দৰং জিলা পৰিষদৰ ১৪ আসনৰ ৭খনেই মহিলাৰ বাবে সংৰক্ষিত : ৰাজনৈতিক অংকত আউল

দৰং জিলা পৰিষদৰ ১৪ আসনৰ ৭খনেই মহিলাৰ বাবে সংৰক্ষিত : ৰাজনৈতিক অংকত আউল ৰাজনৈতিক দলৰ

ৰাজ্যত সকলো ধৰণৰ উৎকণ্ঠাৰ অৱসান ঘটাই ন্যায়ালয়ৰ নিৰ্দেশত নিৰ্বাচন আয়োগে নিৰ্বাচনী অধিসূচনা জাৰি কৰি নিৰ্বাচনৰ নিৰ্দিষ্ট দিন-বাৰ ঘোষণা কৰাৰ পিছতেই ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে দৰং জিলাতো প্ৰতিটো ৰাজনৈতিক দলৰ লগতে জিলা প্ৰশাসনো তৎপৰ হৈ পৰা পৰিলক্ষিত হৈছে ।

জিলাখনত ১৪টা জিলা পৰিষদ সমষ্টি, ৭৫খন গাঁও পঞ্চায়ত, ৬খন আঞ্চলিক পঞ্চায়তৰ মাজত অধা অংশ মহিলাৰ বাবে সংৰক্ষিত হোৱাত প্ৰতিটো দলৰে প্ৰাৰ্থী নিৰ্বাচনত আউল লাগিছে ।

দৰং জিলা পৰিষদৰ ১৪ আসনৰ ৭খনেই মহিলাৰ বাবে সংৰক্ষিত : ৰাজনৈতিক অংকত আউল ৰাজনৈতিক দলৰ

শাসকীয় বিজেপি, কংগ্ৰেছ, এজিপি, ইউ ডি এফ সকলো দলে উপযুক্ত প্ৰাৰ্থীৰ সন্ধান অব্যাহত ৰাখিছে । ১৪টা জিলা পৰিষদৰ অন্যতম চপাই জিলা পৰিষদ সমষ্টিটো অসনুসূচিত জাতি মহিলাৰ বাবে সংৰক্ষিত হোৱাত হাবাথুৰি খাইছে প্ৰতিটো ৰাজনৈতিক দলে ।

তেনেদৰে ছিপাঝাৰ বিধানসভা সমষ্টিৰ ক্ৰমে দেৱানন্দ-ছিপাঝাৰ আৰু দুনী-দিপীলা, দলগাঁও সমষ্টিৰ লালপুৰ, শ্যামপুৰ, বিহুদিয়া আৰু কলাইগাঁও সমষ্টিৰ লক্ষীমপুৰ-টেঙাবাৰী পৰিষদীয় সমষ্টি মহিলাৰ বাবে সংৰক্ষিত হোৱাত উপযুক্ত তথা সবল প্ৰাৰ্থীৰ অভাৱত ভুগিছে ৰাজনৈতিক দলে ।

Your Comments