“থলগিৰি : অসমীয়া হোৱাৰ গৌৰৱ”
গাঁওবোৰক লৈ আমি সপোন দেখোঁ আহক : মনোৰম গগৈ
“যি জাতিয়ে নিজৰ পথাৰ আৰু বজাৰ ৰক্ষা কৰিব নোৱাৰে, সি নিজকো ৰক্ষা কৰিব নোৱাৰে ৷” - অম্বিকাগিৰি
(১)
গাঁওবোৰেই আমাৰ শিপা ৷ গাওঁবোৰেই আমাৰ ভেটি ৷ গাঁওবোৰ সমৃদ্ধিশালী কৰিব পাৰিলেই আমিও সমৃদ্ধিশালী হ’ম ৷ অসমীয়া জাতি সমৃদ্ধিশালী হ’ব ৷ গাঁৱত বসবাস কৰাটো যিদিনা আমাৰ বাবে গৌৰৱ হিচাপে চিহ্নিত হ’ব, সেইদিনাই অসমীয়া জাতিয়ে নতুন জীৱন পাব ৷ আমাৰ অৰ্থনীতি, সংস্কৃতি সকলোবোৰ এদিন গাঁৱৰ পৰাই ঠন ধৰি উঠিছিল ৷ যিদিনাৰ পৰা চহৰমুখী নব্য-সংস্কৃতিৰ প্ৰতি মোহগ্ৰস্ত হৈ আমি গাঁওবোৰক অৱহেলা কৰিবলৈ ল’লোঁ, সেইদিনাৰ পৰাই অসমীয়া জাতিৰ গৰিমা ম্লান পৰিবলৈ আৰম্ভ কৰিলে !
স্বাধীনতাৰ পূৰ্বেই মহাত্মা গান্ধীয়ে কৈছিল : “ভাৰতবৰ্ষৰ আত্মা আছে দেশখনৰ গাঁওবোৰত ৷”
কিন্তু স্বাধীনতাৰ সত্তৰ বছৰ অতিক্ৰম কৰাৰ পিছতো স্বাধীন দেশৰ চৰকাৰবোৰে ভাৰতীয় জনগণৰ এই ‘আত্মা’টোক জীয়াই ৰাখিবলৈ আন্তৰিক প্ৰচেষ্টা চলোৱা নাই ৷ এতিয়াও মুঠ জনসংখ্যাৰ সত্তৰ শতাংশতকৈ অধিক লোকে গাঁৱতেই বাস কৰে ৷ চহৰৰ মানুহৰ বাবে হেজাৰ হেজাৰ কোটি টকাৰ ব্যয়ৰে ‘স্মাৰ্ট চিটী’ৰ পৰিকল্পনা কৰাৰ হৈছে ৷ চহৰৰ ধনী মানুহৰ বাবে ‘বুলেট ট্ৰেইন’ চলোৱাৰ নামতো হেজাৰ হেজাৰ কোটি টকা ব্যয় কৰাৰ আঁচনি লোৱা হৈছে ৷ কিন্তু তাৰ বিপৰীতে আজিও গাঁওবোৰ ‘স্মাৰ্ট’ কৰাৰ বাবে কোনো সুদূৰপ্ৰসাৰী আঁচনি লোৱা নহ’ল ৷
গাঁৱৰ খেতিয়ক ৰাইজৰ সামগ্ৰিক উন্নয়নৰ বাবে বাজেটত ধাৰ্য কৰা ধনৰ সৰহখিনিয়েই ৰাজনৈতিক নেতা, আমোলা-বিষয়া আৰু ঠিকাদাৰৰ জেপলৈ যোৱাৰ পৰম্পৰা সৃষ্টি কৰা হ’ল ৷ সেয়েহে আজিও দৰিদ্ৰতাৰ কৱলত পৰি প্ৰতিবছৰে ভাৰতবৰ্ষৰ হেজাৰ হেজাৰ কৃষকে আত্মহত্যা কৰে ৷ কোটি কোটি শ্ৰমজীৱী কৃষকক অতি নিম্নমানৰ জীৱন-ধাৰণ প্ৰণালীৰ মাজেৰে দৰিদ্ৰতাৰ সৈতে যুদ্ধ কৰি জীয়াই থাকিবলৈ বাধ্য কৰোৱা হৈছে ৷
