৰা ঋতুপৰ্ণ শৰ্মা

ড: ভবেন্দ্ৰ নাথ শইকীয়াৰ পবিত্ৰ স্মৃতিত আজি সন্ধিয়া গুৱাহাটীত "ইনলি ফাউণ্ডেচন"-এ নিবেদন কৰিব ডঃ শইকীয়াই ৰচনা কৰা নাটক "এজাক জোনাকীৰ জিলমিল" ।

গুৱাহাটীৰ কুমাৰ ভাস্কৰ নাট্য মন্দিৰত মঞ্চস্থ হ'বলগীয়া নাটখনিৰ পৰিচালনা নয়ন প্ৰসাদৰ । সংগীত তৰালী শৰ্মা, মঞ্চসজ্জা নুৰুদ্দিন আহমেদ, পোহৰ ডঃ মৃণালজ্যোতি গোস্বামী, সামগ্ৰিক ব্যৱস্থাপনা পৰাগ শৰ্মা, মনজিৎ ৰাজখোৱা আৰু সুশোধন তালুকদাৰ ।

আজি কুমাৰ ভাস্কৰ নাট্য মন্দিৰত "এজাক জোনাকীৰ জিলমিল"

নাটখনিত ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়, নতুন দিল্লীৰ স্নাতক ৰাজু ৰয়, বিপ্লৱ বৰকাকতী, পাপৰি মেধি, ভাস্কৰ বৰুৱাৰ লগতে ৰাষ্ট্ৰীয় নাট্য বিদ্যালয় ছিকিমত প্ৰশিক্ষণপ্ৰাপ্ত কমললোচন আৰু জুৰি কাশ্যপে অভিনয় কৰিছে ।

উল্লেখযোগ্য যে ইয়াৰ  পূৰ্বে শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীশ্ৰী মাধৱদেৱ আন্তজাৰ্তিক প্ৰেক্ষাগৃহত যোৱা ১০ আগষ্টত মঞ্চস্থ কৰা নাটখনিত নাট্যপ্ৰেমীৰ বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল ।

কিন্তু বহু নাট্যপ্ৰেমীয়ে স্থান আৰু আসনৰ অভাৱত নাটখনি উপভোগ কৰাৰ পৰা বঞ্চিত হ'বলগীয়া হৈছিল । নাট্যপ্ৰেমীৰ এই আন্তৰিক সঁহাৰিৰ প্ৰতি সন্মান জনাই নাটখনি পুনৰ মঞ্চস্থ কৰিবলৈ লোৱা হৈছে ।

নাটখনি উপভোগ কৰিবৰ বাবে বৰঙণি ধাৰ্য কৰা হৈছে ৫০ আৰু ১০০ টকা । আজি সন্ধিয়া ৪.৩০ আৰু ৬.৩০ বজাত দুটাকৈ দৰ্শনীৰে  নাটখনি মঞ্চস্থ কৰা হ'ব বুলি পৰিকল্পনাকাৰী ইন্দ্ৰজিৎ দাসে জনাইছে ।

দুয়োটা দৰ্শনীতে নাট্যপ্ৰেমী দৰ্শকৰ উপস্থিতি কামনা কৰিছে উদ্যোক্তাসকলে ।

Your Comments