প্ৰায় ১৪৯খন ক্ষুদ্ৰ আৰু অতিক্ষুদ্ৰ তৈল আৰু গেছ ক্ষেত্ৰ ব্যক্তিগত আৰু বিদেশী কোম্পানীক বিক্ৰীৰ বাবে সাজু হৈছে কেন্দ্ৰীয় চৰকাৰ ৷ লগতে ৰাজ্য চৰকাৰ মালিকনাধীন ফাৰ্মসমূহক বৃহৎ তৈলক্ষেত্ৰত মনোনিবেশ কৰিবলৈ সন্মতি প্ৰদান কৰিছে ৷
চৰকাৰী সূত্ৰত এই কথা প্ৰকাশ ৷ উল্লেখ্য যে তেল আৰু প্ৰাকৃতিক গেছ নিগমৰ তৈলক্ষেত্ৰ ব্যক্তিগত আৰু বিদেশী কোম্পানীক বিক্ৰীৰ বাবে তৈল মন্ত্ৰণালয়ে গ্ৰহণ কৰা এইটো দ্বিতীয় পদক্ষেপ ৷ যোৱা বছৰৰ অক্টোবৰ মাহত ডিৰেক্ট'ৰেট জেনেৰেল অব্ হাইড্ৰ'কাৰ্বনে ৭৯১.২ মিলিয়ন টন খাৰুৱা তেল আৰু ৩৩৩.৪৬ বিলিয়ন কিউবিক মিটাৰ গেছ সংগ্ৰহৰ বাবে মজুত থকা ১৫টা তৈল উৎপাদন ক্ষেত্ৰ ৰাষ্ট্ৰীয় তৈল কোম্পানীয়ে ব্যক্তিগত খণ্ডৰ ফাৰ্মৰ হাতত বিক্ৰীৰ বাবে চিনাক্ত কৰিছিল ৷
অৱশ্যে অ' এন জি চিৰ প্ৰবল বিৰোধৰ বাবে ডিৰেক্ট'ৰেট জেনেৰেল অব্ হাইড্ৰ'কাৰ্বনে এই সিদ্ধান্ত কাৰ্যকৰী কৰিব পৰা নাছিল ৷ এক বিশেষ সূত্ৰত প্ৰকাশ পোৱা মতে, বৰ্তমানৰ পৰিকল্পনা যোৱা ১২ অক্টোবৰত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে তেল আৰু গেছৰ ঘৰুৱা উৎপাদনৰ পুনৰীক্ষণৰ বাবে আহ্বান জনোৱা বৈঠকৰ কাৰ্যকৰী সিদ্ধান্তৰ বাবেই গ্ৰহণ কৰা হৈছে ৷
উক্ত বৈঠকত মন্ত্ৰণালয়ে এক শতাংশভিত্তিক তুলনা কৰি ৬০খন বৃহৎ তৈলক্ষেত্ৰই ৯৫ শতাংশ অ' এন জি চিৰ উৎপাদন আগবঢ়োৱাৰ বিপৰীতে ১৪৯খন ক্ষুদ্ৰ তৈলক্ষেত্ৰই মাথোঁ ৫ শতাংশ উৎপাদনহে আগবঢ়োৱা বুলি দেখুওৱা হৈছিল ৷ উক্ত সভাতেই এই ক্ষুদ্ৰ তৈলক্ষেত্ৰসমূহ ব্যক্তিগত ফাৰ্মক বিক্ৰী কৰি অ' এন জি চিক বৃহৎ তৈলক্ষেত্ৰসমূহত মনোযোগ দিবলৈ পৰামৰ্শ প্ৰদান কৰা হৈছিল ৷
সূত্ৰটোৱে আৰু প্ৰকাশ কৰে যে ইয়াৰ পিছতে নিটি আয়োগৰ মুখ্য কাৰ্যবাহী বিষয়া অমিতাভ কান্তৰ নেতৃত্বত ছয়জনীয়া সদস্যৰ এখন সমিতি ইয়াৰ ওপৰত প্ৰস্তাৱ গ্ৰহণৰ বাবে গঠন কৰা হয় ৷ অৱশ্যে ইয়াৰ পিছতো অ' এন জি চিয়ে এই সিদ্ধান্তৰ বিৰোধিতা কৰি আহিছিল ৷ এতিয়া এই সিদ্ধান্ত কেনেদৰে কাৰ্যকৰী হয় সেয়া সময়ত লক্ষণীয় হ'ব ৷
- Log in to post comments
- 18 views