এই সামগ্ৰিক অৱস্থাটোৰ পৰা অসমৰ কৃষক ৰাইজকো নিলগাই চাব নোৱাৰি ৷ ১৮২৬ খ্ৰীষ্টাব্দৰ পূৰ্বে যিখন অসম সম্পূৰ্ণ স্বনিৰ্ভৰশীল আছিল, সেইখন অসমক ২০০ বছৰ পূৰ নৌহওঁতেই প্ৰায় সম্পূৰ্ণ পৰনিৰ্ভৰশীল অসমলৈ পৰ্যৱসিত কৰা হ’ল ৷
ব্ৰিটিছে ঔপনিৱেশিক শাসন-শোষণৰ স্বাৰ্থত যি নতুন ভূমিনীতি প্ৰৱৰ্তন কৰি শোষণ-শাসন চলাই গৈছিল, সেই একেবোৰ কৃষকবিৰোধী, গাঁওবিৰোধী নীতিকে আমাৰ স্বাধীন দেশৰ শাসকসকলে যোৱা ৭০ বছৰে অব্যাহত ৰখাৰ ফলত এদিন ব্ৰিটেইনৰ দৃষ্টিভংগীৰে পৰিচালিত হোৱা অসমখন এতিয়া দিল্লীৰ শাসকসকলৰ লাভালাভৰ দৃষ্টিৰে পৰিচালিত হৈ আহিছে ৷ ইয়াৰে গইনা লৈ অসমত উত্তৰ ভাৰতৰ এচাম চতুৰ বণিকে ধনৰ পাহাৰ বান্ধিছে আৰু তাৰ বিপৰীতে অসমৰ গাঁৱৰ জনগণৰ অৱস্থা ক্ৰমশঃ লাওলোৱা হৈ পৰিছে ৷
এনে প্ৰেক্ষাপটতে অসমৰ গাঁৱৰ শ্ৰমজীৱী কৃষক ৰাইজৰ অৰ্থনৈতিক ভিত্তি সবল কৰিবলৈ এক প্ৰণালীবদ্ধ, দীৰ্ঘকালীন, বাস্তৱবাদী পৰিকল্পনা যুগুত কৰা হৈছে ৷ সেয়া হৈছে : “থলগিৰি : অসমীয়া হোৱাৰ গৌৰৱ” ৷
(২)
জনগাঁথনি, ভৌগোলিক অৱস্থান, জীৱ-বৈচিত্ৰ্য, সংস্কৃতি তথা বতৰ বা জলবায়ুৰ ক্ষেত্ৰত ভাৰতবৰ্ষৰ কোনো অঞ্চলৰে সৈতে অসমখনৰ মিল নাই ৷ আমাৰ বেছিভাগৰে এটা ধাৰণা আছে যে প্ৰাকৃতিক গেছ, তেল, কয়লা আৰু চাহেই হ’ল অসমৰ প্ৰধান সম্পদ ৷ এই ধাৰণা শুদ্ধ নহয় ৷ এইবোৰৰ উপৰি অসমবাসীৰ বাবে অন্যতম প্ৰধান সম্পদ হ’ল ইয়াৰ অতি সাৰুৱা কৃষি উপযোগী মাটি, নদী-জান-জুৰি-বিল-পিতনিয়ে বছৰৰ সকলো সময়তে ধৰি ৰখা বিশাল পানীভাগ আৰু ইয়াৰ নাতিশীতোষ্ণ জলবায়ু ৷
