বহু প্ৰতীক্ষিত বিয়াখন অৱশেষত সম্পন্ন হৈ গ'ল । এতিয়া ন-বোৱাৰীক আদৰিবলৈ স্বামী গৃহত চলিছে অপাৰ ব্যস্ততা । ফুল আৰু আলোকসজ্জাৰে জিলিকাই তোলা হৈছে সমগ্র চৌহদটো ।
অহা ১৮ নৱেম্বৰত মুম্বাইলৈ উভতিব নৱবিবাহিত দম্পতী ৰণবীৰ সিং আৰু দীপিকা পাডুকন । বলীউডৰ দুই জনপ্ৰিয় তাৰকা দীপিকা পাডুকন আৰু ৰণবীৰ সিঙৰ বিবাহৰ বিষয়টোক লৈ সমগ্র বিশ্বজুৰি সম্প্ৰতি চৰ্চা তুংগত ।
যোৱা ১৪ আৰু ১৫ নৱেম্বৰত ইটালীত দুয়োৰে বিবাহ সম্পন্ন হৈ যায় । সুদীৰ্ঘ ছবছৰজোৰা সম্পৰ্কৰ অন্তত সাংসাৰিক বান্ধোনত আবদ্ধ হয় দুয়ো । যোৱা মাহত ছচিয়েল মিডিয়াৰ জড়িয়তে নিজৰ বিবাহৰ দিন ঘোষণা কৰিছিল ৰণবীৰ আৰু দীপিকাই ।
অনুষ্কা শৰ্মা আৰু বিৰাট কোহলিৰ পিছত নি:সন্দহে ৰণবীৰ-দীপিকা হৈ পৰিছে আন এক জনপ্ৰিয় তথা বহুলভাৱে চৰ্চিত চেলিব্ৰিটী দম্পতী ।
- Log in to post comments
- 34 views