নগাঁৱৰ পৰা ৱাহিদুদ জামান
এসময়ৰ আঞ্চলিক ৰাজনীতিৰ অন্যতম শক্তিশালী দুৰ্গ হিচাপে চিহ্নিত নগাঁও জিলাত পুনৰ জীপাল হৈ উঠিছে ৰাজ্যৰ অন্যতম আঞ্চলিক ৰাজনৈতিক দল অসম গণ পৰিষদ চমুকৈ অগপ । মিত্ৰতাক লৈ ব্যাপক দুদুল্যমান স্থিতিত থকা শেহতীয়াকৈ অগপই পঞ্চায়ত নিৰ্বাচন অকলেই খেলাৰ সিদ্ধান্ত লোৱাৰ পিছৰে পৰা নগাঁৱত ক্ৰমশঃ শক্তিশালী হৈ উঠাৰ প্ৰতিচ্ছবি দেখিবলৈ পোৱা গৈছে ।
ইতিমধ্যে জিলাখনত বহু লোকে অগপ দলত যোগদান কৰিছে । আঞ্চলিক দলটোৱে নগাঁও জিলাৰ প্ৰতিটো জিলা পৰিষদ সমষ্টিৰ লগতে প্ৰতিটো পঞ্চায়তৰ সভাপতি-আঞ্চলিক পঞ্চায়তৰ সদস্য পদৰ বাবে নিজা দলীয় প্ৰাৰ্থী থিয় কৰাইছে । আনকি এইবাৰ দলটোৰ পৰা প্ৰাৰ্থিত্ব বিচাৰি বহু প্ৰাৰ্থীয়ে হেতা-ওপৰা লগোৱা কাৰ্যই দলটোলৈ এক আশাৰ ৰেঙনি কঢ়িয়াই আনিছে । লক্ষণীয়ভাৱে অগপ দললৈ আগমন ঘটিছে বহু ধৰ্মীয় সংখ্যালঘু লোকৰ ।
এইবাৰ পঞ্চায়ত নিৰ্বাচনত নগাঁও জিলাত পঞ্চায়তৰ টিকট বিচৰাসকলৰ মাজত সংখ্যালঘু লোকৰ তালিকাখন পূৰ্বতকৈ দীঘলীয়া হোৱাই নহয়, অধিকাংশই দলীয় টিকট লাভ কৰিবলৈও সক্ষম হৈছে । জিলাখনৰ ২৯টা জিলা পৰিষদ সমষ্টিৰ ভিতৰত অগপই ১০টা জিলা পৰিষদ সমষ্টিত সংখ্যালঘু প্ৰাৰ্থীক প্ৰক্ষেপ কৰিছে । এইসকলৰ ভিতৰত জিলাখনৰ শিঙীয়া জিলা পৰিষদ সমষ্টিত আৰশ্বাদ আলী মৰল, গড়াজানত আমিনুল ইছলাম, বেচামাৰীত আৰমিনা খাতুন, পূব-থৰিয়াত চুমি বেগম, বটদ্ৰৱাত মাৰ্জিনা বেগম, জুৰীয়াত মৰজিনা বেগম, ভকতগাঁৱত হাবিজুৰ ৰহমান, ৰূপহীহাটত মমতাজ বেগম, টুকটুকীত আমিৰ হুছেইন আৰু জৰামাৰী-আলিটাঙনিত ৰিয়াজুল হকক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে ।
আনকি জিলাখনৰ সংখ্যালঘু অধ্যুষিত সমষ্টি ক্ৰমে ৰূপহীহাট, ধিং, ৰহা, চামগুৰিত অগপই পঞ্চায়তৰ সভাপতি, আঞ্চলিক পঞ্চায়তৰ সদস্যৰ প্ৰাৰ্থিত্বৰ ক্ষেত্ৰত সংখ্যালঘু লোকক অগ্ৰাধিকাৰ দিয়া পৰিলক্ষিত হৈছে । তাৰোপৰি বিগত পঞ্চায়ত নিৰ্বাচনত প্ৰাৰ্থী বিচাৰি হাহাকাৰ কৰা অগপই এইবাৰ প্ৰাৰ্থিত্বপ্ৰত্যাশীৰ হেতা-ওপৰাৰ বাবে প্ৰাৰ্থীৰ চূড়ান্ত তালিকা প্ৰকাশ কৰাটো বিলম্ব হৈছে ।
বহুকেইটা জিলা পৰিষদ সমষ্টি আৰু পঞ্চায়তত অগপৰ বঞ্চিত প্ৰাৰ্থী ক্ষোভিত হৈ মাৰপিটত লিপ্ত হৈছে । কালি প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাতৰ ফলত জিলা অগপৰ কাৰ্যালয়ত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱাৰ লগতে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষী-চিআৰপিএফ মোতায়েন কৰিবলগা হৈছিল । দীৰ্ঘদিনৰ বিৰতিৰ মূৰত অগপলৈ অহা এই পৰিবেশে অগপৰ তৃণমূল পৰ্যায়ৰ নেতা-কৰ্মীসকলক স্বাভাৱিকতে উৎসাহিত কৰি তোলাৰ লগতে আঞ্চলিক দলটোলৈ অহা এই সজীৱতাই আঞ্চলিক ৰাজনীতিৰ লগত জড়িত কাণ্ডাৰীসকলকো উৎসাহিত কৰি তুলিছে ।
তাৰোপৰি বিজেপি-কংগ্ৰেছৰ পৰা টিকট লাভ নকৰা বঞ্চিত একাংশ প্ৰাৰ্থীৰ লগতে তেওঁলোকৰ সমৰ্থন অগপলৈ দিছে । নিৰ্বাচনত অকলেই অৱতীৰ্ণ হৈ অগপই মূৰকত কি ফলাফল দেখুৱাবলৈ সক্ষম হ'বগৈ, সেইটো সময়ে ক'ব যদিও বৰ্তমান প্ৰেক্ষাপটত আঞ্চলিক ৰাজনীতিয়ে এনেদৰে গুৰুত্বৰ লাভ কৰা বিষয়টোৱে বিশেষ তাৎপৰ্য বহন কৰিছে ।
- Log in to post comments
- 8 views