আজি যদি আমি অসমৰ থলুৱা অৰ্থনীতি শক্তিশালী ৰূপত গঢ়ি তুলিব লাগে তেন্তে ভূগৰ্ভত সঞ্চিত হৈ থকা সম্পদৰাজিৰ সমানে এই তিনি অমূল্য সম্পদৰ সদ্ব্যৱহাৰ কৰিবলৈও শিকিব লাগিব ৷ এই কথাটোকে প্ৰাধান্য দি ‘থলগিৰি’য়ে অসমৰ গ্ৰাম্য অৰ্থনীতিক নতুন ৰূপত তুলি ধৰিবলৈ ব্যাপক কৰ্মসূচী হাতত লৈছে ৷ প্ৰথম পৰ্যায়ত অসমৰ থলুৱা জনগণৰ খাদ্য-অভ্যাসক কেন্দ্ৰ কৰি গাঁও অঞ্চলত কৃষিকেন্দ্ৰিক তৎপৰতাৰ ওপৰত গুৰুত্ব দিয়া হৈছে ৷ এই কথা বিজ্ঞানসন্মতভাৱে ইতিমধ্যেই প্ৰমাণিত হৈছে যে অসমৰ উৰ্বৰ মাটিত যিকোনো কৃষি-কৰ্মৰ বাবে জীৱ-বিচিত্ৰতা ধ্বংসকাৰী ৰাসায়নিক সাৰ প্ৰয়োগৰ কোনো প্ৰয়োজন নাই ৷ প্ৰয়োজন নাই ৰাসায়নিক কীটনাশক দ্ৰব্যৰ ৷
গতিকে সম্পূৰ্ণ জৈৱিক পদ্ধতিৰ খেতি কৰি অসমৰ খেতিয়ক ৰাইজে সম্পূৰ্ণ স্বাস্থ্য উপযোগী, মানবিশিষ্ট খাদ্য উৎপাদন কৰিব পাৰে ৷ লক্ষণীয় কথাটো হ’ল যে আমাৰ পূৰ্বপুৰুষসকলে অসমৰ খেতিপথাৰত প্ৰায় ৫,০০০ বিভিন্ন প্ৰজাতিৰ ধানৰ খেতি কৰিছিল ৷ এই থলুৱা প্ৰজাতিৰ ধানৰ পৰা উলিওৱা চাউলবোৰৰ সৰহভাগেই ঔষধি গুণসম্পন্ন আৰু এইবোৰৰ সোৱাদো অপূৰ্ব ৷ তদুপৰি, এই থলুৱা প্ৰজাতিৰ ধানবোৰে বিভিন্ন বেমাৰ-আজাৰ বা কীট-পতংগৰ আক্ৰমণৰ পৰা নিজকে ৰক্ষা কৰিবলৈ প্ৰাকৃতিকভাৱেই সক্ষম ৷ আমাৰ এনে বহু থলুৱা প্ৰজাতিৰ ধান আছে, যিবোৰৰ জৈৱিক পদ্ধতিৰে প্ৰাকৃতিকভাৱে খেতি কৰিলে উৎপাদনো যথেষ্ট পৰিমাণে হয় ৷
কিন্তু আমাৰ অতি কেন্দ্ৰীভূত শাসন ব্যৱস্থাই অসমৰ মাটি-পানী-জলবায়ুৰ বৈশিষ্ট্য বুজিবলৈ কাহানিও চেষ্টা কৰা নাই ৷ উত্তৰ ভাৰতৰ পঞ্জাব, হাৰিয়ানা, উত্তৰ প্ৰদেশ আদি ৰাজ্যৰ সৈতে অসমৰ মাটি-পানী-জলবায়ু কোনো ফালৰ পৰাই অকণো মিল নথকা সত্ত্বেও আশ্চৰ্যজনকভাৱে স্বাধীনতাৰ পৰৱৰ্তী সময়ৰ তথাকথিত ‘সেউজ-বিপ্লৱ’ৰ সময়ৰে পৰা পঞ্জাব-হাৰিয়ানা আদিৰ বাবে প্ৰস্তুত কৰা কৃষি-আঁচনিবোৰকে অপৰিৱৰ্তিত ৰূপত কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰে অসমত প্ৰয়োগ কৰি আহিছে ৷ অসমৰ দৰে প্ৰাকৃতিকভাৱেই উৰ্বৰ মাটিতো প্ৰয়োজন নহ’লেও বাধাহীনভাৱে ৰাসায়নিক সাৰ, কীটনাশক আদি প্ৰয়োগ কৰিবলৈ চৰকাৰী যন্ত্ৰই কৃষকক বাধ্য কৰোৱা বা প্ৰৰোচিত কৰাৰ উদাহৰণৰ আকাল নাই ৷ চৰকাৰীভাৱে যোগান ধৰা বিভিন্ন খাদ্য-শস্যৰ বর্ণসংকৰ বীজৰ ক্ষেত্ৰতো একেটা কথাই খাটে ৷
