অসমৰ উত্তৰ পাৰৰ অন্যতম উচ্চ শিক্ষানুষ্ঠান গহপুৰৰ ছয়দুৱাৰ মহাবিদ্যালয়ত কালি অনুষ্ঠিত চলিত বৰ্ষৰ ছাত্র একতা সভাৰ সাধাৰণ নিৰ্বাচন সম্পূৰ্ণ শান্তিপূৰ্ণভাৱে সমাপ্ত হয় । মহাবিদ্যালয়খনৰ শিক্ষাৰ্থীসকলে কালি পুৱাৰে পৰা আনন্দ-উৎসাহৰ মাজেৰে শান্তিপূৰ্ণভাবে অংশগ্ৰহণ কৰা এই নিৰ্বাচনৰ ফলাফল ঘোষণা কৰে নিৰ্বাচনী বিষয়াই । ছাত্ৰ একতা সভাৰ মূল পদ সাধাৰণ সম্পাদকৰ দৰে পদকে ধৰি মুঠ ৭টাকৈ পদত আছু সমৰ্থিত প্ৰাৰ্থী জয় হ’বলৈ সক্ষম হয় ।
মহাবিদ্যালয়খনৰ ২০১৮-২০১৯ বৰ্ষৰ ছাত্র একতা সভাৰ নিৰ্বাচনৰ ফলাফলত বিভিন্ন পদৰ বিপৰীতে বিজয়ী প্ৰাৰ্থীসকল হ'ল- পৱিত্ৰ পাটগিৰি (সভাপতি), দেৱাশিস কটকী (উপ-সভাপতি), বিকাশ বড়ো(সাধাৰণ সম্পাদক), ৰক্তিম বৰগ (সহকাৰী সাধাৰণ সম্পাদক) দীপালী বৰুৱা (আলোচনা), সুদৰ্শনা শৰ্মা (সাহিত্য আৰু বিতৰ্ক), মাধুৰীমা বৰা (কলা আৰু সংস্কৃতি), নিৰন কামান (বহি:ক্ৰীড়া), নৱজিত দাস (আন্ত:ক্ৰীড়া), জ্যোতিস্ময় হাজৰিকা (উৎসৱ বিভাগ), পূজা হাজৰিকা (সমাজসেৱা), মাইকেল ৱাৰী (ছাত্র জিৰণি কোঠা), বৰষা দে' (ছাত্ৰী জিৰণি কোঠা) আৰু আব্ৰাহাম নাৰ্জাৰী (শৰীৰ চৰ্চা বিভাগ) ।
উল্লেখযোগ্য যে ১ নৱেম্বৰৰ পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে গৌৰৱোজ্জ্বল সোণালী জয়ন্তী বৰ্ষৰ সামৰণী সমাৰোহ উদযাপনৰ ব্যাপক প্ৰস্তুতি অব্যাহত আছে মহাবিদ্যালয়খনত ।
- Log in to post comments
- 9 views