ছয়দুৱাৰ মহাবিদ্যালয়ত স্থাপিত হ'ব সুধাকণ্ঠৰ ব্ৰঞ্জৰ প্ৰতিমূৰ্তি

ছয়দুৱাৰ মহাবিদ্যালয়ত স্থাপিত হ'ব সুধাকণ্ঠৰ ব্ৰঞ্জৰ প্ৰতিমূৰ্তি

অহা ১ নৱেম্বৰৰ পৰা ৪ নৱেম্বৰলৈকে অনুষ্ঠিতব্য ছয়দুৱাৰ মহাবিদ্যালয়ৰ সোণালী জয়ন্তী সমাৰোহ আৰু প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন ৷ এই উপলক্ষে গহপুৰৰ গৌৰৱ, উত্তৰ-পূৰ্বাঞ্চলৰ বিশিষ্ট ভাস্কৰ্য শিল্পী দিলীপ শৰ্মাই নিৰ্মাণ কৰি উলিওৱা সুধাকন্ঠ ডঃ ভূপেন হাজৰিকাৰ এটা ব্ৰঞ্জৰ প্ৰতিমূৰ্তি স্থাপন কৰাহ'ব মহাবিদ্যালয়খনত ৷

ছয়দুৱাৰ মহাবিদ্যালয়ত স্থাপিত হ'ব সুধাকণ্ঠৰ ব্ৰঞ্জৰ প্ৰতিমূৰ্তি

৫ ফুট উচ্চতাৰ এই মূৰ্তিটোৰ কাম প্ৰায় সম্পূৰ্ণ হৈছে । অহা ৩০ অক্টোবৰৰ ভিতৰত মূৰ্তিটো গুৱাহাটীৰ ভেটাপাৰাৰ পৰা আনি মহাবিদ্যালয়ৰ পেক্ষাগৃহৰ সন্মুখৰ সুকীয়াকৈ ৰখা স্থানত শিল্পীগৰাকীয়ে নিজে আহি স্থাপন কৰিব । 

উল্লেখ্য যে গহপুৰ নগৰ সমিতিৰ অধ্যক্ষা তথা ছয়দুৱাৰ মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰী লীনা শইকীয়া বৰাৰ প্ৰচেষ্টাত গহপুৰ নগৰ সমিতিৰ তৰফৰ পৰা ব্ৰঞ্জৰ মূৰ্তিটো মহাবিদ্যালয়ৰ সোণালী জয়ন্তী বৰ্ষ আৰু সমাৰোহ উপলক্ষে নিৰ্মাণ কৰা হৈছে ।

Your Comments