ইফালে, যোৱা প্ৰায় দুটা শতিকাৰ ভিতৰতে অসমীয়াই নিজৰ পৰম্পৰাগত খাদ্য-সংস্কৃতিৰ পৰা দূৰৈত অৱস্থান গ্ৰহণ কৰি পৰনিৰ্ভৰশীল খাদ্যৰীতিক আঁকোৱালি লোৱাৰ ফলত তাৰ নেতিবাচক প্ৰভাৱত অসমৰ গ্ৰাম্য-অৰ্থনীতি বিধ্বস্ত হৈ পৰিছে ৷ এই কথা আমি জানো যে আমাৰ মাটি আৰু জলবায়ু ঘেঁহু খেতিৰ বাবে অকণো উপযুক্ত নহয় ৷ সেইবাবেই ঘেঁহুজাত বা আটা-ময়দাৰ পৰা তৈয়াৰ কৰা কোনো খাদ্য-সামগ্ৰীয়েই আমাৰ পৰম্পৰাগত খাদ্য নহয় ৷
অথচ আজি যদি অসমীয়াই নিজৰ খাদ্য তালিকাখনলৈ ভালদৰে লক্ষ্য কৰে, তেন্তে দেখা যাব যে পুৱা চাহৰ সৈতে খোৱা বিস্কুটখনৰে পৰা ব্ৰেড, পৰঠা, লুচি-পুৰী, ছিংৰা, কচুৰী, ৰ’ল, ম’ম’, চাওমিন, বুন্দিয়া-ভুজিয়া, নিমকি, বাৰ্গাৰ, চেণ্ডুইছ, পিজ্জাকে ধৰি ঘৰৰ বাহিৰে-ভিতৰে অবাধ গতিত এইবোৰ অপৰম্পৰাগত, বাহিৰা খাদ্য খোৱাটো অসমৰ মানুহৰ প্ৰাত্যহিকতা হৈ পৰিছে ৷ এই বহিৰাগত নতুন খাদ্য-বস্তুবোৰে আমাৰ পাকঘৰ আৰু হোটেল-ৰেস্তোৰাঁৰ অধিকাংশ ঠাই অধিকাৰ কৰাৰ বাবেই আমাৰ পৰম্পৰাগত জা-জলপান, পিঠা-পনাবোৰ বিলুপ্তিৰ পথত ৷
আৰু এটা ভয়ংকৰ কথা অসমৰ বেছিভাগ মানুহেই নাজানে ৷ সেয়া হ’ল, আমাৰ খেতিপথাৰত উৎপাদিত ধান-চাউলবোৰৰ পৰিৱৰ্তে পঞ্জাব-হাৰিয়ানাত উৎপাদিত চাউলেৰে অসমৰ দোকান-বজাৰ ভৰি পৰিছে ৷ গুৱাহাটীৰ ফাঁচীবজাৰৰ পৰা নিয়ন্ত্ৰিত বহু হেজাৰ কোটিটকীয়া আমদানিকৃত চাউলৰ বজাৰখনে আমাৰ থলুৱা কৃষকৰ বাবে প্ৰৱল প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে ৷
