কাঁন চলচ্চিত্ৰ মহোৎসৱৰ ৰেড কাৰ্পেট ৰহস্য উদঘাটন কৰি চৰকাৰৰ ৰোষত লুইত কুমাৰ বৰ্মন; জিএমচিয়ে অবৈধ গৃহনিৰ্মানৰ জাৰি কৰিলে জাননী

A

B

নিউজ ডেস্ক:
কাঁন চলচ্চিত্ৰ মহোৎসৱৰ ৰেড কাৰ্পেট প্ৰসংগত বিভিন্ন সময়ত সামাজিক মাধ্যমত ব্যাপক প্ৰতিক্ৰিয়া প্রকাশ কৰি প্ৰযোজক-ব্যৱসায়ী লুইত কুমাৰ বৰ্মন চৰকাৰৰ ৰোষত।গুৱাহাটী হাটীগাওঁ বনফুল নগৰত আৰ চি চি আৰু আসাম টাইপ গৃহ অবৈধ নিৰ্মাণ কৰাৰ অভিযোগ জি এম চি এইচৰ।শুকুৰবাৰে জিএমচিয়ে সাত দিনৰ ভিতৰত বৰ্মনক উত্তৰ দিয়াৰ সময় বান্ধি জাননী জাৰি কৰিছে।
ইফালে জিএমচিয়ে জাননী জাৰি কৰা প্ৰসংগত বৰ্মনে আজি সংবাদ মাধ্যমৰ সন্মুখত কয় “যদি অবৈধ তেন্তে ভাঙক মোৰ অট্টালিকা।গুৱাহাটীৰ কোনো অট্টালিকা সঠিক নীতি-নিয়মত নিৰ্মান কৰা হোৱা নাই।আনকি জনতা ভৱন আৰু উচ্চতম ন্যায়ালয়ো ১০০% নিয়ম মাফিক ভাবে নিৰ্মাণ হোৱা নাই ”বুলি এক বিস্ফোৰক অভিযোগ উত্থাপন কৰে।
প্ৰয়োজক বৰ্মনে কয়- “গোটেই গুৱাহাটীৰ অট্টালিকা সমূহ ভাঙি এখন পৰিকল্পিত চহৰ প্ৰস্তুত কৰক মোৰ আপত্তি নাই।মুখ্যমন্ত্ৰী বাসগৃহ, জনতা ভৱনকে আদি কৰি বিভিন্ন স্থানত নিৰ্মাণ কৰা গৃহ RTI কৰিব” বুলিও তেওঁ কয়।
উল্লেখ্য যে শেহতীয়া ভাৱে কাঁন চলচ্চিত্ৰ মহোৎসৱত ৰেড কাৰ্পেটত খোজ দিয়াৰ প্ৰসংগক লৈ সামাজিক মাধ্যমত সৰৱ হৈছিল বৰ্মন।অভিনেত্ৰী আইমি বৰুৱা ৰেড কাৰ্পেটত খোজ দিয়া প্ৰসংগত উন্মোচিত কৰি দিছিল প্ৰকৃত ৰহস্য।
ইফালে জাননী জাৰি কৰা প্ৰসংগত সামাজিক মাধ্যমত বৰ্মনে কয়- “ভালে হৈছে চবৰে মুখা খোল যাওঁক ৰেড কাৰ্পেটৰ দৰে।যিটো গুলি মাৰিব গৈ আছোঁ চৰকাৰৰ একো নহয় জি এম চিয়ে ক্ষমা খুজিব লাগিব মোক।”

Your Comments