বিশ্বনাথ জিলাৰ গহপুৰ মহকুমাৰ বিভিন্ন স্থানত দুর্গা পূজাৰ ব্যাপক প্ৰস্তুতিৰে উদযাপন কৰা হৈছে । গহপুৰৰ আকাশ, বতাহ ঢাক-ঢোলৰ শব্দয়ে মুখৰিত হোৱা দেখিবলৈ পোৱা গৈছে । গহপুৰৰ মূল আকৰ্ষণৰ প্ৰধান কেন্দ্ৰ বিন্দু শ্ৰীশ্ৰী মা কল্যাণী দেৱালয়ৰ দুৰ্গোৎসৱ । অসমৰ অন্যতম শক্তিপীঠ স্বৰূপ এই দেৱালয়ত মা কল্যাণীৰ আশীষ ল'বলৈ অসমৰ লগতে বহি:ৰাজ্য বিভিন্ন প্ৰান্তৰ ভক্ত প্ৰাণ ৰাইজৰ আগমন ঘটে । ইয়াত ধৰ্মীয় বলি-বিধানৰ প্ৰথাৰে দুৰ্গোৎসৱ পালন কৰা হয় ।
গহপুৰৰ জাগৃতি যুৱক সংঘৰ উদ্দ্যোগত উদ্যাপন কৰা হৈছে দুৰ্গোৎসৱ । জাগৃতি যুৱক সংঘই অন্ধবিশ্বাসৰ কবলত পৰা একাংশ নিৰ্দয়ী লোকৰ নিৰ্মম অত্যাচাৰৰ বলি হৈ কৰুণ মৃত্যুক সাবতি লোৱা নিলোৎপল দাস আৰু অভিজিৎ নাথৰ হত্যাৰ ন্যায় বিচাৰি উক্ত পূজা স্থলিত শ্ৰদ্ধাঞ্জলি জনাই গহপুৰ নগৰৰ মাজমজিয়াৰ পঞ্চমবাৰৰ বাবে দুৰ্গোৎসৱৰ আয়োজন কৰিছে । একেদৰে গহপুৰৰ উত্তৰাঞ্চলৰ অসম-অৰুণাচল সীমান্তৰ্ৱতী অঞ্চল টেটুনবাৰীত এইবাৰ উদ্যাপন কৰা হয় ১১১ সংখ্যক দুৰ্গোৎসৱ । এই পূজা ভাগত এইবাৰৰ মুখ্য আকৰ্ষণ হ'ল বৰনীপথাৰৰ 'নেচাৰইজ গ'ড' নামৰ স্বেচ্ছাসেৱী সংগঠনটোৰ থলুৱা শিল্পীসকলে নিৰ্মাণ কৰা মুখা শিল্পৰ প্ৰদৰ্শন ।
- Log in to post comments
- 7 views