সেয়েহে থলুৱা কৃষকক সকলোফালৰ পৰা সহায় কৰিবলৈ ‘থলগিৰি’ আগবাঢ়ি আহিছে ৷ আমি মনত ৰখা উচিত যে অসমৰ বছৰি যিমান চাউলৰ চাহিদা আছে সেই সকলোখিনি উৎপাদন কৰাৰ ক্ষমতা অসমৰ গাঁৱৰ পথাৰবোৰৰ আছে ৷ যদি বাহিৰৰ চাউলৰ বজাৰখনক উপেক্ষা কৰি অসমৰ চাউলৰ বজাৰখনক উজ্জীৱিত কৰাত অসমৰ উপভোক্তা ৰাইজে সহায় কৰে, তেন্তে অসমৰ গাঁওবোৰৰ অৰ্থনৈতিক চেহেৰাই সলনি হৈ যাব ৷ তদুপৰি, বাহিৰৰ চাউলবোৰত অত্যধিক ৰাসায়নিক দ্ৰব্য থকাটো ইতিমধ্যেই নিশ্চিত হৈছে ৷ ৰাসায়নিক সাৰ, কীটনাশক আৰু ‘প্ৰিজাৰভেটিভ’ৰ নামত খাদ্য-শস্যত ৰৈ যোৱা ৰাসায়নিক দ্ৰব্যবোৰে কেন্সাৰ, কীডনি বেয়া হোৱাকে ধৰি বিভিন্ন জটিল ৰোগৰ সৃষ্টি কৰিব পাৰে বুলি বিভিন্ন পক্ষই ইতিমধ্যে সকীয়াই দিছে ৷ গতিকে গ্ৰাম্য-অৰ্থনীতি সবল কৰাৰ লগতে ‘থলগিৰি’ৰ এই প্ৰচেষ্টাই স্বাস্থ্যসন্মত খাদ্যৰ অবিৰত যোগানৰ ক্ষেত্ৰতো নিশ্চিতি প্ৰদান কৰিবলৈ সক্ষম হ’ব ৷
(৩)
অসমৰ পৰম্পৰাগত থলুৱা খাদ্যবোৰ অসমৰ বজাৰলৈ উলিয়াই অনাৰ ক্ষেত্ৰত ‘থলগিৰি’য়ে সৰ্বপ্ৰথমে গুৰুত্ব আৰোপ কৰিছে ৷ থলুৱা প্ৰজাতিৰ চাউলকে ধৰি খাদ্য-শস্যবোৰ বজাৰত যাতে সুলভ কৰিব পৰা যায়, সেই দিশৰ কাম আৰম্ভ কৰিছে ৷ পৰম্পৰাগত জলপান, পিঠা-পনাৰ বাণিজ্যিকীকৰণৰ বাবেও হাতে-কামে প্ৰচেষ্টা চলাইছে ৷ গাঁৱৰ মহিলাসকলে প্ৰস্তুত কৰা জা-জলপান, পিঠা-পনাবোৰ বজাৰলৈ উলিয়াই অনাৰ ক্ষেত্ৰত গাঁৱৰ শিক্ষিত যুৱক-যুৱতীসকলে সহযোগ কৰিছে ৷
‘থলগিৰি’ৰ এই উদ্যোগৰ ফলত অসমৰ গ্ৰামাঞ্চলৰ মহিলাসকলৰ লগতে এচাম ‘যুৱক-যুৱতী’ও কৰ্মতৎপৰ হৈ পৰিছে ৷ এই তৎপৰতাৰ ফলত তেওঁলোকৰ হাতলৈ যাতে ধন আহে, সেয়া নিশ্চিত কৰা হৈছে ৷ আমি যদি অসমৰ জনগণৰ সহযোগত এই তৎপৰতা সাৰ্থক ৰূপত অব্যাহত ৰাখিব পাৰোঁ, তেন্তে গাঁৱৰ অৰ্থনীতিলৈ ই আশাৰ বতৰা কঢ়িয়াই অনাৰ লগতে শিক্ষিত-অৰ্ধশিক্ষিত নিবনুৱাৰ বাবে ব্যাপক কৰ্মসংস্থাপনৰ বাট মুকলি কৰিব ৷ একেদৰে, অসমৰ গাঁৱত উৎপাদিত খাদ্য-সামগ্ৰীয়ে বজাৰ দখল কৰিবলৈ সক্ষম হ’লে আমাৰ খেতিয়কসকলেও পূৰ্ণোদ্যমেৰে খেতি-বাতিত মনোনিৱেশ কৰিব পাৰিব ৷
