বিশ্ব ঐতিহ্যক্ষেত্ৰ হ'ব শিৱসাগৰ!মুখ্যমন্ত্ৰী হিমন্তক ধন্যবাদ বিধায়ক অখিল গগৈৰ

A

নিউজ ডেস্ক:

ঐতিহ্য প্ৰসিদ্ধ শিৱসাগৰক লৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ ঘোষণা।শিৱসাগৰক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে গঢ়ি তোলাৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰাৰ কথা সংবাদ মাধ্যমক জনায় মুখ্যমন্ত্ৰীয়ে।শিৱসাগৰৰ ঐতিহ্য সংৰক্ষণৰ বাবে অধ্যয়নৰ প্ৰয়োজন আছে।চৰাইদেউক যি গোটে অধ্যয়ন কৰি বিশ্ব ঐতিহ্য ক্ষেত্ৰ কৰাৰ প্ৰচেষ্টা কৰিছে উক্ত গোটক শিৱসাগৰ অধ্যয়নৰো দায়িত্ব দিয়া হ’ব।ইয়াৰ বাবে প্ৰয়োজনীয় পুঁজি চৰকাৰে বহন কৰিব।
ইয়াৰ উপৰিও ঐতিহাসিক ৰংঘৰক সৌন্দৰ্য্যবর্ধন কৰি বিশ্ব পৰ্যটকৰ আকৰ্ষণ বিন্দু কৰাৰ বাবে ৰংঘৰ সমীপত থকা ৭৮বিঘা ভূমি চৰকাৰে অধিগ্ৰহণ কৰিব।ৰাইজক উপযুক্ত ক্ষতিপূৰণ দি ভূমিসমূহ অধিগ্ৰহণ কৰিব।তাৰ বাবে ২৫-৩০ কোটি টকাৰ ভূমি অধিগ্ৰহণ প্ৰকল্প এটা প্ৰস্তুত কৰা হৈছে।অধিগ্ৰহণ কৰা ভূমিত নিৰ্মাণ হ’ব মুকলি মঞ্চ।য’ত সকলোৱে আহি বিহু আখৰা কৰিব আৰু চূড়ান্ত প্ৰদৰ্শনী ৰংঘৰৰ পৰা চাব পাৰিব- শৰ্মাই কয়।অধিগ্ৰহণ কৰা ভূমিত নিৰ্মাণ হ’ব এটা গেষ্ট হাউচ। চাৰিওফালে থাকিব বিভিন্ন আকৰ্ষণৰ সামগ্ৰী, বিশেষকৈ শিশুৰ মনোৰঞ্জনৰ বাবে।এখন আদৰণি তোৰণ হ’ব।সমগ্ৰ কামৰ বাবে প্ৰয়োজনীয় হ’ব লগা ভূমি অধিগ্ৰহণৰ প্ৰাথমিক কাম আৰম্ভ হৈছে।লোকনিৰ্মাণ বিভাগে ৩-৪মাহৰ ভিতৰত এটা নেক্সাচ প্ৰদান কৰিব।চলিত বিত্তীয় বর্ষতে ইয়াৰ কাম আগবাঢ়িব-শৰ্মাই লগতে কয়।
ইফালে টাই আহোম যাদুঘৰ সংবৰ্ধনে অসমৰ বিভিন্ন ঠাইত সিঁচৰতি হৈ থকা ঐতিহাসিক সমলসমূহ উদ্ধাৰ কৰি সংৰক্ষণ কৰা হ’ব বুলিও তেওঁ কয়।
আনহাতে শিৱসাগৰত পানীযোগান সমস্যা সমাধানৰ বাবে অমৃত-২ আঁচনিত অন্তৰ্ভুক্ত কৰাৰ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে।
ৰংঘৰৰ সন্মুখত সংবাদ মাধ্যমক সম্বোধন কৰি শৰ্মাই কয়-শিৱসাগৰ মেডিকেল কলেজৰ কাম চলিত বিত্তীয় বৰ্ষতে আৰম্ভ কৰা হ’ব।চৰাইদেউ চিকিৎসা মহাবিদ্যালয় নিৰ্মাণৰ কাম খুব সুন্দৰকৈ আগবাঢ়িছে।২৫শতাংশ কাম সম্পূৰ্ন হোৱা চিকিৎসালয়খন অহা ২০২৪চনৰ পূৰ্বেই ৰাইজৰ বাবে উচৰ্গা কৰা হ’ব।
ইফালে মুখ্যমন্ত্ৰীয়ে শিৱসাগৰৰ উন্নয়নৰ বাবে দিয়া এই প্ৰতিশ্ৰুতিক  ধন্যবাদ জনাই সমষ্টিৰ বিধায়ক অখিল গগৈয়ে কয় যে ,“বিগত সময়চোৱাত তিনিবাৰ মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি যিসমূহ আঁচনি গ্ৰহণৰ আহ্বান জনাইছিলো সেই সমূহ কাৰ্যকৰী কৰাৰ ঘোষণা কৰিছে।”বিশেষকৈ বিশ্ব ঐতিহ্যক্ষেত্ৰ স্বীকৃতিৰ বাবে যিটো অধ্যয়ন গোট গঠন কৰিছে লগতে প্ৰয়োজনীয় পুঁজি অসম চৰকাৰে ব্যয় কৰা সিদ্ধান্তক ধন্যবাদ জনাইছে গগৈয়ে।।ৰংঘৰৰ লাইট এণ্ড ছাউণ্ড শ্ব' আৰু ৰংঘৰৰ যি প্ৰকল্প ঘোষণা কৰিছে তাৰ বাবেও ধন্যবাদ জনাইছে  গগৈয়ে ৷

Your Comments