নগাঁৱৰ পৰা ৱাহিদুদ জামান
সমাগত পঞ্চায়ত নিৰ্বাচনৰ বাবে নগাঁৱত আজি মনোনয়ন-পত্ৰ দাখিলৰ অন্তিম মুহূৰ্তত বদৰুদ্দিন আজমল নেতৃত্বাধীন এ আই ডি ইউ এফ দলে নগাঁও জিলাত মাত্ৰ ১০টা জিলা পৰিষদ আসনত দলীয় প্ৰাৰ্থিত্ব প্ৰদান কৰিছে । দলটোৱে আজি ঘোষণা কৰা চূড়ান্ত তালিকা অনুসৰি, জিলাখনৰ শিঙীয়া জিলা পৰিষদ সমষ্টিত আজিজুল হক মৰল, ভকতগাঁৱত শ্বাহ আলম চৌধুৰী, জুৰীয়াত পাৰবিন চুলতানা, জাৰামাৰি-আলিটাঙনীত জিয়াবুৰ ৰহমান, টুকটুকীত গোলাম ৰাব্বানী, শিঙিমাৰী-মাধৱপাৰাত ছহিদুল ইছলাম, কচুৱাত আক্ৰাম মনজিল হুছেইন, বটদ্ৰৱাত আছমিনা খাতুন, বেচামাৰীত নাজমা খাতুন আৰু হাতীচোঙত মুৰ্শিদা খাতুন । উল্লেখ্য যে নগাঁও জিলা পৰিষদৰ অন্তৰ্গত মুঠ ২৯টা জিলা পৰিষদ সমষ্টিৰ আসন আছে ।
মন কৰিবলগীয়া যে বাকী ১৯টাকৈ আসনত দলটোৱে প্ৰাৰ্থিত্ব প্ৰদান কৰা নাই । আনকি, অতি ৰহস্যজনকভাৱে জিলাখনৰ সংখ্যালঘু অধ্যুষিত ৰূপহী, গড়াজান, শিঙিমাৰী আৰু বাজিয়াগাঁৱৰ লগতে আন কেইবাটাও সংখ্যালঘু লোকৰ প্ৰভাৱ থকা জিলা পৰিষদ সমষ্টিত প্ৰাৰ্থিত্ব প্ৰদান কৰা নাই। এই সন্দৰ্ভত এ আই ইউ ডি এফৰ নগাঁও জিলাৰ সভাপতি মিঞা হুছেইনে নিজৰ প্ৰতিক্ৰিয়া বিচৰাত সংবাদ মাধ্যমৰ আগত কয়- জিলাখনৰ জিকাৰ সম্ভাৱনা থকা সমষ্টিতহে দলীয় প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে । দলীয় স্থিতি অতি দুৰ্বল থকা সমষ্টিত দলটোৱে প্ৰাৰ্থিত্ব প্ৰদান কৰা নাই বুলি উল্লেখ কৰি কয় যে সংখ্যালঘু অধ্যুষিত বহুকেইটা সমষ্টিত কোনো লোকে দলীয় প্ৰাৰ্থিত্ব বিচাৰি আবেদন নকৰাৰ বাবে প্ৰাৰ্থিত্ব প্ৰদান কৰা হোৱা নাই।
চৰ্চা অনুসৰি বিজেপিৰ লগত গোপন বুজাবুজি থকাৰ বাবেই সংখ্যালঘু লোকৰ যথেষ্ট প্ৰভাৱ থকা জিলা পৰিষদৰ সমষ্টিতো এ আই ইউ ডি এফে প্ৰাৰ্থিত্ব দিয়াৰ পৰা ৰহস্যজনকভাৱে বিৰত আছে । আন এক সূত্ৰে জানিব পৰা মতে, কংগ্ৰেছ দলৰ লগতো এক গোপন বুজাবুজিৰ ফলস্বৰূপে এ আই ইউ ডি এফ দলে জিলাখনৰ বহুকেইটা আসনত দলীয় মনোনয়ন প্ৰদান কৰা নাই । মুঠতে এই সমগ্ৰ বিষয়টো এক ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে যদিও পৰৱৰ্তী সময়ত সেই কথা স্পষ্ট হৈ পৰাৰ সম্ভাৱনা আছে ।
লক্ষণীয় যে বিগত পঞ্চায়ত নিৰ্বাচনত দলটোৱে জিলাখনৰ প্ৰায়কেইটা জিলা পৰিষদ আসনত প্ৰাৰ্থিত্ব প্ৰদান কৰিছিল যদিও এইবেলি কি কাৰণত প্ৰভাৱ থকা সত্ত্বেও বহুকেইটা সমষ্টিত প্ৰাৰ্থী প্ৰক্ষেপ কৰা নাই, সেয়া এক বিচাৰ্যৰ বিষয় । আচলতে বিগত সময়ছোৱাত সংখ্যালঘুৰ ত্ৰাণকৰ্তা হিচাপে জহাই ফুৰা বদৰুদ্দিন আজমলকে ধৰি দলটোৰ অন্যান্য নেতাসকলে এন আৰ চিকে ধৰি জনগোষ্ঠীটোৰ নাগৰিকত্ব সমস্যা সন্দৰ্ভত কোনো ফলপ্ৰসূ পদক্ষেপ গ্ৰহণ কৰাত চুড়ান্তভাৱে ব্যৰ্থ হোৱাৰ অভিযোগে সৰ্বত্ৰে চৰ্চা লাভ কৰাৰ পিছত সংখ্যালঘু এলেকাত এ আই এউ ডি এফৰ জনপ্ৰিয়তা বহুখিনি হ্ৰাস হোৱাৰ লগতে দলটোৰ প্ৰতি ৰাইজৰ মোহভংগ হৈ পৰা বুলিও চৰ্চিত হৈছে ।
ইপিনে, আসন্ন পঞ্চায়ত নিৰ্বাচনত মূল ইচ্ছ্যু কি হ'ব বুলি এ আই ইউ ডি এফৰ জিলাখনৰ একমাত্ৰ বিধায়ক আমিনুল ইছলামে আজি সংবাদ মাধ্যমৰ আগত প্ৰস্তাৱিত নাগৰিকত্ব সংশোধনী বিধেয়ক প্ৰসংগত তেওঁলোকৰ স্থিতি অটল বুলি উল্লেখ কৰি কয়- ১৯৭১ চনৰ ২৫ মাৰ্চৰ পিছত অহা সকলো লোক অসমৰ পৰা যাবই লাগিব, সি হিন্দুয়েই হওক বা মুছলমানেই হওক । তদুপৰি, বৰ্তমানৰ ৰাজ্যৰ শাসনৰ গাদীত থকা বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰৰ দিনতো গ্ৰামোন্নয়ন বিভাগত পৰ্বতসম দুৰ্নীতি সংঘটিত হৈ থকা বিষয়টোও আন এক নিৰ্বাচনী ইচ্ছ্যু হ'ব বুলি বিধায়কগৰাকীয়ে সদৰী কৰে । পঞ্চায়ত নিৰ্বাচনতো দলটোৱে ভাল ফল প্ৰদৰ্শন কৰিব বুলিও আশাবাদী বিধায়ক ইছলাম । জিলাখনত দলটোৱে কি ফল দেখুৱায়, সেয়া পৰৱৰ্তী সময়ত স্পষ্ট হৈ পৰিব ।
- Log in to post comments
- 9 views