গহপুৰ অসামৰিক চিকিৎসালয়ত চিকিৎসকৰ উৎভণ্ডালি

a

গহপুৰ অসামৰিক চিকিৎসালয়ত যোৱা কালি ৰাতি ১০ বজাত অলুপাৰা পঞ্চায়ৰ ২নং ডমনপুৰ নিবাসী জামিন গয়াৰীৰ পত্নী সমিশ্ৰয় গয়াৰীৰ সন্তান প্ৰসৱৰ বাবে গহপুৰ অসামৰিক চিকিসালয়ত ভৰ্তি কৰে । সন্তান জন্ম হোৱাৰ পাছত আজি পুৱা ১০ বজাত তেওঁৰ আত্মীয় তালমূলী গয়াৰী নামৰ এগৰাকী মহিলাই বিশেষ কামৰ বাবে চিকিৎসকৰ ওচৰলৈ যোৱাত চিকিৎসকে গধুৰ সামগ্ৰীৰে প্ৰহাৰ কৰে শিশু চিকিৎসক আব্দোল হানামে । প্ৰহাৰ কৰা মহিলা গৰাকীৰ বয়স আছিল ৪০ বছৰ । উক্ত ঘটনাটোক লৈ গহপুৰ সচেতন মহল আৰু দল-সংগঠনে তীব্ৰ ভাষাৰে গৰিহণা দিছে । 

ফলত উত্তেজিত ৰাইজে বহু সময় ধৰি আবদ্ধ কৰি ৰাখে অভিযুক্ত চিকিৎসকগৰাকীক । পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব বাবে আৰক্ষী মোতায়েন কৰা হৈছে ।

Your Comments