মালদ্বীপৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত বিৰোধী প্ৰাৰ্থীৰ অবিশ্বাস্য জয়

মালদ্বীপৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত বিৰোধী প্ৰাৰ্থীৰ অবিশ্বাস্য জয়

ক্ষমতাসীন ৰাষ্ট্ৰপতি আব্দুল্লা য়ামিনৰ সকলো অংকক আউল লগাই মালদ্বীপৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত বিৰোধী প্ৰাৰ্থী ইব্ৰাহিম মহম্মদ ছোলিহ বিপুল ভোটত জয়ী হয় ৷ দেওবাৰে অনুষ্ঠিত এই নিৰ্বাচনত ছোলিহৰ প্ৰাপ্ত ভোটৰ হাৰ ৫৮.৩ শতাংশ ৷

মালদ্বীপৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত বিৰোধী প্ৰাৰ্থীৰ অবিশ্বাস্য জয়

নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছতেই বিৰোধী প্ৰাৰ্থীৰ সমৰ্থকসকল মহা প্লাবনৰ দৰে ৰাজপথলৈ ওলাই আহি উল্লাস প্ৰকাশ কৰে ৷ দেশবাসীৰ মাজত ব্যাপকভাৱে অপ্ৰিয় হৈ পৰা ৰাষ্ট্ৰপতি আব্দুল্লা য়ামিনৰ বাবে এই ফলাফল সম্পূৰ্ণভাৱে অপ্ৰত্যাশিত ৷

উল্লেখ্য যে সকলো বিৰোধী ৰাজনৈতিক কৰ্মকাণ্ডক নিষিদ্ধ কৰি আৰু প্ৰতিদ্বন্দ্বী ৰাজনৈতিক নেতাসকলক কাৰাবন্দী কৰি অথবা নিৰ্বাসিত কৰি সম্পূৰ্ণ ক্ষমতা কুক্ষিগত কৰি দ্বীপ ৰাষ্ট্ৰখনত এক শ্বাসৰুদ্ধকৰ বাতাৱৰণ সৃষ্টি কৰিছিল ৰাষ্ট্ৰপতি য়ামিনে ৷

মালদ্বীপৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত বিৰোধী প্ৰাৰ্থীৰ অবিশ্বাস্য জয়

ফলত দেওবাৰে অনুষ্ঠিত এই ৰাষ্ট্ৰপতি নিৰ্বাচন মালদ্বীপবাসীৰ বাবে হৈ পৰিছিল এক গণভোটৰ দৰেই ৷ নিৰ্বাচনৰ পূৰ্বে বিৰোধী প্ৰাৰ্থী আৰু বিৰোধী ৰাজনৈতিক দলবোৰে শাসক পক্ষই ব্যাপক ৰিগিং কৰিব বুলি আশংকা প্ৰকাশ কৰিছিল ৷

অৱশ্যে ৰাষ্ট্ৰপতি য়ামিনে নিৰ্বাচন অবাধ আৰু নিকা হ’ব বুলি ঘোষণা কৰিছিল ৷ লক্ষণীয় যে ইতিপূৰ্বেও কেইবাবাৰো নিৰ্বাচিত বিৰোধী প্ৰাৰ্থীয়ে ৰাষ্ট্ৰপতি নিৰ্বাচনত জয়লাভ কৰা সত্ত্বেও দেশখনৰ ন্যায়পালিকা আৰু সেনাবাহিনীৰ হস্তক্ষেপৰ ফলত ক্ষমতাত তিষ্ঠি থাকিব পৰা নাছিল ৷

মালদ্বীপৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত বিৰোধী প্ৰাৰ্থীৰ অবিশ্বাস্য জয়

ক্ষমতাচ্যুত কৰা হৈছিল ৰাষ্ট্ৰপতি মহম্মদ নাছিদকো ৷ তদুপৰি, প্ৰাক্তন ৰাষ্ট্ৰপতি আব্দুল গায়ুমকো কাৰাবন্দী কৰি ৰখা হৈছিল ৷ প্ৰাক্তন ৰাষ্ট্ৰপতি মহম্মদ নাছিদে এতিয়া শ্ৰীলংকাত নিৰ্বাসিত জীৱন কটাই আছে ৷

যোৱা ফেব্ৰুৱাৰী মাহত ক্ষমতাসীন ৰাষ্ট্ৰপতিয়ে বিৰোধী পক্ষৰ কণ্ঠ ৰোধ কৰিবলৈ জৰুৰী অৱস্থা জাৰি কৰাৰ লগতে কাৰাবন্দী বিৰোধী নেতৃবৰ্গক মুক্তিৰ বাবে দেশখনৰ সৰ্বোচ্চ ন্যায়ালয়ে দিয়া আদেশকো বাতিল কৰি দিছিল ৷

মালদ্বীপৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত বিৰোধী প্ৰাৰ্থীৰ অবিশ্বাস্য জয়

এই জৰুৰী অৱস্থাৰ শ্বাসৰুদ্ধকৰ অৱস্থাৰ মাজতো অনুষ্ঠিত নিৰ্বাচনত আব্দুল য়ামিনৰ পৰাজয় তাৎপৰ্যপূৰ্ণ ৷

তাতোকৈ লক্ষণীয় যে নিৰ্বাচনৰ মাত্ৰ এদিন পূৰ্বে নিশাৰ ভাগত বিজয়ী প্ৰাৰ্থী ছোলিৰ প্ৰধান নিৰ্বাচনী প্ৰচাৰ কাৰ্যালয়তো আৰক্ষীয়ে অভিযান চলাই ভোটাৰক সন্ত্ৰস্ত কৰাৰ চেষ্টা চলাইছিল ৷

তৎসত্ত্বেও মালদ্বীপবাসীয়ে ক্ষমতাসীন ৰাষ্ট্ৰপতিৰ বিৰুদ্ধেই ভোট দিয়ে ৷
 

Your Comments