
নিউজ ডেস্ক:
হোজাই জিলাৰ বান পৰিস্হিতি শাম কাটিছে যদিও স্বাভাবিক অৱস্হা এতিয়াও ঘূৰি অহা নাই ৷ কপিলীৰ জলপৃষ্ঠ বৰ্তমান নিয়ন্ত্ৰনাধীন । কিন্তু বিগত প্ৰায় ১৫ দিন ধৰি বানে জিলাখনত যি বিভিষীকা চলালে তাৰ পৰিপ্ৰেক্ষিতত বহু লোক বৰ্তমানেও আক্ৰান্ত হৈ আছে ৷ জানিব পৰা মতে এই বানত জিলাখনৰ ১লাখ ৭৯হাজাৰ লোক বানৰ দ্বাৰা প্ৰভাবিত হয় । জিলা খনৰ দুটা ৰাজহ চক্ৰৰ মুঠ ৯১ খন গাঁও পানীয়ে বিস্তৰ ক্ষতি কৰাৰ লগতে ৪৬৮৭ হেক্টৰ কৃষিভূমি, ৪৫ টা পথ আৰু ৮৯ টা বান্ধ ক্ষতিগ্ৰস্ত হয় ৷ ইয়াৰ মাজতে আজি জিলা খনত বানে ক্ষতিগ্রস্ত কৰা অঞ্চল সমূহৰ পৰিস্হিতিৰ বুজ ল’বলৈ কেন্দ্ৰীয় পৰ্যবেক্ষকৰ দল আহি উপস্হিত হয় ৷ দলটোৱে প্ৰথমে জিলা সদৰ শংকৰদেৱ নগৰত উপস্থিত হৈ উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত বিভিন্ন বিভাগৰ লগত এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। এই বৈঠকত হোজাইৰ বিধায়ক ৰামকৃষ্ণ ঘোষ উপস্থিত থাকি কপিলীৰ বানৰ পৰা জিলা খনক মুক্ত কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে বিশেষ ব্যৱস্থা লোৱাৰ আহ্বান জনায় ।এই দলটোত আছিল কৃষি বিভাগৰ জিন্টু দাস, জন শক্তি বিভাগৰ অজয় কুমাৰ সিং, গ্ৰামোন্নয়ন বিভাগৰ অমৰেন্দ্ৰ প্ৰতাপ সিং । দলটোৱে উপায়ুক্তৰ সভাকক্ষৰ বৈঠকৰ পিছত জিলা উপায়ুক্ত অনুপম চৌধুৰীক লগত লৈ বানে বিধ্বস্ত কৰা হোজাই ৰাজহ চক্ৰৰ অন্তৰ্গত ৰাইকাটা, ৰাজবাৰী, নভঙা, কেন্দুগুৰি, যোগিজান হৈ ডবকা ৰাজহ চক্ৰৰৰ অন্তৰ্গত যমুনামুখৰ বিভিন্ন অঞ্চলত পৰিদৰ্শন কৰিবলৈ যোৱা পৰিলক্ষিত হয়।আনহাতে, আকৌ উক্ত আলোচনা সন্দৰ্ভত বিধায়ক গৰাকীক সোধাত সাংবাদিকৰ আগত কয় যে, হোজাই জিলাখনত বানপানী হোৱা কাৰণ হ’ল কপিলী নৈ। কপিলীৰ বাঢ়নী পানীয়ে নৈ পৰীয়া অঞ্চলসমূহ প্লাবিত কৰে ৷ সেয়েহে এই বিষয়ে মই পৰ্যবেক্ষকৰ দলটোক অৱগত কৰিছো। লগতে উক্ত সন্দৰ্ভত মন্ত্রী পীযুছ হাজৰিকাকো অৱগত কৰাইছো। মন্ত্ৰী পীযুছ হাজৰিকাৰ লগত উক্ত বিষয়ৰ ওপৰত এক সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি জানিব দিয়ে। আনহাতে, উপায়ুক্তই জানিবলৈ দিয়ে যে, পৰ্য্যবেক্ষণৰ পিছত কেন্দ্রীয় দলে যি প্ৰতিবেদন দাখিল কৰিব সেই প্ৰতিবেদনৰ ওপৰতেই কেন্দ্রীয় চৰকাৰে জিলাখনত সাহাৰ্য প্ৰদান কৰিব ৷
- Log in to post comments
- 7 views