ছহিদ কনকলতা বৰুৱাৰ ভতিজা তোলন বৰুৱাৰ অকাল বিয়োগ

ছহিদ কনকলতা বৰুৱাৰ ভতিজা তোলন বৰুৱাৰ অকাল বিয়োগ

'৪২ৰ ভাৰত ত্যাগ আন্দোলনৰ অমৰ ছহিদ বীৰাংগনা কনকলতা বৰুৱাৰ ভতিজা তোলন বৰুৱাৰ (৫৭) বৃহস্পতিবাৰে নিশা ১০.০৫ বজাত গহপুৰ মহকুমাৰ হেলেম ৰাজহ চক্ৰৰ অন্তৰ্গত বৰঙাবাৰীস্হিত নিজা বাসগৃহত অকাল বিয়োগ ঘটাত সমগ্ৰ গহপুৰ মহকুমাতে গভীৰ শোকৰ ছাঁ পৰিছে ।

যোৱা ২৩ অক্টোবৰত আকস্মিকভাৱে উচ্চ ৰক্তচাপজনিত ৰোগত আক্ৰান্ত হৈ গুৰুতৰভাৱে অসুস্থ হৈ পৰা বৰুৱাক প্ৰথমে গহপুৰ মহকুমা অসামৰিক চিকিৎসালয়ত আৰু পৰৱৰ্তী পৰ্যায়ত বৰগাঙৰ কেথলিক মিছন হাস্পতালত চিকিৎসা প্ৰদান কৰা হয় যদিও অৱস্থাৰ অধিক অৱনতি ঘটাত বৃহস্পতিবাৰে ঘৰলৈ ঘূৰাই অনা হয় ।

আজি পুৱাৰ ভাগত আত্মীয় আৰু স্হানীয় ৰাইজৰ উপস্থিতিত বৰুৱাৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয় । মৃত্যুৰ সময়ত তোলন বৰুৱাই পত্নী, তিনিগৰাকী জীয়ৰীসহ আত্মীয়-কুটুম্বক ইহসংসাৰত এৰি থৈ গৈছে । 

উল্লেখযোগ্য যে ২০০৫ চনৰে পৰা বিনা বেতনে চতুৰ্থ বৰ্গৰ কৰ্মচাৰী হিচাপে কাম কৰি শেহতীয়াভাৱে বিদ্যালয়খনৰ ৰন্ধন কৰ্মী হিচাপে কৰ্মৰত বৰুৱাই অসহনীয় আৰ্থিক দুৰৱস্হাৰ মাজেৰে জীৱন নিৰ্বাহ কৰি অৱশেষত অকালতে মৃত্যুক আঁকোৱালি ল'লে ।

এগৰাকী ছহিদ পৰিয়ালৰ ব্যক্তি হিচাপে বৰুৱাই যথোচিত চৰকাৰী সা-সাহায্যও লাভ কৰিবলৈ সক্ষম নহ'ল । তোলন বৰুৱাৰ অকাল বিয়োগত গহপুৰৰ বিভিন্ন দল-সংগঠনে শোক প্ৰকাশ কৰিছে ।

Your Comments