4জি সেৱা আগবঢ়োৱাৰ দাবীৰে গুৱাহাটীত বি এছ এন এলৰ কৰ্মচাৰীৰ প্ৰতিবাদ

A

নিউজ ডেস্ক:

বি এছ এন এলৰ সকলো ইউনিয়ন আৰু এছ'চিয়েচনৰ যৌথ সন্থাৰ নেতৃত্বত কৰ্মচাৰীসকলৰ দীর্ঘদিনীয়া দাবী পুৰণ নোহোৱাৰ প্রেক্ষাপটত শুক্ৰবাৰে পাণবজাৰস্থিত মুখ্য কাৰ্য্যালয়ত কৰ্মচাৰী সকলে প্ৰতিবাদ 
সাব্যস্ত কৰে।সপ্তম বেতন আয়োগৰ পৰামৰ্শাৱলীৰ আধাৰত সকলো কর্মচৰীৰে তৃতীয় বেতন সংশোধন বলবৎ কৰা, ৪জি সেৱা মুকলি আদিকে ধৰি কেইবাটাও দাবীত প্ৰতিবাদ সাব্যস্ত কৰে।প্ৰতিবাদী কাৰ্যসূচীত সন্থাৰ বিষয়বীয়াই কয়- ব্যক্তিগত টেলিকম কোম্পানী সমূহে ইতিমধ্যে ৪জি সেৱা প্ৰদান কৰিছে ,কিন্তু বিএচএনএলে বৰ্তমানলৈ আৰম্ভ কৰা নাই।
ইয়াৰ উপৰিও নিগমটোত কৰ্মৰত ভাৰতীয় দুৰসঞ্চাৰ সেৱা(ITS) উচ্চ বিষয়া, মুখ্য মহাপ্রবন্ধক, প্রবন্ধক আদি পদত নিযুক্তই তৃতীয় বেতন সংশোধন উপভোগ কৰি আহিছে।বিপৰীতে বাকী কৰ্মচাৰীসকলে ২০০৭ চনৰ পৰা কোনোধৰণৰ বেতন সংশোধন লাভ কৰা নাই।২০০০চনত দুৰসঞ্চাৰ বিভাগৰ পৰা নিগমীকৰণৰ জৰিয়তে বি. এছ. এন. এলৰ জন্ম হ’ল, তাৰ পিছৰ পৰা যিসকল লোকৰ নিগমটোত নিযুক্তি হৈছে তেওঁলোকৰ পেঞ্চন সুবিধাৰ পৰা বঞ্চিত।

দ্বিতীয় বেতন সংশোধন সমিতিৰ পৰামৰ্শ আছিল যে এইসকল কৰ্মচাৰীৰ বাবে এটা পেঞ্চন কোষ থাকিব, য'ত কৰ্মচাৰীসকলৰ মাহিলী বেচিক আৰু মূল্যবৃদ্ধি ভাত্তা ৩০শতাংশ নিগমে জমা দিব।কিন্তু দুর্ভাগ্যজনক ভাৱে ২০০৭ চনৰ এই পৰামৰ্শ কাৰ্য্যত আংশিকভাৱেহে বলবৎ হ'ল, য’ত নিগমে মাত্র ২ হেজাৰৰ পৰা ৩ হেজাৰ টকাহে এই নৱনিযুক্তসকলক অৱসৰৰ সময়ত পেঞ্চন হিচাবে দিব পাৰিব।সেয়েহে কৰ্মচাৰীসকলে ২০০৭ চনৰ পৰা ৩০শতাংশ হাৰত পেঞ্চন কোষত বকেয়া ধন জমা দিবলৈ দাবী জনায়।
ইয়াৰ উপৰিও কনিষ্ঠ দুৰসঞ্চাৰ বিষয়া, গাণনিক বিষয়াসকলৰ প্ৰাৰম্ভিক বেতন মান EI-E2 স্কেলৰ পৰিৱৰ্তে অন্যান্য ভাৰত চৰকাৰৰ সাৰ্বজনিক প্রতিষ্ঠানত বলবৎ হোৱা E2-E3 স্কেলত কৰিবলৈও যৌথ মঞ্চৰ উদ্যোগত দাবী জনায়।
আনহাতে স্বইচ্ছুক অৱসৰৰ দ্বাৰা প্ৰায় ৫০শতাংশ কৰ্মচাৰীক নিগমটোৰ পৰা বিদায় দিয়াৰ পিছত এইবাৰ উৰ্দ্ধতম কৰ্তৃপক্ষই অনুমোদিত পদৰ সংখ্যা হ্ৰাস কৰিছে।ফলত নিগমটো বিষয়া-কৰ্মচাৰীসকলৰ পদোন্নতিৰ পথ বন্ধ হোৱাৰ অতিক্ৰম হৈছে।সদ্যঘোষিত কনিষ্ঠ অভিযন্তাৰ পৰা কনিষ্ঠ দূৰসঞ্চাৰ বিষয়ালৈ হ'বলগীয়া পদোন্নতি বিভাগীয় পৰীক্ষাত অসম পৰিমণ্ডলৰ কোনো কৰ্মচাৰীয়ে অৱতীৰ্ণ হ'ব নোৱাৰিব। এনে হঠকাৰীতাৰ বিৰুদ্ধে বি. এছ. এন. এলৰ সংগ্ৰামী যৌথ মঞ্চই বিৰোধ সাব্যস্ত কৰে।

Your Comments