ৰে'লৱে' মজদুৰ অধিৱেশনলৈ ৰাওনা এন এফ ৰে'লৱে'ৰ দল

ৰে'লৱে' মজদুৰ অধিৱেশনলৈ ৰাওনা এন এফ ৰে'লৱে'ৰ দল

ডিব্ৰুগড়ৰ পৰা জ্যোতিষ পাতিৰ

'ৰে'ল বচাও, দেশ বচাও' শ্লোগানেৰে দেশৰ একমাত্র শক্তিশালী ৰে'ল শ্ৰমিক সংগঠন অল ইণ্ডিয়া ৰে'লৱে' মেনছ ফেডাৰেচন চমুকৈ এ আই আৰ এফৰ ৰাজস্থানৰ কোটা আধিবেশনলৈ এন এফ ৰে'লৱে'ৰ পৰাও এক বৃহৎ প্ৰতিনিধিৰ দল এখন বিশেষ ৰে'লযোগে শনিবাৰে বিয়লি নিউ তিনিচুকীয়াৰ পৰা ৰাওনা হৈছে ।

এন এফ ৰে'লৱে' মজদুৰ ইউনিয়নৰ  এই প্ৰতিনিধি দলত  তিনিচুকীয়া, লামডিং, ৰঙিয়া, আলিপুৰদুৱাৰ আৰু কাটিহাৰ মণ্ডল তথা ডিব্ৰুগড় আৰু বঙাইগাঁও ৱৰ্কশ্বপৰ পৰা ১৫০০ পুৰুষ আৰু মহিলা প্ৰতিনিধি আছে বুলি এন এফ ৰে'লৱে' মজদুৰ ইউনিয়নৰ কেন্দ্ৰীয় প্ৰচাৰ সচিব পুলক গগৈয়ে এক প্ৰেছ বিবৃতিযোগে প্ৰকাশ কৰিছে ।

বিবৃতিটোত আৰু কোৱা হৈছে যে ১ নৱেম্বৰৰ পৰা ৩ নৱেম্বৰলৈ ৰাজস্থানৰ কোটাত অল ইণ্ডিয়া ৰে'লৱে মেনছ ফেডাৰেচনৰ ৯৪সংখ্যক বাৰ্ষিক অধিবেশন অনুষ্ঠিত হ'ব ।

এন এফ ৰে'লৱে'ৰ পৰা যোৱা এই প্ৰতিনিধি দলটোত কেন্দ্ৰীয় নেতা তথা যুটীয়া সাধাৰণ সম্পাদক পীয়ূষ চক্ৰৱৰ্তী,  দিলীপ চক্ৰৱৰ্তী, চুচেন হাজৰিকাকে ধৰি মহিলা নেত্রী আচমী আহমেদ, জিণ্টি বৰদলৈ, মধুমিতা পাল আৰু মধুমিতা বনিক কৰৰ নেতৃত্বত ৰাওনা হৈছে বুলি প্ৰকাশ কৰিছে প্ৰচাৰ সচিব তথা ৰে'ল শ্ৰমিক নেতা পুলক গগৈয়ে ।

এই অধিবেশন সফল কৰি তুলিবলৈ আৰু প্ৰধান মন্ত্রী নৰেন্দ্ৰ মোডী নেতৃত্বাধীন এন ডি এ চৰকাৰে গ্ৰহণ কৰা শ্ৰমিকবিৰোধী নীতিসমূহকে ধৰি ভাৰতীয় ৰে'ল শিল্পটোক ব্যক্তিগতকৰণ কৰিবলৈ লোৱা নীতিসমূহৰ বিৰুদ্ধে যুঁজ দিবলৈ প্ৰবল ৰণকৌশল যুগুত কৰাৰ ক্ষেত্রতে ৰে'ল শ্ৰমিকসকলে এনেদৰে দলে-বলে কোটালৈ ৰাওনা হৈছে ।

একেদৰে দেশৰ এই ঐতিহ্যপূৰ্ণ ৰে'ল শ্ৰমিক সংগঠনটোৰ কোটা অধিবেশনলৈ এন এফ ৰে'লৱে'কে ধৰি মুঠ ১৭টা সংমণ্ডলৰ পৰাও বিশেষ বিশেষ ৰে'লযোগে ইতিমধ্যে বিভিন্ন প্ৰান্তৰৰ পৰা ৰাওনা হৈছে বুলি সদৰী কৰিছে ।

কাৰ্যসূচী অনুসৰি ১ নৱেম্বৰৰ পুৱা পতাকা উত্তোলন আৰু ছহিদ তৰ্পণ, এ আই আৰ এফৰ মহিলা কোষৰ বিশেষ অধিবেশন, বৰ্ণাঢ্য শুভাযাত্রা আৰু কোটা ৰে'লৱে' খেলপথাৰত মুকলি সভা অনুষ্ঠিত হ'ব ।

২ নৱেম্বৰত কাৰ্যনিৰ্বাহক সভা আৰু ৩ নৱেম্বৰত প্ৰতিনিধি সভা আৰু বিষয় বাছনি সভা অনুষ্ঠিত হ'ব । এই অধিবেশনত দেশৰ আগশাৰীৰ অন্যতম শ্ৰমিক সংগঠন হিন্দ মজদুৰ সভাৰ সাধাৰণ সম্পাদক হৰভজন সিং সিদ্ধু, অল ইণ্ডিয়া ৰে'লৱে' মেনছ ফেডাৰেচনৰ সভাপতি ৰাখাল দাসগুপ্তা, সাধাৰণ সম্পাদক শিৱগোপাল মিশ্ৰকে ধৰি ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় তথা ইন্টাৰনেচনেল ট্ৰেন্সৰ্পট ৱকাৰ্ছ ফেডাৰেচন আদিৰ শ্ৰমিক নেতাৰ বিশাল সমাবেশ ঘটিব বুলি কোৱা হৈছে ।

উল্লেখ্য আগন্তক লোকসভা নিৰ্বচনৰ প্ৰাকক্ষণত ভাৰতীয় ৰাজনৈতিক দৃশ্যপট নিয়ন্ত্রণ কৰাৰ ক্ষেত্রত গৰুত্বপূৰ্ণ ভূমিকা পালন কৰা এ আই আৰ এফৰ এই অধিবেশনে যে যথেষ্ট তাৎৰ্পয বহন কৰিব সেয়া নিশ্চিত ।

Your Comments