দ্বিতীয় পৰ্যায়ত, গাঁৱৰ শিপিনীসকলে বৈ উলিওৱা মেখেলা-চাদৰ, গামোচাকে ধৰি অসমত উৎপাদিত সকলো ধৰণৰ কাপোৰৰ বজাৰ এখন গঢ়ি তুলিবলৈও ‘থলগিৰি’য়ে প্ৰচেষ্টা চলাই আহিছে ৷ এই পৰম্পৰাগত কাপোৰৰ অসমত ব্যাপক চাহিদা আছে ৷ কিন্তু সেই অনুপাতে উৎপাদন আৰু বিতৰণৰ প্ৰক্ৰিয়াটোত অসমৰ থলুৱা লোকৰ অংশগ্ৰহণ সন্তোষজনক নহয় ৷ সেয়েহে প্ৰতি বছৰে অসমৰ প্ৰয়োজন হোৱা গামোচা, মেখেলা-চাদৰ, দখনা, আৰ’নাই আদিৰ বৃহৎ অংশ ৰাজ্যৰ বাহিৰত উৎপাদন কৰি অসমলৈ অনা হয় ৷ বহিৰাগত উৎপাদক-বিতৰক তথা পুঁজিপতি গোষ্ঠীক এই দিশত প্ৰত্যাহ্বান জনাবলৈ অসমৰ গাঁৱৰ শিপিনীসকলক সবলীকৰণ কৰাটো জৰুৰী হৈ পৰিছে বুলি ‘থলগিৰি’য়ে বিশ্বাস কৰে ৷
“থলগিৰি : অসমীয়া হোৱাৰ গৌৰৱ” এই বৃহৎ প্ৰকল্পটোৰ মূল উদ্দেশ্য হ’ল অসমৰ সম্পদৰ আধাৰত কৰ্মসংস্কৃতিক প্ৰাধান্য দি এক সাৰ্থক অৰ্থনৈতিক বিপ্লৱ গঢ়ি তোলা ৷ যোৱা প্ৰায় চাৰিটা দশকজুৰি আমি অসমবাসীয়ে অহিংসা-সশস্ত্ৰ সকলো ধৰণৰ আন্দোলনত ভাগ ল’লোঁ ৷ কিন্তু এই আন্দোলনবোৰে আমাৰ সামগ্ৰিক সুৰক্ষা আৰু উন্নয়ন কোনোটো দিশতে নিশ্চয়তা দিব পৰা নাই ৷
সেয়েহে পূৰ্বৰ অভিজ্ঞতাৰ ভিত্তিত নিশ্চিত হৈছোঁ যে অসম আৰু অসমৰ সমূহ থলুৱা বাসিন্দাৰ সামগ্ৰিক উন্নয়ন তথা সুৰক্ষাৰ বাবে এটা প্ৰণালীবদ্ধ, দীর্ঘকালীন অৰ্থনৈতিক আন্দোলনৰ প্ৰয়োজন হৈছে ৷ এই আন্দোলনত অসমৰ প্ৰতিখন গাঁৱৰ প্ৰতিজন কৃষক, প্ৰতিগৰাকী জীয়াৰী-বোৱাৰী তথা যুৱকক জড়িত কৰাব পাৰিলে অসমৰ অৰ্থনৈতিক পুনৰুত্থান নিশ্চিত কৰিব পৰা যাব বুলি আমি গভীৰভাৱে বিশ্বাস কৰোঁ ৷
(জ্যেষ্ঠ সাংবাদিক মনোৰম গগৈ বৰ্তমান অসম সাংবাদিকতা বিদ্যালয়ৰ সঞ্চালক হিচাপে কৰ্মৰত আৰু ‘থলগিৰি : অসমীয়া হোৱাৰ গৌৰৱ’ৰ মুখ্য কাৰ্যবাহী ৷ যোগাযোগ নম্বৰ : ৯১০১৯৩৯৭৪৪)
- Log in to post comments
- 1045 views